• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিলকিছ বানোৰ শুনানিৰ পৰা আঁতৰি আহিল ন্যায়াধীশ বেলা এম ত্ৰিবেদী: আজি নহ’ল শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 10:27 pm
Bilkis Bano
126
VIEWS
Share on FacebookShare on Twitter

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ১১ গৰাকী অপৰাধীৰ মুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত বিলকিছ বানোৱে দাখিল কৰা আবেদনৰ শুনানি আজি বাতিল হয়।

বিলকিছ বানোৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলগীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে নিজকে বিচাৰপীঠৰ পৰা আঁতৰাই ৰখাৰ বাবে আজি শুনানি স্থগিত ৰাখিবলগীয়া হয়।

ন্যায়াধীশ অজয় ৰাস্তোগীৰ এজনীয়া বিচাৰপীঠৰ সন্মুখত এই আবেদন তালিকাভুক্ত কৰা হৈছিল। বিলকিছ বানোৱে দুখন পৃথক আবেদন যোগে গুজৰাট চৰকাৰে ১৫ আগষ্টত দোষীক ক্ষমাদান কৰি মুকলি কৰি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল।

“আকৌ এবাৰ ন্যায়ৰ দুৱাৰত টুকুৰিয়াই লোৱাৰ সিদ্ধান্ত গ্ৰহণ মোৰ বাবে সহজ নাছিল। মোৰ সমগ্ৰ পৰিয়াল আৰু মোৰ জীৱন ধ্বংস কৰা মানুহবোৰ মুকলি হোৱাৰ পিছত বহুদিনলৈকে মই কেৱল অবাক হৈ পৰিছিলো।”- আবেদন দাখিল কৰাৰ সময়ত বানোৱে সাংবাদিকৰ আগত এই মন্তব্য কৰিছিল।

উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী। তদুপৰি বানোৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৯ জন সদস্যক হত্যা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

২০০৮ চনত আদালতে বিলকিছ বানো ধৰ্ষণ তথা হত্যাৰ এই গোচৰত ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও ১৫ আগষ্টত গুজৰাট চৰকাৰে আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিছিল।

যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে পূৰ্বৰ ৰেমিছন নীতিৰ আধাৰত দোষীক মুকলি কৰি দিয়াৰ পিছত দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশেষকৈ ধৰ্ষণকাৰী অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এক হিন্দুত্ববাদী সংগঠনে নায়কৰ দৰে আদৰণি জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰেমিছন নীতিৰ অধীনত গুজৰাট চৰকাৰে ১১ গৰাকী দোষীক মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰয়ো এই মুক্তিৰ গতি দ্ৰুত কৰি দুসপ্তাহৰ ভিতৰতে দোষীৰ মুক্তিৰ পথ মুকলি কৰি তুলিছিল। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকীও মহিলা কৰ্মী।

এতিয়া বিলকিছ বানোৱে নিজেই দোষীৰ এই মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে। এই আবেদনত বানোৱে দোষীৰ মুক্তিৰ ক্ষেত্ৰত গুজৰাটৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰইহে সিদ্ধান্ত ল’ব লাগে বুলি উল্লেখ কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd