NORTHEAST NOW (Assamese)

‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱাৰ আজি ওপজা দিন ,কলিয়াবৰত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন

December 29, 2021 4:52 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

আধুনিক কবিতাক নতুন মাত্ৰা প্ৰদান কৰা বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ আজি ওপজা দিন। এখুদ ককাইদেউৰ ওপজা দিনত কবিতাৰে মুখৰিত হ’ল কলিয়াবৰৰ মহকুমা পুথিভঁড়াল প্ৰাংগণ ।

কলিয়াবৰ প্ৰেছ ক্লাব, কলিয়াবৰ মহকুমা পুথিভঁড়াল আৰু ‘উন্মীলন- এখন নতুন পৃথিৱী’ নামৰ সাহিত্য অনুষ্ঠানটোৰ উদ্যোগত কবি গৰাকীৰ জন্মদিনত উদযাপিত হ’ল “কবিতাৰে এদিন” শীৰ্ষক এক মনোজ্ঞ কবিতা পাঠৰ অনুষ্ঠান।
মুকলি আকাশৰ তলত ভিন্নসুৰী কবিতাৰ পাঠ আৰু আবৃত্তিৰে এক ৰমণীয় পৰিৱেশৰ সূচনা হয় কলিয়াবৰৰ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া মহকুমা পুথিভঁড়াল চৌহদ।

কবিতাৰে এদিন শীৰ্ষক অনুষ্ঠানটোত পৰ্যালোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-গল্পকাৰ ডাঃ হেমন্ত কুমাৰ গোস্বামী।
বিশিষ্ট লেখক অতুল শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত ৪০ গৰাকীৰো অধিক নবীন-প্ৰবীণ কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ লগতে নৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰে কেইবাগৰাকীও আবৃত্তিকাৰে।

কবিতাৰ পাঠ আৰু চৰ্চাৰে যুগদ্ৰষ্টা কবিগৰাকীক সোঁৱৰণ কৰাৰ লগতে বিশিষ্ট সাহিত্যিক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু কবি নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পনৰে “কবিতাৰ এদিন” উদযাপন কৰে উদ্যোক্তাসকলে।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই ক্যাবিকতাৰ মাজেৰে অভ্যাগতসকলক আদৰণি জনোৱা অনুষ্ঠানটোৰ আঁত ধৰে উন্মীলনৰ সদস্য ৰিদীপ বৰাই।

অনুষ্ঠানতে হস্তশিল্প আৰু বাঁহ-বেতৰ অংশৰে অলংকাৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা অলিস্মিতা শইকীয়াক উন্মীলন সাধনা বঁটা আৰু উদীয়মান কবি-সাংবাদিক ঝুণাকংকন ভূঞাক লীলাধৰ বৰা সোঁৱৰণী সাহিত্য বঁটা আগবঢ়োৱা হয়।

Related News