Farm Law : সংসদত গৃহীত কৃষি আইন বাতিল বিধেয়ক ২০২১

Bill to repeal farm laws passed in Lok Sabha

Farm Law : সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা আজি লোকসভাই আলোচনা অবিহনে কৃষি আইন বাতিল বিধেয়ক ২০২১ গৃহীত কৰে।

১৯ নৱেম্বৰত আচম্বিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিলৰ দাবীত কৃষক আন্দোলনৰ প্ৰায় এবছৰ পূৰ্ণ হোৱাৰ মুহূৰ্ততে তিনিখন কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিছিল।

সেই অনুসৰি কেবিনেটে কৃষি আইন বাতিল বিধেয়ক ২০২১ সংসদত উত্থাপনৰ অনুমতি দিছিল।

ইতিমধ্যে প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ পিছতে প্ৰতিবাদী কৃষক সকলে কৃষি আইন সংসদত বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি ঘোষণা কৰিছিল।

অৱশ্যে কৃষক নেতাসকলে চৰকাৰক MSP কে ধৰি কৃষক সকলৰ অন্য দাবীৰ ওপৰত চৰ্চা কৰিবলৈ দাবী জনাইছে।

উল্লেখ্য যে দেশৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশ আৰু পঞ্জাৱত অহা বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যদুখনত কৃষকসকল এক প্ৰভাৱশালী ভোটিং ব্লক । সেয়েহে এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিল কৰিছে বুলি বিৰোধী দলসমূহে আক্ৰমণ কৰিছে।

ইফালে সংসদত কৃষি আইন বাতিল সন্দৰ্ভত চৰকাৰে কোনো আলোচনাৰ অনুমতি নিদিয়াৰ বাবে চৰকাৰক সমালোচনা কৰে বিৰোধী দলসমূহে।

Also read : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি আহিছে; অজিত কুমাৰ ভূঞা