• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিলকিচ য়াকুব ৰচুলৰ বিবৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 8:23 pm
Bilkis Bano
1.3k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিলকিচ বানুক ২০০২ চনত দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ ১৪ গৰাকী সদস্যক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ১১ জনক কৰা ক্ষমাদান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে বাতিল কৰে। এই সন্দৰ্ভত বিলকিচ বানুৱে প্ৰকাশ কৰিছে এক বিবৃতি। বিলকিচ বানুৰ হৈ এই বিবৃতি প্ৰচাৰ কৰিছে অধিবক্তা শোভা গুপ্তাই। তলত বানুৰ বিবৃতিটো হুবহু তুলি ধৰা হৈছেঃ

আজিৰ দিনটো সঁচা অৰ্থত মোৰ বাবে হৈছে নতুন বছৰ। মই সকাহৰ চকুপানী টুকিছো। যোৱা ডেৰবছৰৰ ভিতৰত মই এয়া প্ৰথম হাঁহিছো, মোৰ ল’ৰা-ছোৱালীকেইটিক সাবটি ধৰিছো। এনে লাগিছে যেন পৰ্বতৰ সমান শিল এটা মোৰ বুকুৰপৰা খহি পৰিছে, আৰু মই পুনৰ উশাহ ল’ব পাৰিছো। ন্যায়ৰ অনুভৱ এনেকুৱাই হয়। মোক, মোৰ ল’ৰা-ছোৱালীকেইটিক আৰু প্ৰতিখন ঠাইৰে মহিলাসকলক এই আশ্বাস দিয়াৰ বাবে মই ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ক ধন্যবাদ দিছো আৰু লগতে সকলোৰে বাবে সমান ন্যায়ৰ প্ৰতিশ্ৰুতিৰ প্ৰতি আস্থা ৰাখিছো।

মই আগতেও কৈছো, আৰু আজিও কওঁ, মোৰ দৰে এনে যাত্ৰা অকলে কৰাটো কেতিয়াও সম্ভৱ নহয়। মই মোৰ স্বামী আৰু ল’ৰা-ছোৱালীকেইটিক সহযাত্ৰী হিচাবে পালো। মোৰ বন্ধুসকলক পালো, যিসকলে এই ঘৃণা ভৰা সময়ত মোক ইমান মৰম দিলে, আৰু প্ৰতিটো কঠিন মূহুৰ্তত মোৰ হাত ধৰি মোৰ কাষত থাকিল। এগৰাকী অসাধাৰণ অধিবক্তা, শোভা গুপ্তাক মই পালো, যিয়ে ২০ বছৰে অটল হৈ মোৰে সৈতে খোজ দিলে, আৰু মোক কোনোদিনে ন্যায়ৰ ধাৰণাৰ ওপৰত আস্থা হেৰুৱাবলৈ নিদিলে।

ডেৰ বছৰৰ আগত, ২০২২ চনৰ ১৫ আগষ্টত, যেতিয়া মোৰ পৰিয়ালক ধ্বংস কৰা আৰু মোৰ অস্তিত্বক আতঙ্কিত কৰাবোৰক আগতীয়া মুক্তি প্ৰদান কৰা হৈছিল, তেতিয়া মই মাথোঁ ভাগি পৰিছিলো। এনে লাগিছিল যেন মোৰ সাহসৰ জমাপুঁজি নিঃশেষ হৈ গৈছিল। তেতিয়াই এক কোটি সমৰ্থন মোলৈ আহিল। ভাৰতৰ হাজাৰ হাজাৰ সাধাৰণ জনগণ তথা মহিলা আগবাঢ়ি আহিল। তেওঁলোকে মোৰ সৈতে ঠিয় দিলে, মোৰ হৈ কথা ক’লে, আৰু উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন (PIL) দাখিল কৰিলে।

আন সকলো ঠাইৰপৰা ৬০০০ লোক, আৰু মুম্বাইৰপৰা ৮৫০০ লোকে আপীল কৰিলে; ১০,০০০ লোকে এখন মুকলি চিঠি লিখিলে, কৰ্ণাটকৰ ২৯খন জিলাৰ ৪০,০০০ লোকেও একেদৰেই কৰিলে। আপোনালোক প্ৰতিগৰাকীয়ে মোলৈ আগবঢ়োৱা মূল্যবান সমৰ্থন আৰু শক্তিৰ বাবে মোৰ কৃতজ্ঞতা যাচিছোঁ। আপোনালোকে মোক কেৱল মোৰ বাবেই নহয়, ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ বাবে ন্যায়ৰ ধাৰণাক ৰক্ষা কৰাৰ অৰ্থে সংগ্ৰাম কৰিবলৈ ইচ্ছাশক্তি প্ৰদান কৰিলে। আপোনালোকক ধন্যবাদ জনাওঁ।

যদিও মই এই ৰায়ৰ সম্পূৰ্ণ অৰ্থ মোৰ নিজৰ আৰু ল’ৰা-ছোৱালীকেইটিৰ জীৱনৰ বাবে নিবিষ্ট কৰিছোঁ, আজি মোৰ হৃদয়ৰপৰা নিৰ্গত হোৱা ‘দোৱা’ হৈছে সৰল — আইনৰ সকলোৰে উৰ্ধত হওক আৰু আইনৰ দৃষ্টিত সকলো সমান হওক।

Recent News

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd