তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পানমুডীক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। বৃহস্পতিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে তেওঁক ৫০ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে।
২৮ জুনত বেল্লুৰ’ৰ আদালতে প্ৰমাণৰ অভাৱত পানমুডী আৰু তেওঁৰ পত্নীক দোষমুক্ত কৰিছিল। কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ ৰায় স্থগিত ৰাখে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বুধবাৰে গোচৰৰ বিচাৰৰ বাবে আহি পানমুডীক দোষী সাব্যস্ত কৰে।
বৃহস্পতিবাৰে আদালতে মন্ত্ৰীগৰাকীক কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। পানমুডীৰ লগতে তেওঁৰ পত্নীকো ৫০ লাখ টকা জৰিমনা বিহা হয়। সপত্নীক পানমুডীয়েও উচ্চ ন্যায়ালয়ত চিকিৎসা প্ৰতিবেদন দাখিল কৰি শাস্তি হ্ৰাস কৰিবলৈ অনুৰোধ জনায়।
লগতে পঢ়কঃ সংসদত আক্ৰমণৰ ঘটনা! গ্ৰেপ্তাৰ কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰ, উত্তৰ প্ৰদেশৰ নিবনুৱা যুৱক
উক্ত গোচৰটো বহুত পুৰণি বুলি উল্লেখ কৰি তেওঁলোকে শাস্তি হ্ৰাসৰ অনুৰোধ জনায়। ইয়াৰ বাহিৰেও মন্ত্ৰীগৰাকীৰ বয়স ৭৩ বছৰ। পত্নীৰ বয়সো ৬০ বছৰ। সেয়েহে বয়স আৰু শাৰীৰিক অৱস্থা বিবেচনা কৰি নূন্যতম শাস্তি দিয়া হৈছে।
এই গোচৰটো ২০০২ চনৰ। পানমুডী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল। সেই সময়ত এআইএডিএমকে ৰাজ্যত শাসনত আছিল। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দাবী কৰা মতে, মন্ত্ৰী হৈ থকাৰ সময়তে ১৯৯৬-২০০১ চনৰ ভিতৰত বিপুল বেনামী সম্পত্তি গঢ়িছিল। তেতিয়াৰ পৰাই তামিলনাডুৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে গোচৰ চলি আছিল। ১৯৮৯ চনত বিলুপুৰমৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল পানামুডী।
লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি ধনখৰক ভেঙুচালি! বিতৰ্কৰ মাজত ৰাহুলৰ ওপৰতে দোষ চাপিলে মমতাই?
যোৱা জুলাই মাহত পানমুডী আৰু তেওঁৰ পুত্ৰ গৌতম ছিগামণিক ইডিয়ে জেৰা কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে, ২০০৬-২০১১ চনৰ ভিতৰত খনি মন্ত্ৰী হৈ থকাৰ সময়ত পানমুডীয়ে তামিলনাডুৰ ‘ক্ষুদ্ৰ খনিজ ৰেহাই’ আইন উলংঘা কৰিছিল। কেৱল সেয়াই নহয়, সেই সময়ত তেওঁৰ বিৰুদ্ধে প্ৰায় ২ কোটি ৮৫ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰত ইডিয়ে পানমুডী আৰু তেওঁৰ পুত্ৰক জেৰা কৰিছিল।





