NORTHEAST NOW (Assamese)

দিল্লীত নাটকীয় দৃশ্যপট : নাগৰিকত্ব বিধেয়কে সলনি কৰি দিব পাৰে উত্তৰ-পূবৰ ৰাজনৈতিক সমীকৰণ

February 11, 2019 6:53 pm · নৰ্থ-ইষ্ট নাও নিউজ
Updated: February 11, 2019 7:05 pm

নাগৰিকত্ব বিধেয়কক লৈ দিল্লীত আজি নাটকীয় দৃশ্যপটৰ অৱতাৰণা হোৱা দেখা গৈছে। নাগৰিকত্ব বিধেয়কে উত্তৰ-পূবৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিয়াৰ এটা সম্ভাৱনাই মূৰ দাঙি উঠা দেখা গৈছে আজিৰ অগ্ৰগতিৰ পৰা।

বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ দিল্লীত গৈ থকা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বিধেয়ক বাতিল নহ’লে বিজেপিৰে মিত্ৰতা ছেদ কৰাৰ হুংকাৰ দিয়াৰ পিছতে আজি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিং অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এখন বৈঠকত মিলিত হয়।

কিন্তু এই বৈঠকৰ অন্তত বীৰেন সিং, পেমা খাণ্ডুক সংবাদ মাধ্যমৰ পৰা তৎপৰতাৰে আঁতৰাই লৈ যোৱা দেখা গ’ল কিৰেন ৰিজিজুক। একেই পথ ল’লে পিছে পিছে যোৱা পেমা খাণ্ডুৱেও।

ইপিনে জানিব পৰামতে, বিধেয়কখন বাতিলৰ দাবীত আঁকোৰগোঁজ হৈ থকা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা উপস্থিত নাছিল বৈঠকত।

তাৰ বিপৰীতে ৰিজিজুৰ বৈঠকৰ কিছু সময়ৰ পূৰ্বে কনৰাড চাংমাই বিধেয়কখনৰ বিৰোধিতা কৰি অলপতে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা অগপৰ প্ৰতিনিধিসকলৰ সৈতেহে দিল্লীত বৈঠকত বহিছিল।

আনপিনে চাংমাৰ মিত্ৰতা ছেদৰ হুংকাৰে মণিপুৰ ৰাজনৈতিক সমীকৰণত আউল লগাব পাৰে বা ইয়াৰ বৰ্তমানৰ স্থিতাৱস্থাত সালসলনি আনিব পাৰে বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকে। কাৰণ কনৰাড চাংমাৰ দল এন পি পি মণিপুৰত বিজেপিৰ চৰকাৰৰ অংশীদাৰ।

অৱশ্যে নিৰ্বাচনৰ পিছতে ৮জনকৈ বিজয়ী কংগ্ৰেছী বিধায়কে দলত্যাগ কৰি বিজেপিত যোগ দিয়াত ৰাজ্যখনত নিৰাপদ হৈ আছে বিজেপিৰ চৰকাৰ। ৬০খন আসনযুক্ত ৰাজ্যখনত এতিয়া বিজেপিৰ বিধায়ক আছে ৩১জন।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা উত্তৰ-পূবৰ ৰাজনীতিয়ে দিল্লীত কি গঢ় লয় সেয়া দুই-এদিনতে স্পষ্ট হ’ব পাৰে।

সংসদৰ বিশেষ অধিৱেশন আৰু দুদিন বাকী থকা অৱস্থাত ৰাজ্যসভাত এতিয়াও বিতৰ্কিত বিধেয়কখন উত্থাপিত হোৱা নাই।

Related News