DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘প্ৰধানমন্ত্ৰী শুই আছে, এই দলত থাকিব নোৱাৰি’, মণিপুৰক লৈ ক্ষোভিত বিজেপিৰ শীৰ্ষ নেতাৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 8:40 am
771
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সমগ্ৰ দেশ উদ্বিগ্ন। দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ বিৰোধীয়ে প্ৰশ্ন কৰাৰ সমান্তৰালকৈ বিভিন্ন মহলতো তাক লৈ চৰ্চা হৈছে। এইবাৰ মণিপুৰ সমস্যাই বিজেপিৰ ভিতৰতো বিভাজনৰ সৃষ্টি কৰিছে। বিহাৰ বিজেপিৰ মুখপাত্ৰ বিনোদ শৰ্মাই বৃহস্পতিবাৰে দলৰ পৰা পদত্যাগ কৰে। তেওঁৰ মতে বিজেপিত এনেকৈ থকাটো সম্ভৱ নহয়।

মণিপুৰত প্ৰায় সহস্ৰাধিক লোকৰ সন্মুখত মণিপুৰৰ দুগৰাকী মহিলাক উলংগ অৱস্থাত খোজ কঢ়াই নিয়াৰ কথা তেওঁ জনায়। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত অপমানিত হৈছে। আৰু তাৰপিছতো মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্যত এনে শ শ ঘটনা সংঘটিত হৈছে। এয়া আচৰিত কথা।

লগতে পঢ়ক:ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ; ‘বাৱাল’ক লৈ অসন্তুষ্টি!

বিনোদ শৰ্মাই জনায়, মই বিজেপিৰ পৰা পদত্যাগ কৰিছো। অতি দুখৰ সৈতে এইটো কৰিবলগীয়া হৈছে । মণিপুৰৰ পৰিস্থিতি ভাৰতৰ বাবে অপমানজনক।

দৰাচলতে, মণিপুৰৰ ঘটনাৰ বাবেই আকৌ এবাৰ বিজেপিৰ অস্বস্তি বাঢ়িছে। দলৰ ভিতৰৰ বিভাজন বাঢ়ি গৈছে। জে পি নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি শৰ্মাই কয় যে এই ঘটনা আগতে ক’তো হোৱা নাই। মোডী এতিয়াও শুই আছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক আঁতৰোৱাৰ সাহস তেওঁৰ নাই।

তেওঁ কয় যে মই আলোচনা কৰিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু সেইবোৰ মানি লোৱা নহ’ল। তেতিয়াই বুজিলোঁ যে কোনেও কথা নুশুনিব। তেওঁলোকক এতিয়া ক্ষমতাই খেদি ফুৰিছে। আমাৰ কন্যা, দেশৰ নাগৰিকক লৈ তেওঁলোক একেবাৰেই চিন্তিত নহয়।

ইপিনে, জেডিইউ এই বিষয়টোকলৈ মুখ খুলিছে। এই ঘটনাক লৈ বিজেপিৰ এটা অংশও লজ্জিত বুলি দাবী কৰিছে৷ চৰকাৰৰ এই আচৰণত বিজেপিৰ একাংশয়ো লাজ পাইছে। জেডিইউয়ে বিনোদ শৰ্মাৰ এই বক্তব্যও তুলি ধৰিছে।

লগতে পঢ়ক:কাৰাবন্দীৰ পৰা গৃহবন্দী হৈ উভতিল আং ছান ছু কী

বিহাৰ বিজেপিৰ মুখপাত্ৰৰ দায়িত্বত থকা বিনোদ শৰ্মাই কৈছে, ‘’মণিপুৰৰ ৰাজপথত উলংগ কৰি খোজ কঢ়োৱা হৈছে মহিলাক। বিশ্বৰ আগত দেশৰ মূৰ অৱনত হৈছে। ইয়াৰ বাবে দায়ী বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ চাফাই দিছে। এনে নেতৃত্বৰ সৈতে কাম কৰিব নিবিচাৰো। দলৰ সকলো পদ আৰু দলৰ পৰা পদত্যাগ কৰিছো।‘’

Recent News

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd