NETA ৰ উপদেষ্টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিদ্যানন্দ বৰকাকতি

অসমৰ এগৰাকী আগশাৰীৰ চাহ উৎপাদক বিদ্যানন্দ বৰকাকতি নৰ্থ ইষ্টাৰ্ণ টি এছোচিয়েচন ((NETA)ৰ উপদেষ্টা পদত ২০২১-২০২৩ বৰ্ষৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

আজি গোলাঘাটস্থিত NETA ৰ কাৰ্যালয়ত অনুষ্ঠিত সংঘটনটোৰ সাধাৰণ সভাত বৰকাকতিক উপদেষ্টা পদৰ বাবে নিৰ্বাচিত কৰা হয়।

ইয়াকেলৈ একেৰাহে চাৰিবছৰৰ বাবে বিদ্যানন্দ বৰকাকতি NETA ৰ উপদেষ্টা হিচাবে নিৰ্বাচিত হ’ল।

চাহ উদ্যোগৰ ক্ষেত্ৰত বহু অভিজ্ঞতাৰ অধিকাৰী বৰকাকতি গোলাঘাটৰ মহালক্ষ্মী টি ইষ্টেট আৰু নন্দপুৰ টি ইষ্টেটৰ স্বত্বাধিকাৰসকলৰ মাজৰে এজন।

বৰকাকতি তিনিটা কাৰ্যকালৰ বাবে (২০০৯-২০১৫) NETA ৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছিল।

একেদৰে তেওঁ ২০০৩ চনৰ পৰা ২০০৯ চনলৈ সংগঠনটোৰ উপ-সভাপতিৰ পদ অলংকৃত কৰিছিল। তেওঁ টি বোৰ্ড ইণ্ডিয়াৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য ১৯৮১ চনত গঠিত NETA হৈছে চাহ উৎপাদকসকলৰ এক সংস্থা।

এই সংস্থাত অসম,নাগালেণ্ড আৰু অৰুণাচলপ্ৰদেশৰ ১৬৩ গৰাকী সদস্য আছে।

NETA ৰ অধ্যক্ষ সুনীল জালানে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বিদ্যানন্দ বৰকাকতি সংগঠনটোৰ উপদেষ্টা হিচাবে নিৰ্বাচিত হোৱাৰ কথা প্ৰকাশ কৰা হৈছে।