NORTHEAST NOW (Assamese)

বিহাৰত ভোটাৰ তালিকাৰ নথি পৰীক্ষণত নতুন বিতৰ্ক: সীমান্ত অঞ্চলৰ আৰু ৩ লাখ ভোটাৰলৈ জাননী

August 29, 2025 3:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 29, 2025 3:59 pm

বিহাৰত ভোটাৰ তালিকাৰ নথি-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াত নতুন পাক। নিৰ্বাচন আয়োগে প্ৰায় ৩ লাখ ভোটাৰলৈ জাননী জাৰি কৰিছে, যিসকলে নথি-পত্ৰ নথকাৰ পিছতো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। এই জাননী পোৱাসকলৰ অধিকাংশই সীমান্ত অঞ্চলৰ বাসিন্দা, যেনে কিষাণগঞ্জ, পূৰ্ণিয়া, আৰৰিয়া, মধুবনী আৰু পশ্চিম চম্পাৰণৰ। এই অঞ্চলসমূহত অধিকাংশ বাসিন্দা সংখ্যালঘু সম্প্ৰদায়ৰ।

আয়োগৰ তথ্য অনুসৰি, SIR (Special Intensive Revision) প্ৰক্ৰিয়াৰ পিছত ৯৮.২ শতাংশ ভোটাৰে ফৰ্ম পূৰণ কৰি জমা দিছে। বাকী প্ৰায় ৬৫ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে। কিন্তু ফৰ্ম জমা দিয়া ৭ কোটি ২৪ লাখ ভোটাৰৰ নথি-পত্ৰ পৰীক্ষা  কৰাৰ সময়ত দেখা গৈছে যে বহুতৰ নথি-পত্ৰ অসম্পূৰ্ণ বা অবৈধ। কিছুমানে কোনো নথি দাখিল কৰা নাছিল। ফলত এইসকল ভোটাৰলৈ জাননী প্ৰেৰণ কৰা হৈছে, আৰু বৰ্তমান এই সংখ্যা ৩ লাখত উপনিত হৈছে। আয়োগৰ মতে, এই প্ৰক্ৰিয়া শেষ নোহোৱালৈকে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

জাননী পোৱা ভোটাৰসকলক অহা ৭ দিনৰ ভিতৰত বৈধ নথি-পত্ৰ লৈ সংশ্লিষ্ট কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে হাজিৰ নহয় বা সন্তোষজনক নথি দাখিল নকৰে, তেন্তে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হ’ব। ইয়াৰ ফলত আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোটদান কৰিব নোৱাৰিব।

SIR প্ৰক্ৰিয়াৰ পিছত বাদ পৰা ৬৫ লাখ ভোটাৰৰ ভিতৰত আয়োগৰ তথ্য অনুসৰি ২২ লাখ লোকৰ মৃত্যু হৈছে, ৩৬ লাখৰ ঠিকনা পোৱা নগ’ল আৰু ৭ লাখৰ নাম একাধিক ঠাইত আছিল। কিন্তু বিৰোধী দলসমূহে যুক্তি আগবঢ়াইছে যে আয়োগে প্ৰয়োজনীয় নথি-পত্ৰ নথকা বহু বৈধ বিহাৰবাসীকো প্ৰভাৱিত কৰিছে। তেওঁলোকে দাবী কৰিছে যে এই পদক্ষেপে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অধিক প্ৰভাৱ পেলাব পাৰে, যিহেতু জাননীসমূহৰ অধিকাংশ সীমান্ত অঞ্চললৈ গৈছে।

এই ঘটনাই বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিত নতুন আলোড়ন সৃষ্টি কৰিছে। বিৰোধীসকলে আয়োগক অভিযোগ কৰিছে যে এই প্ৰক্ৰিয়াই বৈধ ভোটাৰসকলক অসুবিধাত পেলাইছে, আৰু আগন্তুক নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ দাবী জনাইছে। আয়োগে কয় যে এই প্ৰক্ৰিয়াই ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। অধিক তথ্যৰ বাবে আয়োগৰ অফিচিয়েল ৱেবছাইট চাবলৈ অহ্বান জনাইছে।

Related News