NORTHEAST NOW (Assamese)

হোজাইত বাইক-ট্রাকৰ সংঘৰ্ষত এজন নিহত

August 1, 2019 10:43 am · নিখিল মুন্দ্ৰা
প্ৰতিনিধিত্বমূলক ফটো

বুধবাৰে আৱেলি হোজাই জিলাৰ জুৰাপুখুৰীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত লোকজনক ৰঞ্জন দাস বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কালি আৱেলি প্ৰায় ৪.৫০ বজাত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপখত ৰঞ্জন দাসৰ এ এছ-০২-কে-৩৪৭৯ নম্বৰৰ বাইকখনে এ এছ-০১-এম-৪৯০১ নম্বৰৰ ট্ৰাকখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত বাইক আৰোহী দাসৰ থিতাতে মৃত্যু হয়। ৩০ বছৰীয়া ৰঞ্জন দাস হোজাই আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্ভ নাভাঙ্গৰ বাসিন্দা।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে শংকৰদেৱ নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ট্ৰাকখনক নিজৰ জিম্মাত লয়।

 

Related News