• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি আহিছে; অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 29, 2021 2:39 pm
243
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সংবাদমেলত ভূঞাই কয় যে খোজে প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি ।

৬ মাহত হিমন্ত বিশ্বৰ চৰকাৰে কেতবোৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব কৰি সাংসদ ভূঞাই চৰকাৰ খনক ঠগবাজৰ চৰকাৰ আখ্যা দিয়ে।

চৰকাৰখনৰ হনিমুন পিৰিয়ড শেষ হৈছে বুলি উল্লেখ কৰি ভূঞাই কয়— ‘এতিয়া আমি কামৰ খতিয়ান লোৱাৰ সময় হ’ল’।

চৰকাৰখন বৰ্তমান প্ৰতিশ্ৰুতি আৰু প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে।APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা কাৰ্যকো সমালোচনা কৰে সাংসদ গৰাকীয়ে।

এই প্ৰসংগত সাংসদগৰাকীয়ে কয়—’চৰকাৰে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি দিছে, এয়া গৰিহণাৰ যোগ্য।ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই অহা উচিত’।

জনজাতিৰ বেল্ট ব্লকৰ ভূমিৰ অকৰ্তৃত্বশীল ভাৱে হস্তান্তৰৰ সিন্ধান্ত চৰকাৰে লৈছে।ইয়াৰ দ্বাৰা ভূমিপুত্ৰ সকলৰ থকা ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে বুলিও ভূঞাই কয়।

ভূঞাই কয়—’মিট্টালৰ দৰে বনিয়াৰ স্বাৰ্থ এইবোৰ সিদ্ধান্ত চৰকাৰে লৈছে।গো সুৰক্ষা আইনে গ্ৰাম্য অৰ্থনীতি একেবাৰে তচনচ কৰিব।

মুখ্যমন্ত্ৰীয়ে নাগপুৰ আৰু দিল্লীৰ প্ৰভূসকলৰ সন্তুষ্ট কৰিবলৈ এটাৰ পাছত এটাকৈ জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গৈছে।
অসমৰ চাৰিওফালে বিশ্ববিদ্যালয়ৰ ঘোষণা কৰি আছে চৰকাৰে।কিন্তু যিকেইখন পূৰ্বৰ পৰায়ে আছে সেইকেইখন বিশ্ববিদ্যালয়ৰে আন্তঃগাঁঠনি অতি বেয়া।এই বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁঠনি সৱল নকৰাকৈ নতুন বিশ্ববিদ্যালয় ঘোষণা কৰাটো শুভ লক্ষণ নহয়’।

চৰকাৰৰে বিভিন্ন ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ্য ভূঞাই কয় যে উৎপাদনশীলতাৰ বিপৰীতে কেৱল হিতাধিকাৰীৰ সৃষ্টিৰ বাবে অসমৰ ৰাইজক ঋণৰ বোজা জাপি দিছে।

ৰাজ্যৰ বাবে ঋণ লোৱা চৰকাৰ খনে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ আঁচনি লৈছে ।ৰাইজক মূৰ্খ বুলি নাভাবি, বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক চৰকাৰক—সাংসদ ভূঞাই কয়।

কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজিত কুমাৰ ভূঞাই কয়—’ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমীয়া-বঙালীৰ মাজত এই বিভেদ সৃষ্টি কৰা হৈছে’।

বৰাকৰ কথা বাদ দিয়ক গুৱাহাটীতে অসমীয়া ভাষাত বেনাৰ-হৰ্ডিং নিলিখে।অসম সাহিত্য সভাই ভাষা ক্ষাৰ ক্ষেত্ৰত কি কৰিছে বুলিও প্ৰশ্ন কৰে সাংসদ অজিত কুমাৰ ভূঞাই।
ভূঞাই কয় যে কেৱল ভাষা ৰক্ষাৰ নামত অনুষ্ঠান পাতি থাকিলেই নহ’ব।

অহা লোকপিয়লত ভাষাক লৈ এটা ষড়যন্ত্ৰ আৰম্ভ হ’ব বুলি আশংকা ব্যক্ত কৰি ভূঞাই লগতে মন্তব্য কৰে যে ভাষাক লৈ ৰাজনীতি সদায় চলিয়ে আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd