• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

নিৰাশ নকৰে লোকেল কুংফু-৩ য়ে

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
September 5, 2024 10:12 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকেল কুংফু নামটো অসমৰ প্ৰায়বোৰ দৰ্শক ৰাইজৰে বিদিত। এই ৫ ছেপ্তেম্বৰত মুক্তি লাভ কৰিছে লোকেল কুংফু-৩ য়ে। একচন-ক’মেডি(সমৰকলা আৰু হাস্যৰস)ধৰ্মী এই ছবিখনৰ পৰিচালনা কৰিছে কেনী দেউৰী বসুমতাৰীয়ে। কাহিনী,চিত্ৰনাট্যও লিখিছে কেনী দেউৰী বসুমতাৰীয়েই। ২০১৩ চনত আৰু ২০১৭ চনত ক্ৰমান্বয়ে মুক্তি লাভ কৰা লোকেল কুংফু-১ আৰু ২ ৰ পিছত এইবাৰ মুক্তি লভিলে লোকেল কুংফু-৩ য়ে। ছবিখন বৰ্তমানে অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণি হয় এটি ৱাইড এংগল শ্বটেৰে। এখন বিদ্যালয়ত তিনি কিশোৰ ছাত্ৰই লুকাই-চুৰকৈ ধূম্ৰপান কৰিবলৈ লওঁতেই শিক্ষকে ধৰা পেলাইহি। পৰৱৰ্তী অংশত সেই কিশোৰ কেইজনক শিক্ষকজনে বিশেষভাৱে পঢ়া-শুনাত চকু দিয়াত তিনিওৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। সময় বাগৰে,তিনি কিশোৰ ডাঙৰ হৈ নিজ জীৱিকা আৰ্জন কৰিবলৈ ধৰে। আৰু শিক্ষকজনেও জৰুৰী শিক্ষাৰ অভাৱত থকা ল’ৰা-ছোৱালীক নিজৰ মাটিতে ঘৰ এটি সাজি বিনামূলীয়াকৈ পঢ়োৱাই থাকে। কাহিনীয়ে গতি সলাই যেতিয়া সেই মাটিখিনি বেদখল কৰিবলৈ গুণ্ডাবাহিনী আহে। ছবিখনৰ কাহিনী আৰম্ভণিৰে পৰাই গতিশীল,ক’তো ৰৈ যাবলগীয়া বিধৰ নহয়। আৰু চিত্ৰনাট্যখনো সু-সংৰচিত। ছবিখনৰ মূল উপাদান কি সেয়া আৰম্ভণিৰে পৰাই সুস্পষ্ট। আৰম্ভণিৰ পৰাই মৃদু-মধুৰ হাস্যৰসৰ উপস্থাপন কৰা হৈছে। সমৰকলা বা একচনৰ দৃশ্যসমূহ আন এক ভাল লগা অংশ ছবিখনৰ। তিনি ছাত্ৰই কিদৰে শিক্ষকজনক তেওঁৰ মাটি টুকুৰা ঘূৰাই পোৱাত সহায় কৰে,তাক লৈয়েই ছবিখনৰ পৰৱৰ্তী অংশ আগবাঢ়ে। তাৰ মাজতে চাৰ্লি(কেনী)ৰ চৰিত্ৰটোৰ প্ৰবেশ ঘটে ছবিত। লগতে ৰিম্পী দাসৰো এটি সৰু চৰিত্ৰ আছে ছবিখনত। কেনী বসুমতাৰীৰ আন দুখনমান ছবিৰ দৰে এইখন ছবিতো নাৰীবাদ সম্পৰ্কে শক্তিশালী সংলাপ আছে। একেদৰেই লোকেল কুংফু-৩ ত আছে জাতীয়তাবাদী আৱেগৰ উপস্থাপনো। সুৰুয ডেকাৰ চিনেমেট’গ্ৰাফীৰ কাম ভাল লগা। লগতে কেনী বসুমতাৰীৰ সুন্দৰ সম্পাদনাৰ দিশটোও উল্লেখনীয়। ট’নী বসুমতাৰীৰ আৱহ সংগীতো পৰিস্থিতি সাপেক্ষ।

Apply Now

লোকেল কুংফু-৩ ৰ অভিনয়শিল্পীসকল প্ৰায়ভাগেই পূৰ্বৰ লোকেল কুংফুত অভিনয় কৰা শিল্পী। উৎকল হাজুৱাৰী,বিভাস সিনহা,বিভূতি ভূষণ হাজৰিকা,বনী দেউৰী,ট’নী দেউৰী,কেনী দেউৰী বসুমতাৰী,মন্টু দেউৰীৰ লগতে সকলোৰে অভিনয় সহজ তথা প্ৰাকৃতিক। বিশেষভাৱে উল্লেখ কৰিব লাগিব বিভূতি ভূষণ হাজৰিকাৰ সুন্দৰ অভিনয়ৰ কথা। লোকেল কুংফু-৩ অন্তও ভাললগা। মুঠতে হাস্যৰসধৰ্মী সমৰকলাৰ এই ছবিখন চাই আপুনি নিৰাশ নহয়।

-ৰিমলী বৰকটকী
mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd