• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত এখুদ ককাইদেউৰ ওপজা দিনত ধ্বনিত হ’ল শব্দ-সুৰৰ বৰষুণ

নৱকান্ত বৰুৱাৰ কবিতাই আন্তৰ্জাতিক মাত্ৰা প্ৰদান কৰিছে-- প্ৰভাত বৰা

মুৰলী বৰুৱা by মুৰলী বৰুৱা
December 29, 2020 7:35 pm
IMG_20201229_191410
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 পলাশৰ জুই নুমাল/ এতিয়া শাল আৰু চতিয়ন বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ কিমান সপোন সৰি গ’ল/তাৰ কোনে ৰাখে খতিয়ান/কলং-কপিলী-দিজুৰ পাৰত ককাদেউতাৰ হাড়/বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল…৷’ এনেদৰেই শব্দ আৰু সুৰৰ মিচিলেৰে এখুদ ককাইদেউ, দলঙৰ কবি, কলঙৰ কবি, ফিনিক্সৰ কবি, কবি সম্ৰাট খ্যাত নৱকান্ত বৰুৱাৰ ওপজা দিন আজি ’কবিতাৰ দিন’ পালন কৰিলে নগঞাবাসীয়ে ৷

কলং কপিলীপৰীয়া ৰাইজৰ সহযোগত আজি নৱকান্ত বৰুৱাৰ উপজা দিন নগাঁও চহৰৰ নেপালী মন্দিৰৰ চৌহদত উদযাপন কৰা হয়।

Apply Now

প্ৰাঞ্জল মহন্তই আতধৰা এই অনুষ্ঠান উদ্ধোধন কৰি দিয়া ভাষণত বিশিষ্ট সমালোচক প্ৰভাত বৰাই কয়-বিখ্যাত সাহিত্যিক গ্যেটে, ভিক্টৰ, হুগো আদিয়ে পোৱা পৰিবেশ পোৱা হ’লে নৱকান্ত বৰুৱাও সমগ্ৰ পৃথিৱীৰে মহা কবিত পৰিণত হ’লহেতেন।

আমাৰে দুৰ্ভাগ্য নৱকান্ত বৰুৱা অসমত জন্ম হ’ল।

নৱকান্ত বৰুৱাৰ ওচৰত আমাৰ প্ৰজন্ম অতিশয় ঋণী । তেওঁ লগতে কয় নৱকান্ত বৰুৱাই আৰ্জিত জ্ঞানেৰে কবিতাক সমৃদ্ধ কৰিছিল।

প্ৰকৃততে তেওঁ এজন মহাকবি । তেওঁ অকল কবি নহয় তেওঁৰ সকলো সৃষ্টি ৰাজিত কবিতাৰ অনুভৱ পোৱা গৈছিল। কবিতাৰ মাধ্যমৰে তেওঁ মহাকাব্য লিখিছিল। মহাকাব্য লিখিবলৈ জ্ঞান নহয়, প্ৰজ্ঞাৰ প্ৰয়োজন।

যি প্ৰজ্ঞা তেওঁৰ আছিল নৱকান্ত বৰুৱাৰ কবিতাই আন্তৰ্জাতিক মাত্ৰা প্ৰদান কৰিছে।

গল্পকাৰ শিৱানন্দ কাকতিয়ে কয়-অনুভৱৰ পৃথিৱীখনৰ সন্দৰ্ভত নৱকান্ত বৰুৱাই বাৰ্তা দি গৈছে। তেওঁৰ জন্মদিনত তেওঁৰ কবিতাৰ মাজেৰে নতুন পৃথিৱীৰ ৰসাস্বাদন কৰো।

সমাজ কৰ্মী মুকুট ভূঞাই কয়- ১৯৭৮ চনত কলঙৰ বাকৰিত প্ৰথম চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১৯৭৬ চনত প্ৰথম সাধু কোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ।

আজি পুনৰ কলঙৰ বাকৰিত কবি নৱকান্ত বৰুৱাৰ ওপজা দিনত চিত্ৰাংকন প্ৰতিযোগিতা দেখি অভিভূত হৈছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই অংশগ্ৰহণ কৰে। নৱকান্ত বৰুৱাৰ পুৰণি ভেটিৰ চোতালৰ যি জোপা শিলিখাৰ তলত শৈশৱতে কবি গৰাকীয়ে ওমলিছিল সেইজোপা শিলিখাৰ তলতেই আজি কবি নৱকান্তক সুঁৱৰি যেন স্মৃতিকাতৰতাত ডুব গ’ল নৱকান্তৰ সুহৃদ শতাধিক কবি তথা শিল্পী ৷

অসমীয়া আধুনিক কাব্য জগতৰ মহীৰূহ গৰাকীৰ ওপজাদিনটোৰ হৃদয় কঁপোৱা পুহৰ ঠেঁটুৱৈ ধৰা আবেলিটোত অকণিহঁতৰ আপোন ’এখুদ ককাইদেউ’ যেন খুপি-খুপি আহিছিল, যেতিয়া প্ৰয়াগ শইকীয়া, আতিকুৰ ৰহমান, নূপুৰ মোমাইদেউ, প্ৰদীপ শইকীয়া, জ্যোতিপ্ৰসাদ শইকীয়া, মোলান লস্কৰ, কাৰুণ্য  ভট্টাচাৰ্য, হেলেন পণ্ডিত, মদাৰজ্যোতি, ৰূপম নাথ,জেউতি হাজৰিকা, ৰুমু বেগম, সমৰজিৎ শইকীয়া, পূৰবী শইকীয়া, নিৰ্মালী বৰা, প্ৰশান্ত বৰা, সুময়া সুমিত চৌধুৰী, ৰঞ্জন বেজবৰুৱা, জ্যোতিপ্ৰসাদ বৰা, কৰবী লিগিৰা, লতামনি শৰ্মা, প্ৰনৱ শৰ্মা, তেজস্বিনী কৌৰ, তুলিকা দেৱীকে ধৰি প্ৰায় ডেৰকুৰিৰো অধিক কবিৰ কাব্যপাঠৰ ধ্বনিৰে ’কবিতাৰ দিন’ৰ শুভাৰম্ভ হৈছিল ৷

কুটিল সময়ৰ সন্ধিক্ষণত আৱৰ্জনাৰে উশাহ নোপোৱা, ভৌগোলিকভাৱে খণ্ডিত কিম্বা প্ৰদূষিত হৈ পৰা কলংখনেও হঠাতে যেন সগৰ্ভা হৈ উফন্দি উঠিছিল, যেতিয়া নগঞা কবি, সাহিত্যিক, শিল্পী একাংশৰ কণ্ঠনিসৃত কবিৰ কবিতাপাঠৰ যোগেদি সূচনা হৈছিল শব্দৰ ধল ৷

“বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী” খ্যাত কবিগৰাকীৰ স্মৃতিত আয়োজিত অনুষ্ঠানটোত নবীন কলিতা, চন্দ্ৰ শইকীয়া, অশোকৰাম ভট্টাচাৰ্য প্ৰজ্ঞা পাৰমিতা বৰুৱা, লতামণি৷ শৰ্মা, তুলিকা দেৱী, পৱন শৰ্মা,দুৰ্গেশ্বৰ বৰকটকী, কৰবী লিগিৰা,সঞ্জীৱ সাগৰ চৌধুৰী আৰু ৰাজু  সমীৰণ মুঠ এঘাৰ গৰাকী ন-পুৰণি কবিক কবিতাৰ দিনত গ্ৰন্থৰ টোপোলাৰে আদৰ-সম্ভাষণ জনোৱা হয় ৷

সংগীত শিল্পী আতিকুৰ ৰহমান, হেলেন পণ্ডিতৰ গীত, প্ৰণতি বৰাৰ ঘোষা পৰিৱেশন প্ৰমুখ্যে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে হাড় কঁপোৱা শীতৰ জড়তা ভাঙি সুৱদি সুৰীয়া কণ্ঠৰাজিৰে গাই গ’ল এটি-দুটিকৈ কবি সম্ৰাট নৱকান্তৰ চিৰসেউজ বহুকেইটা গীত ৷

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd