• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগ্ৰীজুলিত ৬৭ বছৰীয়া পৰম্পৰাৰে বিজয়া দশমীৰ দাচাই নৃত্যত প্ৰতিফলিত হ’ল আৰ্য্য-অনাৰ্য্যৰ যুঁজ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 9, 2019 10:44 am
737
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে মঙলবাৰে আনন্দ-উল্লাসৰ মাজেৰে বিজয়া দশমী উদযাপন কৰা হয়। অৱশ্যে আন ঠাইৰ তুলনাত বাক্সা জিলাৰ তামুলপুৰৰ ঐতিসাহিক নাগ্ৰীজুলি আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ আছে এক বিশেষ তাৎপৰ্য।

বিগত ৬৬  বছৰে আৰ্য আৰু অনাৰ্যৰ প্ৰাচীন যুজঁৰ কথা সোঁৱৰাই অহা নাগ্ৰীজুলি বিজয়া দশমী উৎসৱত মহীষাশূৰৰ বংশধৰ অসমৰ চাওঁতাল (চানতাল) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন কৰে পৰম্পৰাগত দাচাই নৃত্য।

দাচাই নৃত্যৰ প্ৰদৰ্শনৰ সময়ত নৃত্য দলৰ দেওধনী উঠা লোকৰ দ্বাৰা চানতাল সকলৰ ৰজা মহীষাশূৰক বধ কৰা দুৰ্গা দেৱীক আক্ৰমণ কৰিবলৈ লোৱা ৰোমাঞ্চকৰ দৃশ্য চাবলৈ স্থানীয় লোকৰ উপৰি প্ৰতি বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জাতি-ধৰ্ম নিৰ্বিশেষে সহস্ৰাধিক লোকৰ সমাগম ঘটে।

চানতাল সকলৰ জাতীয় সাজ পোচাক পৰিধান কৰি মূৰত ময়ূৰৰ পাখি গুজি লৈ কেবাটাও নৃত্য দলে সাত বাৰকৈ দুৰ্গামন্দিৰ চৌহদ পৰিভ্ৰমন কৰি পৰিবেশন কৰা অসমৰ ভিতৰতে বিৰল এই আকৰ্ষণীয় নৃত্য উপভোগ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পূজাথলীত ভিন্ন প্ৰান্তৰ পৰা অহা পোন্ধৰ সহস্ৰাধিক লোকৰ সমাগম হয়।

উল্লেখযোগ্য যে নৃত্যৰ প্ৰদৰ্শনৰ মাজতে নৃত্য দলটোৰ চাৰিওফালে দেওধানী উঠা একাধিক লোকে লাঠি জোকাৰি জোকাৰি দলটোৰ চাৰিও ফালে ঘুৰি ফুৰে আৰু ইয়াৰ মাজতে দেওধানী উঠা লোক কেইজনে হঠাৎ মহীষাশূৰক বধ কৰা দুৰ্গাক আক্ৰমণ কৰিবলৈ জপিয়াই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰে৷

তেওঁলোকক মন্দিৰৰ দ্বাৰত থকা ভক্তসকলে বাধা দিয়ে আৰু পিছত পূজাৰীয়ে মন্ত্ৰপুত, শান্তি জল-ফুল-তুলসী চতিয়াই শান্ত কৰে।

দেওধানী উঠা লোককেইজনক নৃত্য দলৰ গুৰুৱে বিশেষভাৱে নিৰ্মিত চাবুকৰে কোবাই কোবাই ধৰাশায়ী কৰা শিহৰণকাৰী দৃশ্যই নৃত্য উপভোগ কৰিবলৈ অহা সমবেত ৰাইজক ৰোমাঞ্চিত কৰি তোলে।

তামাক-তুণ্ডা-কৰতালৰ ধ্বনিৰ তালে তালে নচা দাচাই নৃত্যৰ অন্তত ঢাক-ঢোল, শংখ-ঘন্টা বজাই ভক্তসকলে দুর্গাৰ  জয়ধ্বনি দি প্ৰতিমা বিসৰ্জন দিয়াৰ লগে লগে নাগ্ৰীজুলি আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সামৰণি পৰে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd