হিন্দু এলেকাত নিষিদ্ধ বিৰিয়ানীৰ দোকান! দাবী-ধমকিৰে বন্ধ কৰালে বিৰিয়ানীৰ দোকান

Biryani shop forced to shut down on Diwali after man threatens Muslim owner

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ধৰ্মীয় অসহিঞ্চুতাৰ পৰিৱেশ। এইবাৰ এক হিন্দু ধৰ্মাৱলম্বী এলেকাত বিৰিয়ানীৰ দোকান খুলি নিৰ্যাতনৰ সন্মুখীন হৈছে যুৱক।

দেৱালীৰ নিশা দিল্লীৰ সন্ত নগৰৰ এখন বিৰিয়ানী দোকানৰ কৰ্মচাৰীসকলক নিকৃষ্ট গালি-গালাজ কৰি দোকানখন বন্ধ কৰাৰ দাবীত হাৰাশাস্তি কৰা এটা ভিডিও ভাইৰেল হৈছে।

যদি তেওঁলোকে দোকান বন্ধ নকৰে, দোকানত জুই লগাৰ ভাবুকি দিয়ে ভিডিঅ’টোত কণ্ঠস্বৰ প্ৰকাশ পোৱা লোকজনে।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু অভিযুক্তজনক এতিয়াও চিনাক্ত বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। আই.পি.চি. ধাৰা ২৯৫ এ-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

“এতিয়ালৈকে বুৰাৰী আৰক্ষী থানাত কোনো অভিযোগ লাভ কৰা নাই। অৱশ্যে তথ্যবোৰ পৰীক্ষা কৰা হৈছে আৰু আইন অনুসৰি আইনী ব্যৱস্থা লোৱা হ’ব।” ডিচিপি সাগৰ সিঙ কাল্চিয়ে কয়।

প্ৰায় তিনি মিনিট দীঘল ভিডিঅ’টোত মানুহজনে প্ৰথমে দোকানখনক এইটো এটা মুছলমান এলেকা নেকি বুলি প্ৰশ্ন কৰে।

তেওঁ বিৰিয়ানী বিক্ৰেতাসকলৰ ওচৰলৈ যায় আৰু চিঞৰি চিঞৰি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। নিজেই ভিডিঅ’ কৰি থকা মানুহজনে ঘোষণা কৰে যে এইটো এটা হিন্দু এলেকা আৰু তেওঁলোকে দোকান বন্ধ কৰিব লাগে।

“আপোনালোকে দোকান খন কেনেদৰে ইয়াত খুলিছে? আপোনাক কোনে অনুমতি দিছিল? আপুনি নাজানে নে যে এইটো এটা হিন্দু অঞ্চল? আজি দেৱালী, এতিয়া ইয়াক বন্ধ কৰক। আপুনি ভাবে নেকি এইটো আপোনালোকৰ এলেকা ? এইটো জামা মছজিদ নেকি? এইটো এটা সম্পূৰ্ণ ‘হিন্দু’ অঞ্চল।” তেওঁ চিঞৰি কয়।

দোকানখনৰ কৰ্মচাৰীসকল এই কাৰ্যত হতবাক হৈ পৰে আৰু ভয় তথা উৎপীড়িত হোৱাৰ আশংকাত ততাতৈয়াকৈ দোকানখন সামৰিবলৈ চেষ্টা কৰে। তেওঁলোকে ব্যক্তিজনক দেৱালীৰ বাবে শুভেচ্ছা জনাই পৰিস্থিতিটো শান্ত কৰিবলৈ চেষ্টা কৰে যদিও ব্যক্তিজনে আপুনি ভয় নকৰে নেকি বুলি ওলোটাই ধমকি দিয়ে।

আনহাতে এই তাৎক্ষণিক কাৰ্যত সেই ঠাইত গোট খোৱা লোকসকলক উদ্দেশ্যি মানুহজনে দোকানৰ কৰ্মচাৰীসকলে হিন্দু যুৱতী সকলৰ সৈতে ‘লভ জিহাদ’ কৰি হিন্দুসকলক ফান্দত পেলাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে।

সংবাদ সংস্থা PTI ৰ মতে ব্যক্তিজনৰ নাম নৰেশ কুমাৰ সূৰ্যবংশী আৰু তেওঁ নিজকে সোঁপন্থী গোট বজৰং দলৰ সদস্য হিচাপে পৰিচয় দিয়ে।