আজি চামগুৰি আৰক্ষীৰ জালত পৰিল বাইকসহ দুগৰাকীকৈ গভাইত বাইক চোৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চামগুৰি আৰক্ষীয়ে অভিযান চলাই আজি পুৱা প্ৰায় ৩ বজাত বাইক চুৰিৰ অপৰাধত চামগুৰিৰ শিয়ালখাটিৰ পৰা ছিৰাজুল ইছলাম আৰু মিছা বাগানৰ পৰা জুনাচ চুৰেনক আটক কৰে।
আৰক্ষীয়ে জনোৱা মতে ধৃত জুনাচে কিছুদিন পূৰ্বে নগাঁৱৰ মিছাত নিশা অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা এখন গ্লেমাৰ বাইক চোৰ কৰি বিক্ৰীৰ কৰিবৰ বাবে শিয়ালখাটিৰ ছিৰাজুল ইছলামৰ ঘৰত লুকুৱাই ৰাখিছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছিৰাজুল ইছলামৰ ঘৰত অতৰ্কিতে অভিযান চলাই এ এছ-০২ পি-১০২২ নম্বৰৰ গ্লেমাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে চোৰ দুজনকো আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, চুৰিকাণ্ডৰ সন্দৰ্ভত মিছা আৰক্ষী থানাত বাইকখনৰ গৰাকীজনে ৪৯/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰাইছিল। ইফালে ধৃত চোৰদুজনক জেৰাৰ অন্তত মিছা আৰক্ষীয়ে আদলতত হাজিৰ কৰাৰ দিহা কৰিছে।