• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দু এলেকাত নিষিদ্ধ বিৰিয়ানীৰ দোকান! দাবী-ধমকিৰে বন্ধ কৰালে বিৰিয়ানীৰ দোকান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 8:06 pm
Biryani shop forced to shut down on Diwali after man threatens Muslim owner
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ধৰ্মীয় অসহিঞ্চুতাৰ পৰিৱেশ। এইবাৰ এক হিন্দু ধৰ্মাৱলম্বী এলেকাত বিৰিয়ানীৰ দোকান খুলি নিৰ্যাতনৰ সন্মুখীন হৈছে যুৱক।

দেৱালীৰ নিশা দিল্লীৰ সন্ত নগৰৰ এখন বিৰিয়ানী দোকানৰ কৰ্মচাৰীসকলক নিকৃষ্ট গালি-গালাজ কৰি দোকানখন বন্ধ কৰাৰ দাবীত হাৰাশাস্তি কৰা এটা ভিডিও ভাইৰেল হৈছে।

যদি তেওঁলোকে দোকান বন্ধ নকৰে, দোকানত জুই লগাৰ ভাবুকি দিয়ে ভিডিঅ’টোত কণ্ঠস্বৰ প্ৰকাশ পোৱা লোকজনে।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু অভিযুক্তজনক এতিয়াও চিনাক্ত বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। আই.পি.চি. ধাৰা ২৯৫ এ-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

“এতিয়ালৈকে বুৰাৰী আৰক্ষী থানাত কোনো অভিযোগ লাভ কৰা নাই। অৱশ্যে তথ্যবোৰ পৰীক্ষা কৰা হৈছে আৰু আইন অনুসৰি আইনী ব্যৱস্থা লোৱা হ’ব।” ডিচিপি সাগৰ সিঙ কাল্চিয়ে কয়।

Apply Now

প্ৰায় তিনি মিনিট দীঘল ভিডিঅ’টোত মানুহজনে প্ৰথমে দোকানখনক এইটো এটা মুছলমান এলেকা নেকি বুলি প্ৰশ্ন কৰে।

তেওঁ বিৰিয়ানী বিক্ৰেতাসকলৰ ওচৰলৈ যায় আৰু চিঞৰি চিঞৰি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। নিজেই ভিডিঅ’ কৰি থকা মানুহজনে ঘোষণা কৰে যে এইটো এটা হিন্দু এলেকা আৰু তেওঁলোকে দোকান বন্ধ কৰিব লাগে।

“আপোনালোকে দোকান খন কেনেদৰে ইয়াত খুলিছে? আপোনাক কোনে অনুমতি দিছিল? আপুনি নাজানে নে যে এইটো এটা হিন্দু অঞ্চল? আজি দেৱালী, এতিয়া ইয়াক বন্ধ কৰক। আপুনি ভাবে নেকি এইটো আপোনালোকৰ এলেকা ? এইটো জামা মছজিদ নেকি? এইটো এটা সম্পূৰ্ণ ‘হিন্দু’ অঞ্চল।” তেওঁ চিঞৰি কয়।

দোকানখনৰ কৰ্মচাৰীসকল এই কাৰ্যত হতবাক হৈ পৰে আৰু ভয় তথা উৎপীড়িত হোৱাৰ আশংকাত ততাতৈয়াকৈ দোকানখন সামৰিবলৈ চেষ্টা কৰে। তেওঁলোকে ব্যক্তিজনক দেৱালীৰ বাবে শুভেচ্ছা জনাই পৰিস্থিতিটো শান্ত কৰিবলৈ চেষ্টা কৰে যদিও ব্যক্তিজনে আপুনি ভয় নকৰে নেকি বুলি ওলোটাই ধমকি দিয়ে।

আনহাতে এই তাৎক্ষণিক কাৰ্যত সেই ঠাইত গোট খোৱা লোকসকলক উদ্দেশ্যি মানুহজনে দোকানৰ কৰ্মচাৰীসকলে হিন্দু যুৱতী সকলৰ সৈতে ‘লভ জিহাদ’ কৰি হিন্দুসকলক ফান্দত পেলাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে।

সংবাদ সংস্থা PTI ৰ মতে ব্যক্তিজনৰ নাম নৰেশ কুমাৰ সূৰ্যবংশী আৰু তেওঁ নিজকে সোঁপন্থী গোট বজৰং দলৰ সদস্য হিচাপে পৰিচয় দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd