DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 11:45 am
Bike-borne miscreant
117
VIEWS
Share on FacebookShare on Twitter

সাৰথি এখন দ্ৰুতবেগী কে.টি.এম বাইক। বাইকখনৰ গতিৰ ভৰসাতে কৰি আহিছিল ইটোৰ পিছত সিটো ডকাইতি। পথৰ কাষেৰে গৈ থকা যাত্ৰীৰ পৰা কাঢ়ি নিছিল আ-অলংকাৰসহ মূল্যবান সম্পদ। এনেদৰে মুঠ ৬৫ টা ডকাইতি কৰাৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ।

এই কে.টি.এম বাইক আৰোহী ডকাইত গৰাকী ধৰা পৰিছে উত্তৰ প্ৰদেশত। মঙলবাৰে ৩৯ নং ছেক্টৰত নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নজাকত নামৰ দুষ্কৃতিকাৰীজনক। দিল্লী-এনচিআৰ এলেকাত এনকাউণ্টাৰৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নজাকতক।

প্ৰকাশিত খবৰ অনুসৰি চোৰাংচোৱা দলে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে তালাচী আৰম্ভ কৰিছিল। তালাচীৰ সময়ত নজাকতক দেখা পোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰে।

এনে পৰিস্থিতিৰ পৰা ৰক্ষা পৰাৰ আশাত নজাকতে আৰক্ষীৰ ওপৰত প্ৰথমে গুলীচালনা কৰে আৰু আত্মৰক্ষাৰ্থে আৰক্ষীয়ে গুলীচালনা আৰম্ভ কৰে বুলি সদৰী কৰিছে এগৰাকী আৰক্ষী বিষয়াই। আৰক্ষীৰ গুলীচালনাত আহত নজাকতক আটক কৰি আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়।

ঘটনা সন্দৰ্ভত নয়ডাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই দিয়া ভাষ্য মতে দীৰ্ঘদিন ধৰি আৰক্ষীয়ে নজাকতক ধৰিবলৈ চেষ্টা চলাই আছিল। দিল্লী-এনচিআৰৰ অন্যতম আতংকস্বৰূপ দুষ্কৃতিকাৰী নজাকতক গ্ৰেপ্তাৰ কৰাৰ বাবে ডকাইতিৰ গোচৰ হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।

আৰক্ষীয়ে ধৃত নজাকতৰ পৰা ডকাইতিত ব্যৱহৃত কে.টি.এম বাইকখনৰ লগতে অবৈধ পিষ্টল আৰু মোবাইল ফোন জব্দ কৰে। নজাকতৰ বিৰুদ্ধে ডকাইতি, চিলনী চুৰিৰ ৬৫ টাতকৈও অধিক গোচৰ পঞ্জীয়ন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd