পলাশৰ জুই নুমাল/ এতিয়া শাল আৰু চতিয়ন বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ কিমান সপোন সৰি গ’ল/তাৰ কোনে ৰাখে খতিয়ান/কলং-কপিলী-দিজুৰ পাৰত ককাদেউতাৰ হাড়/বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল…৷’ এনেদৰেই শব্দ আৰু সুৰৰ মিচিলেৰে এখুদ ককাইদেউ, দলঙৰ কবি, কলঙৰ কবি, ফিনিক্সৰ কবি, কবি সম্ৰাট খ্যাত নৱকান্ত বৰুৱাৰ ওপজা দিন আজি ’কবিতাৰ দিন’ পালন কৰিলে নগঞাবাসীয়ে ৷
কলং কপিলীপৰীয়া ৰাইজৰ সহযোগত আজি নৱকান্ত বৰুৱাৰ উপজা দিন নগাঁও চহৰৰ নেপালী মন্দিৰৰ চৌহদত উদযাপন কৰা হয়।
প্ৰাঞ্জল মহন্তই আতধৰা এই অনুষ্ঠান উদ্ধোধন কৰি দিয়া ভাষণত বিশিষ্ট সমালোচক প্ৰভাত বৰাই কয়-বিখ্যাত সাহিত্যিক গ্যেটে, ভিক্টৰ, হুগো আদিয়ে পোৱা পৰিবেশ পোৱা হ’লে নৱকান্ত বৰুৱাও সমগ্ৰ পৃথিৱীৰে মহা কবিত পৰিণত হ’লহেতেন।
আমাৰে দুৰ্ভাগ্য নৱকান্ত বৰুৱা অসমত জন্ম হ’ল।
নৱকান্ত বৰুৱাৰ ওচৰত আমাৰ প্ৰজন্ম অতিশয় ঋণী । তেওঁ লগতে কয় নৱকান্ত বৰুৱাই আৰ্জিত জ্ঞানেৰে কবিতাক সমৃদ্ধ কৰিছিল।
প্ৰকৃততে তেওঁ এজন মহাকবি । তেওঁ অকল কবি নহয় তেওঁৰ সকলো সৃষ্টি ৰাজিত কবিতাৰ অনুভৱ পোৱা গৈছিল। কবিতাৰ মাধ্যমৰে তেওঁ মহাকাব্য লিখিছিল। মহাকাব্য লিখিবলৈ জ্ঞান নহয়, প্ৰজ্ঞাৰ প্ৰয়োজন।
যি প্ৰজ্ঞা তেওঁৰ আছিল নৱকান্ত বৰুৱাৰ কবিতাই আন্তৰ্জাতিক মাত্ৰা প্ৰদান কৰিছে।
গল্পকাৰ শিৱানন্দ কাকতিয়ে কয়-অনুভৱৰ পৃথিৱীখনৰ সন্দৰ্ভত নৱকান্ত বৰুৱাই বাৰ্তা দি গৈছে। তেওঁৰ জন্মদিনত তেওঁৰ কবিতাৰ মাজেৰে নতুন পৃথিৱীৰ ৰসাস্বাদন কৰো।
সমাজ কৰ্মী মুকুট ভূঞাই কয়- ১৯৭৮ চনত কলঙৰ বাকৰিত প্ৰথম চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১৯৭৬ চনত প্ৰথম সাধু কোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ।
আজি পুনৰ কলঙৰ বাকৰিত কবি নৱকান্ত বৰুৱাৰ ওপজা দিনত চিত্ৰাংকন প্ৰতিযোগিতা দেখি অভিভূত হৈছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই অংশগ্ৰহণ কৰে। নৱকান্ত বৰুৱাৰ পুৰণি ভেটিৰ চোতালৰ যি জোপা শিলিখাৰ তলত শৈশৱতে কবি গৰাকীয়ে ওমলিছিল সেইজোপা শিলিখাৰ তলতেই আজি কবি নৱকান্তক সুঁৱৰি যেন স্মৃতিকাতৰতাত ডুব গ’ল নৱকান্তৰ সুহৃদ শতাধিক কবি তথা শিল্পী ৷
অসমীয়া আধুনিক কাব্য জগতৰ মহীৰূহ গৰাকীৰ ওপজাদিনটোৰ হৃদয় কঁপোৱা পুহৰ ঠেঁটুৱৈ ধৰা আবেলিটোত অকণিহঁতৰ আপোন ’এখুদ ককাইদেউ’ যেন খুপি-খুপি আহিছিল, যেতিয়া প্ৰয়াগ শইকীয়া, আতিকুৰ ৰহমান, নূপুৰ মোমাইদেউ, প্ৰদীপ শইকীয়া, জ্যোতিপ্ৰসাদ শইকীয়া, মোলান লস্কৰ, কাৰুণ্য ভট্টাচাৰ্য, হেলেন পণ্ডিত, মদাৰজ্যোতি, ৰূপম নাথ,জেউতি হাজৰিকা, ৰুমু বেগম, সমৰজিৎ শইকীয়া, পূৰবী শইকীয়া, নিৰ্মালী বৰা, প্ৰশান্ত বৰা, সুময়া সুমিত চৌধুৰী, ৰঞ্জন বেজবৰুৱা, জ্যোতিপ্ৰসাদ বৰা, কৰবী লিগিৰা, লতামনি শৰ্মা, প্ৰনৱ শৰ্মা, তেজস্বিনী কৌৰ, তুলিকা দেৱীকে ধৰি প্ৰায় ডেৰকুৰিৰো অধিক কবিৰ কাব্যপাঠৰ ধ্বনিৰে ’কবিতাৰ দিন’ৰ শুভাৰম্ভ হৈছিল ৷
কুটিল সময়ৰ সন্ধিক্ষণত আৱৰ্জনাৰে উশাহ নোপোৱা, ভৌগোলিকভাৱে খণ্ডিত কিম্বা প্ৰদূষিত হৈ পৰা কলংখনেও হঠাতে যেন সগৰ্ভা হৈ উফন্দি উঠিছিল, যেতিয়া নগঞা কবি, সাহিত্যিক, শিল্পী একাংশৰ কণ্ঠনিসৃত কবিৰ কবিতাপাঠৰ যোগেদি সূচনা হৈছিল শব্দৰ ধল ৷
“বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী” খ্যাত কবিগৰাকীৰ স্মৃতিত আয়োজিত অনুষ্ঠানটোত নবীন কলিতা, চন্দ্ৰ শইকীয়া, অশোকৰাম ভট্টাচাৰ্য প্ৰজ্ঞা পাৰমিতা বৰুৱা, লতামণি৷ শৰ্মা, তুলিকা দেৱী, পৱন শৰ্মা,দুৰ্গেশ্বৰ বৰকটকী, কৰবী লিগিৰা,সঞ্জীৱ সাগৰ চৌধুৰী আৰু ৰাজু সমীৰণ মুঠ এঘাৰ গৰাকী ন-পুৰণি কবিক কবিতাৰ দিনত গ্ৰন্থৰ টোপোলাৰে আদৰ-সম্ভাষণ জনোৱা হয় ৷
সংগীত শিল্পী আতিকুৰ ৰহমান, হেলেন পণ্ডিতৰ গীত, প্ৰণতি বৰাৰ ঘোষা পৰিৱেশন প্ৰমুখ্যে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে হাড় কঁপোৱা শীতৰ জড়তা ভাঙি সুৱদি সুৰীয়া কণ্ঠৰাজিৰে গাই গ’ল এটি-দুটিকৈ কবি সম্ৰাট নৱকান্তৰ চিৰসেউজ বহুকেইটা গীত ৷