• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিহু মঞ্চসমূহলৈ এক আহ্বান

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
April 19, 2019 9:46 pm
BihuMancha

প্ৰতিনিধিত্বমূলক ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টুৱাৰ্ট হল (Stuart Mcphail Hall) নামৰ প্ৰখ্যাত মাৰ্ক্সবাদী সমাজ বিজ্ঞানী আৰু সাংস্কৃতিক তাত্ত্বিকজনে অস্তিত্বৰ প্ৰসংগত সংস্কৃতি বা সাংস্কৃতিক উপাদানসমূহে কেনেধৰণে ক্ৰিয়া কৰে সেই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ প্ৰসংগৰ অৱতাৰণা কৰিছে।

অসম বা উত্তৰ-পূবৰ নিচিনা যিবোৰ অঞ্চলত বিভিন্ন কাৰণৱশতঃ নৃ-গোষ্ঠীয় অস্তিত্বৰ ব্যাপক উত্থান ঘটিছে আৰু যিসমূহ উপাদান সাংস্কৃতিক পৰিৱেশ্য কলাৰ দ্বাৰা নিৰন্তৰে প্ৰতিফলিত হৈ আছে, তাত হলৰ বক্তব্য বা সূত্ৰসমূহৰ যথাৰ্থ প্ৰাসংগিকতা আছে বুলি ভাবিব পাৰি।

Apply Now

ভাষাৰ সন্দৰ্ভত ষ্টুৱাৰ্ট হলে কৈছে যে ক্ষমতা, প্ৰতিষ্ঠান, ৰাজনীতি আৰু অৰ্থনীতি -এই সীমাৰেখাৰ মাজতে ভাষাই ক্ৰিয়া কৰি থাকে। তেওঁৰ মতে সংস্কৃতি কেৱল প্ৰশংসা আৰু অধ্যয়ন কৰা বিষয়ে নহয়, ই হৈছে সামাজিক ক্ৰিয়া-কৰ্ম আৰু হস্তক্ষেপৰ এক জটিল ক্ষেত্ৰ, য’ত ক্ষমতাৰ সম্পৰ্কবোৰ প্ৰতিষ্ঠা হোৱাৰ লগতে অমীমাংসিত হৈ থকাৰ সম্ভাৱনা থাকে।

একেদৰে সাংস্কৃতিক অস্তিত্ব হৈছে এক দ্বান্দ্বিক জঁট য’ত ‘খিলঞ্জীয়াৰ শিপা’ আৰু ‘প্ৰব্ৰজিতৰ শিপা’ সাঙোৰ খাই থাকে। সাংস্কৃতিক অস্তিত্ব আৰু নৃ-গোষ্ঠীয় সত্তাৰ সম্পৰ্ক সহজ আৰু জীৱন্ত বুলি নকৈ হলে ইয়াক ঐতিহাসিক গতিধাৰাত ৰাজনৈতিকভাৱে নিৰ্মাণ কৰা হয় বুলি কৈছে। নৱ এই নৃগোষ্ঠীয় সত্তাক হলে আখ্যা দিছে এক কাল্পনিক পুনৰ আৱিষ্কাৰৰ প্ৰক্ৰিয়া বুলি ‘an act at imaginative rediscovery’।

উজনি অসমৰ কিছু সংখ্যক লোকৰ পাৰস্পৰিক নৃত্য-গীতক পঞ্চাশৰ দশকত মঞ্চত আনি উপস্থাপন কৰা তথা পৰৱৰ্তী সময়ত সেই নৃত্য-গীতক সমগ্ৰ অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতীকস্বৰূপ এক পৰিৱেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ অন্তৰালত এক গভীৰ ৰাজনৈতিক-সামাজিক তাৎপৰ্য আছে বুলি ভাবিব পাৰি। যিবোৰ ৰাজনৈতিক-সামাজিক পৰিঘটনাই মূলতঃ অসমীয়া মধ্যবিত্তসকলক সাংস্কৃতিক অস্তিত্বৰ ধাৰণৰ দ্বাৰা জাতীয় অস্তিত্বৰ ভেটি নিকপকপীয়া কৰিবলৈ প্ৰভাৱিত কৰিছিল, তাৰ সূত্ৰপাত ঘটিছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগৰ পৰাই। কেবিনেট মিশ্যন আৰু গ্ৰুপিঙৰ সময়ৰ পৰাই তাৰ আৰম্ভণি ঘটিছিল বুলি ক’ব পাৰি।

এটা ঐতিহাসিক উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছো। ১৯৪৬ চনৰ ২৪ মে’ত গুৱাহাটীত সমষ্টি গঠন বিৰোধ দিন পালন কৰা হৈছিল। বংগদেশৰ সৈতে ‘গ’ সমষ্টিত অসমক জাপি দি মন্ত্ৰী প্ৰতিনিধি দলে অসমৰ অনুকূলে শাসনতন্ত্ৰ ৰচনাত বাধা দিয়া বুলি অভিযোগ তুলি অসম ছাত্ৰ য়ুনিয়নৰ আহ্বানমৰ্মে গুৱাহাটীৰ কাৰ্জন হলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সভাখনৰ নিৰ্দিষ্ট বক্তা বিজয় চন্দ্ৰ ভাগৱতীয়ে অসমক বংগদেশৰ লগত ‘গ’ সমষ্টিত সাঙুৰি দিয়াৰ বিৰুদ্ধে সকলো কথা ফঁহিয়াই দেখুৱাইছিল। তেওঁ কৈছিল যে অসমৰ ভাষা, ঐতিহ্য আদি সকলো বংগদেশৰ পৰা পৃথক। বংগদেশৰ লগত অসমক জাপি দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে। ভাগৱতীয়ে পুনৰ কৈছিল যে মন্ত্ৰী প্ৰতিনিধিসকলৰ এই প্ৰস্তাৱৰ দ্বাৰা অসমৰ আত্মনিয়ন্ত্ৰণাধিকাৰ অস্বীকাৰ কৰা হৈছে।

তদানীন্তন দৈনিক বাতৰি কাকত ‘দৈনিক অসমীয়া’ৰ সম্পাদক দেৱকান্ত বৰুৱাই কেবিনেট মিশ্যনৰ প্ৰস্তাৱিত শাসনতন্ত্ৰ- বিশেষকৈ অসম আৰু বংগদেশক লৈ সমষ্টি শাসনতন্ত্ৰ গঠিত হ’লে যে অসমৰ অস্তিত্ব ঘোৰ বিপদগ্ৰস্ত হ’ব সেই সম্পৰ্কে সতৰ্ক কৰি দিছিল। তেওঁ কৈছিল যে কেবিনেট মিশ্যনৰ প্ৰস্তাৱত যদিও প্ৰাদেশিক স্বায়ত্ততাৰ কথা উল্লেখ আছে, তৎসত্ত্বেও অসমৰ প্ৰাকৃতিক সম্পদ ব্যবহৃত হ’ব বংগদেশৰ মানুহৰ কাৰণে। লগে লগে বংগদেশৰ বিপুল লোকৰ সংখ্যাৰ হেঁচাত অসমীয়াৰ অস্তিত্ব নৰবগৈ বুলি বৰুৱাই আশংকা প্ৰকাশ কৰিছিল।

সমজুৱাৰ মাজৰ পৰা মৌঃ মুহুবুদ্দিন আহমেদে দিয়া ভাষণ আছিল অতিকে তাপৰ্য্যপূৰ্ণ। তেওঁ কৈছিল- ‘অসমে আগতেই দুটা ‘পাকিস্তান’ পাইছে। এটা হৈছে বি এ ৰে’লৱে আৰু আনটো হৈছে ডাক তাঁৰ বিভাগটো। এই দুয়োটা বিভাগ অসম আৰু বংগৰ কাৰণে উমৈহতীয়া। কিন্তু দুয়োটাতে অসমীয়া মানুহ নাইয়েই।’

মিশ্যনৰ অন্যায় প্ৰস্তাৱৰ বিৰুদ্ধে তদানীন্তন প্ৰধান মন্ত্ৰী গোপীনাথ বৰদলৈয়ে কৈছিল- “অসম আজি গুৰুতৰ বিপদৰ সন্মুখীন। এই বিপদ হিন্দু, মুছলমান, ট্ৰাইবেল, খ্ৰীষ্টান সকলো অসমবাসীৰে। আমি স্বাধীন হ’বৰ যোগ্য নহয়– যদি দেশৰ এই সন্ধিক্ষণত সকলোৱে মুঠি বান্ধি এই দুৰ্য্যোগ খণ্ডাব নোৱাৰো”। (উৎস : অসম, প্ৰথম খণ্ড ১৯৪৫-১৯৫০, পৃষ্ঠা ৪৪-৪৬)

কেবিনেট মিশ্যন আৰু গ্ৰুপিঙৰ প্ৰস্তাৱৰ দ্বাৰা নৱগঠিত অসমীয়া ভাষিক জাতীয়তাবাদক যিদৰে সংকটৰ পিনে ঠেলি দিয়া হৈছিল সেই প্ৰক্ৰিয়াৰ কিন্তু তাতেই অন্ত পৰা নাছিল। কেবিনেট মিশ্যন বিৰোধী তীব্ৰ প্ৰতিৰোধপৰ্ব প্ৰদৰ্শন কৰাৰ পাছৰ সময়ছোৱাত অসমৰ মানুহে ক্ৰমাগতভাৱে মুখামুখি হ’ব ল’গা হৈছিল তীব্ৰ বংগীয় সাংস্কৃতিক-ৰাজনৈতিক আগ্ৰাসনৰ। গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন আদিত বিৰোধিতা, অসমৰ পৰা পৃথক কৰি নি গোৱালপাৰা আৰু বৰাক উপত্যকাক পশ্চিম বংগত চামিল কৰা, ৰাজ্যভাষা অসমীয়া কৰাৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন আদি অলেখ কামেৰে এহ× আগ্ৰাসনৰ প্ৰৱণতা দেখুওৱা হৈছিল।

তেনে এক সামাজিক-ৰাজনৈতিক পৰিৱশৰ মাজতে ১৯৫২ চনত গুৱাহাটীৰ লতাশিল পথাৰত প্ৰথমবাৰৰ বাবে মঞ্চবিহু উদযাপন কৰা হৈছিল। তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, অসমৰ জাতীয় জীৱনৰ কেইগৰাকীমান স্বনামধন্য লোক যেনে লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, প্ৰবীণ ফুকন, তিলক দাস, ডাঃ কনক চন্দ্ৰ বৰুৱা, মেজৰ কমলেশ্বৰ বৰুৱা, ড০ বিৰিঞ্চি কুমাৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা, ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞা, যুগল দাস, বেণুধৰ শৰ্মা, দুৰ্গা বেনাৰ্জী, আজাহাৰ আহমেদ, লক্ষ্যধৰ চৌধুৰী, নিপ বৰুৱা, ব্ৰজেন বৰুৱা আদিয়ে এই মঞ্চবিহু আৰম্ভণিৰ গুৰিবঠা ধৰিছিল।

গতিকে অসমীয়া ভাষিক-সাংস্কৃতিক প্ৰতিৰোধৰ এক প্ৰতীকস্বৰূপেহে বিহুমঞ্চবোৰ স্বৰাজোত্তৰ সময়ছোৱাত ঠন ধৰি উঠিছিল বুলি ক’ব পাৰি। মন কৰিব লগীয়া কথাটো হ’ল অসম আন্দোলনৰ পাছতহে নামনি অসমৰ সৰহভাগ এলেকালৈ মঞ্চ বিহুৰ সম্প্ৰসাৰণ ঘটিছিল আৰু বিহু উৎসৱৰ পৰিৱেশ্য ৰূপটো এনেবোৰ অঞ্চলত নাছিল বুলিয়েই ক’ব পাৰি।

গতিকে যি এক ভাষিক-সাংস্কৃতিক আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ অসমীয়া লোকৰ এক প্ৰতিৰোধ হিচাপে ‘সাংস্কৃতিক সত্তা নিৰ্মাণ আৰু প্ৰদৰ্শনৰ প্ৰতীক’ হিচাপত মঞ্চ বিহুৰ আৰম্ভণি ঘটিছিল তেনে এক পৰিৱেশেই যেন সম্প্ৰতি বিৰাজমান। যি সময়ত অসমৰ এক বৃহৎ সংখ্যক লোকে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বা ‘কেব’ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ আছে, ধাৰাবাহিক আন্দোলনত লিপ্ত হৈছে, সেই সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে ‘গ্ৰুপিঙ’ৰ লেখীয়াকৈ অসমীয়াৰ ওপৰত অন্য এক ‘আৰোপন’ কৰিবলৈ বিচাৰিছে। এই আইনখনৰ বলপূৰ্বক আৰোপনে অসমীয়া ভাষা-সংস্কৃতিক মৃত্যুৰ নিশ্চিত গৰাহলৈ ঠেলি দিব বুলি জনাৰ পিছতো অসমৰ বিহু মঞ্চবোৰে নিমাতে থাকিব নে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব?

অসমীয়াৰ এই সংকটৰ সময়ত অসমৰ হাজাৰ-বিজাৰ বিহু মঞ্চবোৰে জাতীয় জীৱনৰ এই দুৰ্য্যোগপূৰ্ণ পৰিস্থিতি আন্তৰিকভাৱে অনুভৱ কৰি এক প্ৰতিৰোধ প্ৰদৰ্শন কৰিব নে নিৰ্লিপ্ততাৰে কেৱল পৰিৱেশ্য কলাত নিমগ্ন হৈ থাকিব তাক আমি অসমবাসীয়ে সতৰ্কতাৰে লক্ষ্য কৰা উচিত।

(লেখকৰ e-mail : [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd