কেন্দ্ৰৰ নতুন নিৰ্দেশনা : এই বিশেষ হেলমেট পৰিধান নকৰিলে শাস্তি ভুগিব লাগিব চালকে

SteelBird-Helmet-2

কেন্দ্ৰীয় পথ আৰু পৰিবহন মন্ত্ৰণালয়ে এক নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নতুন নিৰ্দেশনা অনুসৰি দুচকীয়া বাহনৰ চালকে এক বিশেষ ধৰণৰ হেলমেট পৰিধান নকৰিলে ভুগিব লাগিব শাস্তি। বাইক দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস কৰাৰ বাবেই মন্ত্ৰণালয়ে এই বিশেষ নিৰ্দেশনা প্ৰৱৰ্তন কৰিবলৈ লোৱা বুলি প্ৰকাশ কৰিছে।

‘হেলমেট ফৰ ৰাইডাৰ্ছ অৱ টু হুইলাৰ্ছ মটৰ ভেহিকেলছ(কোৱালিটি কন্ট্ৰ’ল) অ’ৰ্ডাৰ, ২০২০’ শীৰ্ষক এই নতুন নিৰ্দশনাৰ জৰিয়তে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড অথবা বিআইএছ চাৰ্টিফাইড বিহীন অন্য কোনো হেলমেট দেশত তৈয়াৰৰ লগতে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে।

ইয়াৰ ফলত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড অথবা বিআইএছ চাৰ্টিফাইড বিহীন অন্য কোনো হেলমেট পৰিধান কৰা দুচকীয়া বাহনৰ চালকে শাস্তি অথবা জৰিমনা ভৰিব লগা হ’ব পাৰে!

হেলমেটৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰণালয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত দুচকীয়া বাহনৰ দুৰ্ঘটনা সংঘটিত হ’লেও হতাহতৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্যে যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতত নিম্ন মানদণ্ডৰ হেলমেট ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি সেই সংক্ৰান্তীয় এক পথ নিৰাপত্তা কমিটি গঠন কৰা হৈছিল। কমিটিখনত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান আৰু বিআইএছৰ বিশেষজ্ঞও আছিল।

এই কমিটিয়ে ২০১৮ চনতে দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ক এই প্ৰস্তাৱ আগবঢ়ায়। মন্ত্ৰণালয়ে এই প্ৰস্তাৱৰ ভিত্তিতে এই নতুন নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে চৰকাৰী পৰিসংখ্যাৰ মতে দেশত প্ৰতি বছৰে প্ৰায় ১৭ মিলিয়ন হেলমেট নিৰ্মাণ কৰা হয়। কিন্তু সকলো হেলমেট বিআইএছ চাৰ্টিফাইড হয় নে নহয় সেয়াহে স্পষ্ট নহয়।