NORTHEAST NOW (Assamese)

বিহাৰ নিৰ্বাচনৰ পূৰ্বে কোভিড প’জিটিভ উপ-মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদী

October 22, 2020 4:16 pm · এন ই নাও নিউজ

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ উপ-মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বৃহস্পতিবাৰে উপ-মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদীয়ে নিজে টুইটাৰ যোগে তেওঁ ক’ভিভ প’জিটিভ হোৱা বুলি উল্লেখ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড প্ৰট’কল মানি চলাৰ বাবে আহ্বান জনায়।

আনহাতে, কোভিড আক্ৰান্ত সুশীল কুমাৰ মোদীক চিকিৎসাৰ বাবে বিহাৰৰ পাটনাত থকা এইমছত ভৰ্তি কৰোৱা হৈছে।

‘‘মোৰ স্বাস্থ্য বৰ্তমানলৈ সম্পুৰ্ণ স্বাভাৱিক হৈ আছে…..বিগত দুদিন ধৰি শৰীৰত কোনোধৰণৰ জ্বৰ বা তেনে লক্ষণে দেখা দিয়া নায়। হাওফাওৰ চিকিস্কেনৰ ৰিপোৰ্টো স্বাভাৱিক’’ সুশীল কুমাৰ মোদীয়ে টুইটাৰত এইদৰে উল্লেখ কৰে।

এইমছৰ চিকিৎসকেও বিহাৰৰ উপ-মুখ্য মন্ত্ৰী গৰাকীৰ স্বাস্থ্যক লৈ কোনোধৰণৰ চিন্তা কৰিবলগীয়া নাই বুলি কয়।

‘‘তেওঁৰ শৰীৰ স্বাভাৱিক…..বৰ্তমান তেওঁক সম্পুৰ্ণ পৰ্যবেক্ষণৰ মাজত ৰখা হৈছে,’’ এইমছৰ চিকিৎসক এগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰেও উপ-মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদীৰ আৰোগ্য কামনা কৰে।

Related News