বিদুৰভাই সংবাদ

ৰিমলী বৰকটকী

বিদুৰভাই-নামটো অসমবাসী অধিকাংশ লোকৰে বাবে অপৰিচিত নহয়। আজিৰ পৰা কেইটিমান বছৰ পূৰ্বে এই নামৰ ৱেব ছিৰিজ নিৰ্মাণ কৰি দৰ্শকৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে। সেই ছিৰিজৰ আলমতেই মূলতঃ হাস্যৰসধৰ্মী এই বিদুৰভাই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব অহা ১৯ জুলাই তাৰিখে। ছবিখন পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে। কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ। চিত্ৰনাট্য লিখিছে সুব্ৰত কাকতিয়েই।

   বিদুৰভাই ছবিখনৰ কাহিনীৰ আৰম্ভণি পূৰ্বৰ ছিৰিজৰ পিছৰ পৰা। লকডাউনৰ সময়ত আৰম্ভ হোৱা এই কাহিনী লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহে। আৰ্থিকভাৱে জুৰুলা চাৰি বন্ধু উজ্জ্বল,নীতু,বলিন আৰু দ্বীপে লগ লাগি যি বেঁ‌কা বাটেৰে অৰ্থ উপাৰ্জন কৰিছিলে,তাক লৈ কম-বেছি পৰিমাণে আটাইৰে মনত ভয় উপজে। লকডাউনৰ মাজত ৱাইন শ্বপত থেলা-হেঁ‌চাৰ মাজত অৰ্থৰ শক্তিৰে বলিয়ান চাৰিওৱে হৈ সুৰা কিনিবলৈ যোৱাৰ দৃশ্যৰে আৰম্ভণি। এই দৃশ্যটোৰেই আৰম্ভণিতেই কিছু কৌতূহল জগাবলৈ সক্ষম হৈছে। ভয় আৰু অপৰাধবোধক নেওচা দিব নোৱাৰা চাৰিও বন্ধুৱে কি কৰে আৰু তাৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে কি কি ঘটনাপ্ৰৱাহৰ মাজেৰে তেওঁলোক পাৰ হ’ব লগা হয় তাৰেই যাত্ৰা বিদুৰভাই। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনত হাস্যৰসৰ উপাদান আৰম্ভণিৰে পৰাই অফুৰন্তভাৱে আছে। নতুন পথেৰে উপাৰ্জনৰ বাট মুকলি কৰাৰ পিছত অহা বাধাবোৰ,জটিলতাবোৰৰ মাজতো কিদৰে এই হাস্যৰসক আগুৱাই নিয়া হৈছে সেইয়া এক প্ৰশংসনীয় বিষয়। চলচ্চিত্ৰ এখনত কোনো হেঁ‌চা প্ৰয়োগ নকৰাকৈ দৰ্শকক স্বতঃস্ফূৰ্তভাৱে প্ৰাণখুলি হাঁ‌হিবলৈ বাধ্য কৰিব পৰাতো এক কলা। বিদুৰভাইত এই কলাৰ সুন্দৰকৈ প্ৰয়োগ ঘটিছে। কাহিনী ছবিৰ আৰম্ভণিৰ পৰাই গতিশীল আৰু পৰৱৰ্তী অংশত কি হ’ব সেয়া চাবলৈ আগ্ৰহ জন্মাব পৰাবিধৰ। আন এক উল্লেখনীয় দিশ হৈছে সংলাপ। হাস্যৰসৰ মাজেৰে  এনে কিছু শক্তিশালী তথা বাস্তৱমুখী সংলাপৰ ব্যৱহাৰ কৰা হৈছে যে মানুহে সংলাপতো হাত তালি দিবলৈ বাধ্য হ’ব। সাধাৰণ শ্ৰেণীৰ মানুহৰ সংগ্ৰামৰ সকলো কথা,বেথাক ছবিখনত  দৰ্শোৱা হৈছে।যৌনকেন্দ্ৰিক অত্যাচাৰৰ বলি যে অকল নাৰীয়েই নহয়,পুৰুষো কেতিয়াবা হ’ব পাৰে,এনে এটি ষ্পৰ্শকাতৰ বিষয়কো অতি সংবেদনশীলতাৰে এক সমতুল্য হিচাপত ব্যংগৰ আৰু বেথাৰ সংমিশ্ৰণৰ মাজেৰে দেখুওৱা হৈছে। হাস্যৰসৰ লগতে দুখ-যন্ত্ৰণা,হাঁ‌হি,প্ৰেম,শিহৰণ,কৌতূহল,উত্তেজনা-এই প্ৰায় সকলোধৰণৰ আৱেগৰ  এখন সু-সংৰচিত চিত্ৰনাট্য আৰু পৰিচালনা বিদুৰভাইৰ এনে শক্তিশালী দিশবোৰৰ এক অন্যতম কাৰক।

   মধ্যাংশৰ পৰা উত্তেজনা আৰু কৌতূহল কিছু বৃদ্ধি পাবলৈ ধৰে। ছবিখনৰ সম্পূৰ্ণ সংগীত ব্যৱস্থাপনা কৰিছে প্ৰণয় দত্তই। যিটো বিদুৰভাইৰ আন এক শক্তিশালী দিশ। পৰিস্থিতি সাপেক্ষ আৱহ-সংগীত আৰু প্ৰয়োজনত কৰা শ্ৰুতিমধুৰ গীতৰ ব্যৱহাৰ প্ৰশংসনীয়। এইখিনিতেই উল্লেখনীয় এটি কথা যে-বিদুৰভাই ছবিখনত কোনো তাৰকা অভিনয় শিল্পী নাই। অধিকাংশই চুমকী কছাৰী আৰু নিতু খনিকৰ,উজ্জ্বল ৰাজখোৱা,পংকজ মহন্ত,বলিন বৰা,ত্ৰৈলোক্য বৰুৱাকে আদি কৰি কেইখনমান মুখহে অসমৰ ৰাইজৰ বাবে ভালদৰে চিনাকি মুখ। পিছে এইকেইজন অভিনয় শিল্পীয়ে যি অনবদ্য অভিনয় কৰিছে,তেওঁলোকৰ বাদে আন কোনো সেই চৰিত্ৰসমূহত খাপ খাব যেন বোধেই নহ’ল। তাৰকা শিল্পী  নোহোৱাকৈ ইমানখিনি মনোৰঞ্জনৰ খোৰাক যোগাব পৰা ছবি এখন নিৰ্মাণ কৰিবলৈ অসমত এতিয়াও সাহসৰ প্ৰয়োজন থাকিবলগীয়া সময়েই চলি আছে। অভিনয় যিহেতু আন এক শক্তিশালী দিশ বিদুৰভাইৰ,গতিকে ছবিখনৰ চৰিত্ৰ নিৰ্বাচনকৰ্তাকো শলাগিব লাগিব। আন এক ভাল লগা তথা ইয়াতো শক্তিশালী শব্দটোৰ ব্যৱহাৰ কৰিব লাগিব। সেইটো হৈছে ছবিখনৰ সম্পাদনাৰ দিশটো। পৰিচালক,চিত্ৰনাট্যকাৰ সুব্ৰত কাকতিৰ সুনিপুণ হাতৰ কাম সম্পাদনাৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ’ল। বিতুল দাসৰ চিনেমেট’গ্ৰাফীও সুন্দৰ হৈছে।

   অভিনয়ৰ ক্ষেত্ৰত পূৰ্বে উল্লেখ কৰাৰ দৰে নিতু খনিকৰ, চুমকী কছাৰী,পংকজ মহন্ত,বলিন বৰা,ত্ৰৈলোক্য বৰুৱা,উজ্জ্বল ৰাজখোৱা,শৰ্মিষ্ঠা দাসকে আদি কৰি সকলোৰে অভিনয় ইমানেই সহজ যে তেওঁলোকক আপোনাৰ ঘৰৰে কোনোবা এজন যেন অনুভৱ হ’ব। এই আটাইৰে মাজত উজ্জ্বল ৰাজখোৱাৰ অভিনয়ে অধিক মুগ্ধ কৰিলে। ছবিখনৰ আৰম্ভণিৰ দৰেই অন্তও প্ৰত্যশিত যেন লাগিও হঠাতে অপ্ৰত্যাশিত হৈ উঠাবিধৰ। মুঠতে এক কথাত ক’বলৈ গ’লে সম্পূৰ্ণ মনোৰঞ্জনৰ এটি পেৰা বিদুৰভাই। অৱশ্যে পূৰ্বৰ ছিৰিজটো চোৱাসকলৰ বাবে অধিক উপভোগ্য হ’ব ছবিখন।
-ৰিমলী বৰকটকী।
Mail- rimli.borkotoky1985@gmail.com