বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ; শিলগুটি নিক্ষেপ, লাঠিৰে কোবাই ভাঙিলে গাড়ী

Nitish Kumar’s convoy attacked বিহাৰত ৰাজনৈতিক অৰিয়াঅৰি চলি থকাৰ মাজতে দেওবাৰে পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণৰ ঘটনা ঘটে। কনভয়ত শিলগুটি নিক্ষেপ কৰা হয়। বাতৰি অনুসৰি শিলগুটি নিক্ষেপৰ ফলত কেইবাখনো বাহনৰ আইনাৰ গ্লাছ ভাঙি গৈছে। অৱশ্যে সেই সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কনভয়ত নাছিল।

ঘটনাটো পাটনাৰ চোহগী অঞ্চলত সংঘটিত হয়। আৰক্ষীৰ জানিবলৈ দিয়া মতে শিলগুটি নিক্ষেপৰ এই ঘটনাত কিছুমান অচিনাক্ত লোক জড়িত আছিল। আৰক্ষীয়ে এই ঘটনাত ইতিমধ্যে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

লগতে  পঢ়ক: অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ

বাতৰি মতে, এজন সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোৰ বাসিন্দাসকলক ক্ষুব্ধ কৰি তুলিছিল। তেওঁলোকে পাটনা-গয়া মুখ্য পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল। সেই সময়তে কনভয়টো সেই পছৰ মাজেৰে প্ৰৱেশ কৰিছিল। তেতিয়াই উত্তেজিত জনতাৰ খং কনভয়ৰ ওপৰত পৰে।

একাংশই বাহনসমূহলৈ শিলগুটি, ইটাৰ টুকুৰা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। বহুতৰ হাতত ডাঙৰ লাঠিও আছিল। সেই লাঠিৰেও কনভয়ত আক্ৰমণ চলোৱা হয়।  প্ৰতিবাদস্থলীত মহিলাসকলো উপস্থিত আছিল।

লগতে  পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

উল্লেখ্য যে এই ঘটনাৰ এঘণ্টা পূৰ্বে আৰজেডি নেতা তেজস্বী যাদৱে কৈছিল যে নীতিশ কুমাৰ ২০২৪ চনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে যোগ্য। যদি বিৰোধীয়ে এইটো মানি  লয় তেন্তে তেওঁ এই পদৰ প্ৰাৰ্থী হ’ব পাৰে।

ইপিনে, ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বিষয়টোলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।