NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ বাবে এইবাৰ পহিলা বহাগত নিজম পৰিল ৰংঘৰৰ বাকৰি 

April 14, 2020 4:30 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 14, 2020 4:37 pm
ৰংঘৰৰ বাকৰিত বিহু উদযাপন

স্বৰ্গদেউ ৰুদ্ৰসিংহই চোতালৰ পৰা বিহুক ৰংঘৰ বাকৰিলৈ আনিছিল। প্ৰতি বছৰে পহিলা বহাগৰ দিনা ঢোল পেপাঁৰ মাতত ৰজনজনই থাকে ৰংঘৰৰ বাকৰি।

অসমৰ বাপোতি সাহোন ৰঙালী বিহুত বিহু নৃত্য প্ৰদৰ্শনেৰে ৰংঘৰৰ বাকৰিত ৰঙৰ নিজৰা বোৱাই ৰংপুৰীয়া নাচনিয়ে। সেইদিনা কেৱল বিহু নৃত্য বা হুচৰিয়েই নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কলা সংস্কৃতি, পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনেৰে প্ৰাণ পাই উঠে ৰঙালী উৎসৱ।

এইবাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি নিমাত, নিতাল, নিস্তব্ধ।

বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীক ক’ৰ’নাই গ্ৰাস কৰিছে। যাৰ বাবে দেশত ল’কডাউন ঘোষণা কৰিবলগীয়া হৈছে।  ল’কডাউনৰ বাবে গৃহবন্দী হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণ।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হবলগীয়া মুকলি বিহুৰ সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰা হয়।

কেৱল মাত্ৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়াই সামাজিক দূৰত্ব মানি বিহুৱান উত্তোলন কৰি পহিলা বহাগৰ কাৰ্যসূচীৰ সামৰণি মাৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে সমগ্ৰ কাৰ্য্যসূচী বাতিল কৰিবলগীয়া হোৱাত স্বৰ্গদেউৰ ৰংঘৰৰ বাকৰি নিজ পৰে।

হেপাহৰ ৰঙালীক ৰংঘৰৰ বাকৰিত উদযাপন কৰিব নোৱাৰি ৰংপুৰীয়া ৰাইজে দুখ পাইছে যদিও জনসাধাৰণৰ মংগলৰ বাবে তেওঁলোকে এই ত্যাগ কৰিবলৈ সাজু আছে বুলি জনায়।

আনহাতে, উদযাপন সমিতিয়ে এইবাৰ সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে।

ঘৰতে বিহু নৃত্য, ঢোল-পেপাঁ বজোৱাৰ ভিডিঅ’ প্ৰস্তুত কৰি উদযাপন সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।

Related News