DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মিজোৰাম

বাংলাদেশ সীমাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ লক্ষ্য-সময় পুনৰ বঢ়াব পাৰে কেন্দ্ৰীয় চৰকাৰে

ভাৰতৰ আৱাসিক অঞ্চল ৰৈ গৈছে কাঁইটীয়া তাঁৰৰ বেৰাৰ বাহিৰত; গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 7:02 pm
Indo-Bangla Border fence

প্ৰতিনিধিত্বমূলক ছবি।

511
VIEWS
Share on FacebookShare on Twitter

 

ভাৰত-বাংলাদেশৰ সীমাৰ মিজোৰাম অংশত কাঁইটীয়া তাঁৰ দিয়াৰ কাম সম্পূৰ্ণকৈ কৰিবলৈ স্থিৰ কৰি লোৱা সময়সীমা পুনৰ বৃদ্ধি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে।

নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা নথকাত আজি সংশ্লিষ্ট বিষয়াসকলে সময় বৃদ্ধিৰ ইংগিত দিয়ে।

বাংলাদেশৰ সৈতে মিজোৰামৰ ৩১৮ কিলোমিটাৰ উন্মুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে, যাৰ ভিতৰত ২৩৩ কিলোমিটাৰত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কথা।

ৰাজ্যখনৰ গৃহ বিভাগৰ বিষয়াকেইজনে কয় যে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম ২০০৫ চনতে আৰম্ভ হৈছিল আৰু প্ৰথমে ২০১৩ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই সময়সীমা পূৰ্বে এবাৰ বৃদ্ধি কৰি এই বছৰৰ মাৰ্চ নতুন লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছিল।

“কিন্তু বিভিন্ন কাৰণত এই কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম কৰি থকা এজেন্সি দুটাই বৰ্ধিত লক্ষ্যৰ ভিতৰতো কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে”, বিষয়াসকলে কয়।

সূত্ৰটোৰ দাবী, কেন্দ্ৰই এই সময় বৃদ্ধি কৰাৰ কথা ভাবি আছে।

মিজোৰাম-বাংলাদেশ সীমাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম Engineering Projects India Limited (EPIL) আৰু National Projects Construction Corporation Limited (NPCC)-ই কৰি আছে।

ইয়াৰে NPCC-এ ১৫০ কিলোমিটাৰত আৰু ৮৩ কিলোমিটাৰ EPIL-এ কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ ঠিকা লৈছিল।

জানিব পৰামতে, EPIL-এ তেওঁলোকৰ ভাগৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰিছে। কিন্তু আনটো এজেন্সিয়ে প্ৰায় ৫০ শতাংশ কামহে সম্পূৰ্ণ কৰিছে।

আন এটা সূত্ৰৰ মতে, দক্ষিণ মিজোৰামত পৰা কিছু আৱাসস্থল কাঁইটীয়া তাঁৰৰ বেৰাৰ বাহিৰত ৰৈ গৈছে।

এই বিষয়টোক লৈ আৱাসীসকলে যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। গোচৰটোৰ ৰায় এতিয়াও অপেক্ষাৰত।

Recent News

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd