NORTHEAST NOW (Assamese)

নিৰাপত্তা ভংগৰ পিছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত: সংসদৰ নিৰাপত্তাৰ দায়িত্বত দিল্লী আৰক্ষীৰ পৰিৱৰ্তে চি আই এছ এফ

December 21, 2023 3:10 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ১৩ ডিচেম্বৰত সংঘটিত সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাক লৈ এতিয়াও তোলপাৰ হৈ আছে দেশৰ ৰাজনীতি। এই বিষয়কে কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ পিছত সংসদৰ পৰা নিলম্বিত হৈছে বিৰোধীৰ ১৪৫ গৰাকীকৈ সাংসদ।

তাৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ পৰিৱৰ্তে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, চমুকৈ চি আই এছ এফক অৰ্পণ কৰা হৈছে। বুধবাৰে এক অধিসূচনা যোগে গৃহ মন্ত্ৰালয়ে এই কথা সদৰী কৰে।

ইতিমধ্যে ১৩ ডিচেম্বৰৰ সংসদ নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান অনিশ দয়াল সিঙৰ নেতৃত্বত গঠিত তদন্ত সমিতিয়ে বিশেষকৈ দৰ্শনাৰ্থীৰ পৰীক্ষণৰ সময়ত নিৰাপত্তাৰ প্ৰৱেশদ্বাৰত সুৰুঙা থকা বুলি নিশ্চিত কৰিছিল।

তদন্ত সমিতিৰ এই নিশ্চিতিৰ পিছতে লোকসভাৰ নিৰাপত্তাৰ দায়িত্ব চি আই এছ এফক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ নিৰাপত্তা প্ৰদান কৰা চি আই এছ এফে বৰ্তমান বিমানবন্দৰ আৰু পাৰমাণৱিক সুবিধাকে ধৰি এনে ৩৫০ টাতকৈও অধিক স্থানত পহৰা দিয়ে।

উল্লেখ্য যে, যোৱা ১৩ ডিচেম্বৰত দুজন লোকে দৰ্শনাৰ্থী গেলেৰীৰ পৰা সংসদৰ মজিয়ালৈ সোমাই হাতত কন্দুৱা গেছ লৈ সংসদৰ ভিতৰত ব্যাপক আতংকৰ সৃষ্টি কৰিছিল। প্ৰৱেশদ্বাৰত দিল্লী আৰক্ষীৰ পৰীক্ষাৰ পাছতো এই দ্ৰব্যসমূহ লৈ সংসদত প্ৰৱেশ কৰিছিল যুৱক দুজনে।

এনে আতংকময় পৰিস্থিতিৰ কেইঘণ্টামানৰ পাছতে চৰকাৰে সংসদ ভৱনত প্ৰৱেশৰ বাবে প্ৰট’কল কঠোৰ কৰাৰ কথা ঘোষণা কৰিছিল। লগতে দৰ্শনাৰ্থী আৰু অত্যন্ত প্ৰয়োজনীয় নোহোৱা কৰ্মচাৰীক সংসদৰ ভিতৰত প্ৰৱেশত বাধা আৰোপ কৰিছিল।

Related News