• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তালিকাৰ শীৰ্ষত বিজেপি! ৯০ শতাংশ বিধায়ক কোটিপতি; অপৰাধমূলক গোচৰত অভিযুক্ত ১০২জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 11:39 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত বৃহৎ ব্যৱধানত জয়লাভ কৰিছে এন ডি এ-ই। ২০০ৰো অধিক আসন লাভ কৰি তেওঁলোকে বিৰোধী শিবিৰ বিধ্বস্ত কৰিছে। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত চৰ্চা চলি আছে। জানিব পৰা মতে বিহাৰৰ ২৪৩ গৰাকী নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৯০ শতাংশই কোটিপতি।

তথ্য অনুসৰি বিধানসভাত কোটিপতিৰ সংখ্যা পূৰ্বৰ তুলনাত ৯ শতাংশ বৃদ্ধি পাইছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ১০২জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। তালিকাৰ শীৰ্ষত বিজেপি।

Apply Now

শপতনামাৰ বিশ্লেষণত দেখা গৈছে যে ২১৮ জন বিধায়কৰ মুঠ সম্পত্তি এক কোটি টকাতকৈও অধিক। যোৱা বিধানসভাত এই সংখ্যা আছিল ১৯৪ (৮১ শতাংশ)। পূৰ্বৰ বিধানসভাৰ তুলনাত বিধায়কৰ গড় সম্পত্তি প্ৰায় দুগুণ বৃদ্ধি পাইছে।

এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছ এণ্ড ইলেকচন ৱাচৰ বিশ্লেষণ অনুসৰি ২০২০ চনত বিজয়ী প্ৰাৰ্থীসকলৰ গড় সম্পত্তি আছিল ৪.৩২ কোটি টকা। এইবাৰ সেয়া ৯.২ কোটি টকালৈ বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি, জেডিইউৰ ৮৫জন বিধায়কৰ ভিতৰত ৭৮জন কোটিপতি। বিজেপিৰ ৮৯জন বিধায়কৰ ভিতৰত ৭৭জন কোটিপতি। আৰজেডিৰ ২৫ জন বিধায়কৰ ভিতৰত ২৪ জন, এলজিপি (ৰাম বিলাস)ৰ ১৯ জন বিধায়কৰ ভিতৰত ১৬ জন আৰু হিন্দুস্তানী আৱাম মৰ্চা (ধৰ্মনিৰপেক্ষ)ৰ ৫ জন বিধায়কৰ ভিতৰত ৪ জন বিধায়কৰ সম্পত্তি ১ কোটি টকাৰ অধিক।

কংগ্ৰেছ (৬), এম আই এম (৫), ৰাষ্ট্ৰীয় লোক মৰ্চাৰ (৪) প্ৰতিজন বিধায়ক কোটিপতি। চিপিআইৰ একমাত্ৰ বিধায়ক তথা চিপিআইএমএলৰ দুজন বিজয়ী প্ৰাৰ্থীৰ ভিতৰতো এজন এই তালিকাত আছে।

এই নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ ধনী হৈছে মুংগেৰৰ পৰা নিৰ্বাচিত বিজেপিৰ মুংগেশ কুমাৰ। তেওঁৰ সম্পত্তি ১০৭ কোটিতকৈও অধিক। ইয়াৰ পিছতে আছে মকামাৰ পৰা জেডিইউৰ বিধায়ক অনন্ত সিং। তেওঁৰ মুঠ সম্পত্তি ১০০ কোটি টকা। তথ্য অনুসৰি বিহাৰৰ নৱনিৰ্বাচিত বিধায়কসকলৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২১৯৩ কোটি টকা।

এইবাৰ নিৰ্বাচিত হোৱা বিধায়কৰ ভিতৰত ১০২জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ আছে। ইয়াৰে ৬ জনৰ বিৰুদ্ধে আছে হত্যাৰ অভিযোগ। ১৯ জনৰ বিৰুদ্ধে আছে হত্যাৰ চেষ্টাৰ অভিযোগ। ৯ জনৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ আছে।

এই তালিকাৰ শীৰ্ষত আছে বিহাৰৰ পৰা ‘জংগলৰাজ’ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি। ইয়াৰ ৪৩জন বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে। ইয়াৰ পিছতে বিজেপিৰ মিত্ৰ দল জেডিইউ (২৩)। লালু প্ৰসাদ যাদৱৰ দল আৰজেডিৰ অভিযুক্ত বিধায়কৰ সংখ্যা ১৪ জন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd