• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ: আইটি নিয়মৰ সালসলনিৰ জৰিয়তে এতিয়া চৰকাৰৰ নজৰত থাকিব এক্সৰ কমিউনিটী নটছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:24 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তথ্য প্ৰযুক্তি নিয়ম, ২০২১ ত প্ৰস্তাৱিত সংশোধনৰ অধীনত এতিয়াৰে পৰা সংবাদ আৰু সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে জড়িত তথ্যৰ ক্ষেত্ৰত কমিউনিটী নটছ আনুষ্ঠানিকভাৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ অনা হ‘ব। কমিউনিটী নটছ হৈছে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত থকা ব্যৱহাৰকাৰীৰ দ্বাৰা পৰিচালিত এটা ফেক্ট-চেক বা তথ্য পৰীক্ষা কৰা বিশেষ ব্যৱস্থা। এই নতুন নিয়মৰ জৰিয়তে চৰকাৰে চৰকাৰী দাবীসমূহ ভুল বুলি প্ৰমাণ কৰা বা শুধৰণি কৰা যিকোনো সামগ্ৰী বা নট আঁতৰাবলৈ দাবী কৰাৰ অধিকাৰ লাভ কৰিব।

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত জনাইছে যে যেতিয়াই কোনো কমিউনিটী নট সংবাদ, ৰাজনীতি বা ৰাজহুৱা নীতিৰ সৈতে জড়িত যেন লাগে, তেতিয়া ইয়াক নতুন নিয়মৰ অধীনত পৰীক্ষা কৰিব পৰা যাব। কোনো মন্ত্ৰীৰ দাবীক সঁচা বা মিছা বুলি কোৱা নটবোৰো এই শ্ৰেণীত পৰিব নেকি বুলি সোধাত বিষয়াজনে কয় যে সেয়া প্ৰতিটো গোচৰৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু তেনে হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। যোৱা ৩০ মাৰ্চত প্ৰকাশিত এই সংশোধনীৰ জৰিয়তে সাধাৰণ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা পোষ্টবোৰো তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ অনা হৈছে, যিটো আগতে কেৱল সংবাদ প্ৰকাশকসকলৰ মাজতে আৱদ্ধ আছিল।

Apply Now

উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতে এক্সত বিজেপি নেতা আৰু মন্ত্ৰীসকলে কৰা কেইবাটাও পোষ্টত কমিউনিটী নট দেখা গৈছিল। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পোষ্টো আছিল। উদাহৰণস্বৰূপে, যোৱা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ এক ভাষণৰ ভিডিঅ‘ৰ তলত এটা নট দিয়া হৈছিল, যিটো পিছত প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হয়। একেদৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা বক্তব্যৰ তলতো অসমৰ প্ৰসংগ টানি এটা নট দিয়া হৈছিল। অৱশ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এটা পোষ্টৰ তলত থকা নট এতিয়াও দেখিবলৈ পোৱা যায়।

নতুন নিয়ম অনুসৰি, যদি চৰকাৰে কোনো নট বেআইনী বুলি ঘোষণা কৰে, তেন্তে প্লেটফৰ্মটোক নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই নট আঁতৰাবলৈ বা ব্লক কৰিবলৈ নিৰ্দেশ দিয়া হ‘ব। ইয়াৰ লগে লগে জবাবদিহিতাৰ প্ৰশ্নও উত্থাপন হৈছে, কিয়নো কমিউনিটী নট কোনো এজন ব্যক্তিয়ে তৈয়াৰ নকৰে, বৰঞ্চ বহুতো ব্যৱহাৰকাৰীৰ মতামতৰ ভিত্তিত ই প্ৰস্তুত হয়। মন্ত্ৰালয়ৰ বিষয়াজনে কয় যে এইটো ন্যায়ালয়ত নিৰ্ধাৰণ কৰা হ‘ব, আৰু যদি এক্সৰ সম্পাদনা প্ৰক্ৰিয়াত কিবা ভূমিকা থাকে, তেন্তে তেওঁলোকো জবাবদিহি হ‘ব লাগিব।

এই প্ৰস্তাৱিত সালসলনিক লৈ উদ্যোগ আৰু নাগৰিক সমাজৰ গোটসমূহে বিৰোধিতা কৰিছে। নীতি বিশেষজ্ঞসকলৰ মতে, এই নিয়মৰ পৰিসৰ ইমানেই বহল যে ই ৱিকিপিডিয়া বা এক্সৰ দৰে মঞ্চৰ স্বাধীনতাত প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিব পাৰে, য‘ত ব্যৱহাৰকাৰীসকলে মিলি তথ্য পৰীক্ষা কৰে। যদিও তথ্য প্ৰযুক্তি সচিব এছ. কৃষ্ণনে এই পৰিৱৰ্তনসমূহক কেৱল সাধাৰণ আৰু স্পষ্টীকৰণমূলক বুলি কৈছে, বিশেষজ্ঞসকলে মন্ত্ৰালয়ক নিজৰ উদ্দেশ্য স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। এক্সত এই সুবিধাটো ২০২৪ চনৰ এপ্ৰিলত ভাৰতত সম্প্ৰসাৰণ কৰা হৈছিল। এই নিয়মসমূহৰ ওপৰত মতামত দিয়াৰ অন্তিম তাৰিখ ১৪ এপ্ৰিল আছিল যদিও হেঁচাৰ ফলত ইয়াৰ সময়সীমা আৰু দুসপ্তাহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে মেটাইও ভৱিষ্যতে নিজৰ প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামত এনে সুবিধা অনাৰ পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd