• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

তেওঁলোকে আশংকা কৰে যে বৰ্তমানৰ পৰিস্থিতিত E20 ইন্ধন ব্যৱহাৰ কৰিলে ইয়াৰ সংৰক্ষণ আৰু বাহনৰ কাৰ্য্যক্ষমতা দুয়োটাতে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 9:58 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে পেট্ৰ’লত ইথানল মিহলাইছে। কিন্তু আমি সেই তেল কিনিব নোৱাৰিম। এই কথাই জনাইছে ভূটানে। বৰ্তমান তেওঁলোকে ভাৰতৰ E20 পেট্ৰল কিনিবলৈ সন্মত নহয়। বৰঞ্চ নিয়মীয়া পেট্ৰ’ল উপলব্ধ হ’লে সেই ইন্ধন যোগান ধৰিবলৈ অনুৰোধ জনাইছে।

ভূটানৰ বাতৰি কাকত দ্য ভুটানিজৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় তেল বিপণন কোম্পানীয়ে ভূটানক E20 ইন্ধন যোগান ধৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু ভূটানৰ বাণিজ্য বিভাগে এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে। কাৰণ, তেওঁলোকে আশংকা কৰে যে বৰ্তমানৰ পৰিস্থিতিত E20 ইন্ধন ব্যৱহাৰ কৰিলে ইয়াৰ সংৰক্ষণ আৰু বাহনৰ কাৰ্য্যক্ষমতা দুয়োটাতে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Apply Now

ভূটানৰ অধিকাংশ ইন্ধন সংৰক্ষণ টেংক মাটিৰ তলত নিৰ্মাণ কৰা হয়। এই পুৰণি টেংকবোৰত পানী সোমোৱাৰ আশংকা থাকে। আৰু E20 পেট্ৰ’লৰ ডাঙৰ চিন্তাটো তাতেই নিহিত হৈ আছে। কাৰণ, ইথানলে বতাহৰ পৰা আৰ্দ্ৰতা সহজে শোষণ কৰে। ফলত টেংকত অলপ পানী সোমাই গ’লেও ই-২০ ইন্ধনৰ মানদণ্ড সোনকালে অৱনতি ঘটাৰ সম্ভাৱনা থাকে।

বিশেষজ্ঞসকলৰ মতে ইথানলত থকা হাইড্ৰক্সিল গ্ৰুপৰ বাবে ই অতি হাইগ্ৰ’স্কোপিক। অৰ্থাৎ পৰিৱেশৰ পৰা আৰ্দ্ৰতা সহজে আকৰ্ষণ কৰে। ফলত ইন্ধনৰ লগত পানী মিহলি কৰিলে সহজে পৃথক কৰিব নোৱাৰি। ইয়াৰ ফলত ইন্ধনৰ মান হ্ৰাস হোৱাই নহয়, ষ্টীলৰ টেংক আৰু পাইপলাইনত মামৰ ধৰাৰ আশংকাও বৃদ্ধি পায়। দীৰ্ঘকালীনভাৱে ইয়াৰ ফলত গাড়ীৰ ইঞ্জিন আৰু কৰ্যক্ষমতাত প্ৰভাৱ পৰিব পাৰে।

পাহাৰীয়া অঞ্চলত বাইক চলাবলৈ অলপ বেছি টৰ্কৰ প্ৰয়োজন হয়। থিয় ৰাস্তাত উঠিব লগা হয়। তেনে ক্ষেত্ৰত ইঞ্জিনৰ কাৰ্য্যক্ষমতা অতি গুৰুত্বপূৰ্ণ। ভূটানে আশংকা কৰিছে যে ই-২০ পেট্ৰ’লত গাড়ীৰ পিকআপ হ্ৰাস পাব।

তদুপৰি ভূটানৰ অধিকাংশ ইন্ধন ডিপো এনে অঞ্চলত আছে য’ত আৰ্দ্ৰতা অতি বেছি। ফলত টেংকিত ঘনীভূতকৰণ বা জলীয় বাষ্প জমা হোৱাত বাধা দিয়াটো কঠিন হৈ পৰে। এই কাৰণেই দেশৰ প্ৰশাসনে E20 ইন্ধন মজুত কৰাটো বিপদজনক বুলি বিবেচনা কৰে।

বৰ্তমান ভূটানে ভাৰতৰ পৰা উচ্চমানৰ এক্সপোৰ্ট গ্ৰেড পেট্ৰ’ল আৰু ডিজেল আমদানি কৰে। ভাৰতত নিয়মীয়া পেট্ৰ’ল পাম্পত বিক্ৰী হোৱা ইন্ধনতকৈ এই ইন্ধনৰ দাম বেছি। কিন্তু ভূটানৰ বাণিজ্য বিভাগে ভাৰতীয় কোম্পানী আই অ’ চি এল, বি পি চি এল আৰু এইচ পি চি এলৰ E20 যোগান ধৰাৰ প্ৰস্তাৱক স্পষ্টভাৱে নাকচ কৰিছে।

একে সময়তে ভূটানে ভাৰতীয় তেল কোম্পানীসমূহক অনুৰোধ জনাইছে যে যদি ভৱিষ্যতে ভাৰতত পেট্ৰ’লত ইথানল মিশ্ৰণৰ হাৰ আৰু বৃদ্ধি পায় বা দেশখন সম্পূৰ্ণ ইথানল ভিত্তিক ইন্ধনৰ দিশত আগবাঢ়ি যায় তেন্তে তেওঁলোকক আগতীয়াকৈ অৱগত কৰক।

ভাৰতত E20 পেট্ৰ’লক লৈ হোৱা বিতৰ্ক কাৰো অজ্ঞাত নহয়। ২০২৩ চনৰ আগতে নিৰ্মিত বহু পেট্ৰ’ল চালিত গাড়ীৰ মালিকে অভিযোগ কৰে যে ই-২০ৰ ব্যৱহাৰে মাইলেজ হ্ৰাস কৰিছে। ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পাইছে। ইঞ্জিনত অতিৰিক্ত চাপ পৰিছে। যদিও কেন্দ্ৰীয় চৰকাৰে দাবী কৰে যে মাইলেজত সামান্য প্ৰভাৱ পৰিলেও ইঞ্জিনৰ কাৰ্যক্ষমতা উন্নত হয়। কিন্তু কেন্দ্ৰীয় চৰকাৰে আদালতত দাবী কৰে যে তেওঁলোকে পেট্ৰ’লত ইথানল মিহলোৱাটো ‘পৰীক্ষা’ হিচাপে কৰি চাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd