অসমৰ ৰাইজক ফিল্মফেয়াৰ এৱাৰ্ড বৰ্জনৰ আহ্বান বীৰ লাচিত সেনাৰ
যদি কা’ বাতিল কৰা নহয় তেন্তে অসমৰ সমূহ ৰাইজক ফিল্ম ফেয়াৰ এৱাৰ্ড বৰ্জনৰ বাবে আহ্বান জনাইছে বীৰ লাচিত সেনাই। শনিবাৰে শিৱসাগৰত অনুষ্ঠিত এক সংবাদমেলত এই আহ্বান জনাই লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাই।
‘যিখন চৰকাৰে বানপানীৰ সময়ত বানপিড়িতক সাহায্য দিব নোৱাৰি ৰাইজৰ পৰা দান বৰঙণি বিচাৰিব লগীয়া হয়, তেনে চৰকাৰে কোটি কোটি টকা খৰচ কৰি ফিল্ম ফেয়াৰ পতাতো কিমান যুক্তিসংগত?’ তেওঁ প্ৰশ্ন কৰে।
অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত ৬৫ তম ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা।
সংবাদমেলত সংগঠনটোৱে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক তীব্ৰ সমালোচনা কৰি অসমীয়া জাতীক অপমান কৰা শইকীয়াৰ বিৰুদ্ধে গোটেই অসমতে গোচৰ দিবলৈ আহ্বান জনায়। ইতিমধ্য লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
আনহাতে মাঘ বিহুৰ সময়ত বিভিন্ন স্থানত ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতাৰ নামত বাহিৰৰ ৰাজ্যৰ পৰা কাৰিকৰ আনি অসমীয়া কৃষ্টি সংস্কৃতি বিপদাপন্ন কৰা হৈছে বুলি উল্লেখ কৰি এনে কাৰ্য্যৰ বিৰত থাকিবলৈ আহ্বান জনাইছে লাচিত সেনাই। সংগঠনটোৱে মেজিৰ জুইত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিবলৈ ৰাইজক আহ্বান জনায়।