DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দোষীৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল খোদ বিলকিছ বানো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 3:50 pm
Bilkis Bano
218
VIEWS
Share on FacebookShare on Twitter

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ১১ গৰাকী অপৰাধীৰ মুক্তিক প্ৰত্যাহ্বান জনাই এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে খোদ বিলকিছ বানো।

যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে পূৰ্বৰ ৰেমিছন নীতিৰ আধাৰত দোষীক মুকলি কৰি দিয়াৰ পিছত দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশেষকৈ ধৰ্ষণকাৰী অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এক হিন্দুত্ববাদী সংগঠনে নায়কৰ দৰে আদৰণি জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰেমিছন নীতিৰ অধীনত গুজৰাট চৰকাৰে ১১ গৰাকী দোষীক মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰয়ো এই মুক্তিৰ গতি দ্ৰুত কৰি দুসপ্তাহৰ ভিতৰতে দোষীৰ মুক্তিৰ পথ মুকলি কৰি তুলিছিল। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকীও মহিলা কৰ্মী।

এতিয়া বিলকিছ বানোৱে নিজেই দোষীৰ এই মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে। এই আবেদনত বানোৱে দোষীৰ মুক্তিৰ ক্ষেত্ৰত গুজৰাটৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰইহে সিদ্ধান্ত ল’ব লাগে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী। তদুপৰি বানোৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৯ জন সদস্যক হত্যা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

২০০৮ চনত আদালতে বিলকিছ বানো ধৰ্ষণ তথা হত্যাৰ এই গোচৰত ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও ১৫ আগষ্টত গুজৰাট চৰকাৰে আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিছিল।

গুজৰাট চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে চিপিআই(এম)ৰ পলিটব্যুৰো সদস্য সুভাষিনী আলী, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰা আৰু মহিলা অধিকাৰ কৰ্মীসকলে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰমনাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ২৫ আগষ্টত এই আবেদনৰ শুনানি গ্ৰহণ কৰি দোষীৰ মুক্তি সন্দৰ্ভত গুজৰাট চৰকাৰলৈ জাননী জাৰি কৰিছিল।

স্মৰ্তব্য যে কাইলৈৰ পৰা দুটা পৰ্যায়ৰ গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে সময়তে এতিয়া বানোৱে নিজেই গুজৰাট চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd