অভিনয় জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ বাবে সাজু হৈছে অমিতাভ বচ্চন; কিয়নো…

মগজুই কিবা এটা চিন্তা কৰে, আঙুলিয়ে অইন এটাৰহে ইংগিত দিয়ে

Amitabh-Bachchan-10

অমিতাভ বচ্চন। ফটো: টুইটাৰৰ সৌজন্যত

বলীউদৰ সৰ্বকালৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে ১৯৬৯ চনত “সাত হিন্দুস্তানী’ নামৰ ছবিখনেৰে বলীউদত ভুমুকি মাৰিছিল।

জীৱনৰ ৫০টা সোণালী বসন্ত হিন্দী চলচ্চিত্ৰ উদ্যোগত অতিক্ৰম কৰা মেগাষ্টাৰ গৰাকীয়ে এতিয়ালৈকে এখনৰ পাছত আনখন হিট ছবি উপহাৰ দি আহিছে।

বিগ বি অমিতাভে অৱশেষত অনুভৱ কৰিছে যে তেওঁ চলচ্চিত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবই লাগিব। অভিনেতাগৰাকীয়ে তেওঁৰ ব্যক্তিগত ব্লগত এইদৰে ব্যক্ত কৰিছে।

সম্প্ৰতি অমিতাভে অয়ন মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰ ছবিৰ শ্বুটিঙৰ বাবে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ সৈতে যোগ দিবলৈ মানালিলৈ যাত্ৰা কৰিছে।

নিজৰ অৱসৰৰ বিষয়ে ক’বলৈ গৈ অভিনেতাগৰাকীয়ে লিখিছে,’’বাটত লগ পোৱা আপোনালোক সকলোকে ধন্যবাদ জনাইছো… প্ৰায় ১২ ঘন্টা মেৰামতি চলি থকা ৰাস্তা তথা মসৃন পথৰে গাড়ীৰে যাত্ৰা কৰি… আন এক নতুন বাতাবৰণ আৰু আন এক কোঠা তথা ইয়াৰ সাজ-সজ্জাৰে সৈতে সহবাস…’’

লগতে তেওঁ লিখিছে, ‘’মই অৱসৰ ল’বই লাগিব.. মগজুৱে কিবা এটা চিন্তা কৰে আৰু আঙুলিয়ে অইন এটাৰহে ইংগিত দিয়ে…এইটো এটা বাৰ্তা…’’

অলপতে অমিতাভে “কৌন বনেগা ক্ৰৌৰ পতি’ৰ শ্বুটিং সমাপ্ত কৰে আৰু পুনৰ ব্ৰহ্মাস্ত্ৰৰ শ্বুটিং আৰম্ভ কৰে।

আগন্তুক বৰ্ষত বিগ বি’ৰ কেইবাখনো ছবি মুক্তিৰ বাবে অপেক্ষা কৰিছে। ইয়াৰ ভিতৰত আছে “জুনদ’, “য়াৰান্ধা’, “বাটাফ্লাই(কানাড়া)’, “এ বি আনি চি ডি(মাৰাঠী)’, “ব্ৰহ্মাস্ত্ৰ’, “চেহেৰা’ আৰু “গুলাবো ছিটাবো’।