• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

আজিকালি মোৰ দিৱস পতাৰ দৰে কাৰ্যসূচীবোৰত বিশ্বাস নোহোৱা হৈ আহিছে। তাৰ অৰ্থ এইটো নহয় যে ৰাভা দিৱস অৰ্থহীন আৰু বিষ্ণু ৰাভাৰ জীৱন আৰু কৰ্মৰ পৰা আমাৰ একো শিকিবলগীয়া নাই। বিষ্ণু ৰাভা এক অসাধাৰণ প্ৰতিভা আছিল।

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 23, 2026 8:46 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি মোৰ দিৱস পতাৰ দৰে কাৰ্যসূচীবোৰত বিশ্বাস নোহোৱা হৈ আহিছে। তাৰ অৰ্থ এইটো নহয় যে ৰাভা দিৱস অৰ্থহীন আৰু বিষ্ণু ৰাভাৰ জীৱন আৰু কৰ্মৰ পৰা আমাৰ একো শিকিবলগীয়া নাই। বিষ্ণু ৰাভা এক অসাধাৰণ প্ৰতিভা আছিল। তেওঁ সুখে দুখে সদায় ৰাইজৰ লগতে থাকিছিল। কিন্তু আজিৰ পৰিস্থিতিত, কেৱল আনুষ্ঠানিকতাৰ কাৰণে ৰাভা দিৱস পতাৰ কোনো অৰ্থ নাই।ৰাভাই গোটেই জীৱনটো কি কৰিছিল? তেওঁ অসমীয়া কৃষ্টিৰ, অসমীয়া পৰিচয়ৰ চৰ্চা কৰিছিল। তেওঁ এক সন্মিলিত অসমীয়া সত্ত্বা আৰু অস্তিত্বৰ কথা কৈছিল আৰু তেওঁৰ যুঁজখন আছিল অৰ্থনৈতিক সমতাৰ হকে কৰা যুঁজ। এই দুয়োটা কথা অলপ ব্যাখ্যা কৰাৰ প্ৰয়োজন।

 

Apply Now

অসমীয়া কৃষ্টি মানে কি? ড. বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ ‘অসমৰ লোক-সংস্কৃতি’ নামৰ কিতাপৰ প্ৰথম পৃষ্ঠাত কি লিখিছিল, “জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈ আঁত নিছিগাকৈ চলি অহা জনশ্ৰুতিয়েই হ’ল লোক-সাহিত্য। ই গদ্য আৰু গীত দুয়ো ৰূপতেই যুগ যুগ ধৰি সমাজৰ মুখে মুখে সৃষ্ট আৰু সংৰক্ষিত।” অসমত আদিম অৱস্থাৰ পৰা চলি অহা জীৱন্ত পৰম্পৰাটো, ভাষাটো কি? অসমীয়া ভাষাটোনো কি? সেই বিষয়ে ড. বাণীকান্ত কাকতি, ড. মহেশ্বৰ নেওগৰ দৰে পণ্ডিতে কি কৈছিল? এই সন্দৰ্ভত বিষ্ণু ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামৰ আলোকসন্ধানী ৰচনাখনলৈ আমি মনত পেলোৱা উচিত। এই ৰচনাখনক মই এনেয়ে আলোকসন্ধানী বুলি কোৱা নাই। হিন্দুত্বৰ ক’লা ডাৱৰে গোটেইখন চানি ধৰাৰ সময়ত আজি প্ৰতিজন সচেতন অসমীয়াই এই ৰচনাখন বাৰে বাৰে পঢ়া উচিত। সেইখনকে আমাৰ সাংস্কৃতিক ঐক‍্যৰ ইস্তাহাৰ কৰি লোৱা উচিত। এইটো এতিয়া সকলোৱে মানি লৈছে যে অসমীয়া ভাষা মূলতঃ ইণ্ডো-ইউৰোপীয় পৰিয়ালৰ অন্তৰ্গত পূবৰ ইণ্ডো-আৰ্য ভাষা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ তিব্বত-বৰ্মী আৰু অন্যান্য অ-আৰ্য ভাষাৰ সৈতে হোৱা মিলনৰ যোগেদি ইয়াৰ উৎপত্তি হৈছে।

 

এই তিব্বত-বৰ্মী প্ৰভাৱবোৰনো কি? তিব্বত-বৰ্মী প্ৰভাৱ অসমীয়া ভাষাত বিভিন্ন ধৰণে প্ৰকাশ পাইছে। এই প্ৰভাৱ মূলতঃ ধ্বনি, শব্দভাণ্ডাৰ, ব্যাকৰণ আৰু বাক্য গাঠনিত দেখা যায়, যিবোৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমিপুত্ৰ, তিব্বত-বৰ্মী ভাষা, যেনে— বড়ো, কাৰ্বি, ডিমাছা, ৰাভা, মিচিং আদিৰ সৈতে দীৰ্ঘকালীন যোগাযোগৰ ফলত উদ্ভৱ হৈছে। এইবোৰৰ লগত পিছলৈ টাই-আহোম প্ৰভাৱো যুক্ত হৈ পৰিছিল।বাণীকান্ত কাকতিৰ দৰে ভাষাবিদসকলে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিছে। এইখিনিতে অসমীয়া ভাষাৰ বিষয়ে অধ্যয়ন, গৱেষণা কৰাৰ সন্দৰ্ভত সেই ৰচনাখনত ৰাভা দেৱে বাণীকান্ত কাকতিৰ প্ৰতি জনোৱা গোহাৰিটোও অত্যন্ত তাৎপৰ্যপূৰ্ণ। তেখেতে কৈছিল: “অসমৰ গৌৰৱ সুপণ্ডিত ড. বাণীকান্ত কাকতি ডাঙৰীয়ালৈও আমাৰ একান্ত মিনতি যেন তেখেতে কেৱল পুথিগত বিদ্যাৰে বিশ্লেষণ কৰি পুথি নেলেখে, প্ৰত্যেক জাতিৰ মানুহৰ লগত বেলেগ বেলেগ ভাষাত কথা পাতি নিজ অভিজ্ঞতাৰে পুথি লিখে। নহ’লে অতি কষ্টৰে লিখা তেখেতৰ পুথিত বহুতো ভুল থকাৰ সম্ভাৱনা থাকি যাব। যি কি নহওক, ‘কামৰূপ অনুসন্ধান সমিতি’ৰ ঘৰটোৰ বাহিৰেও গোটেই অসমখনেই এটা বিৰাট মিউজিয়াম।”

অসমীয়া ভাষাৰ লগতে, অসমীয়া কৃষ্টি, সংস্কৃতিৰ প্ৰাণটো, সাৰটো, কালিকাটো আছে আমাৰ স্থানীয় ভূমিপুত্ৰসকলৰ ভাষা আৰু সংস্কৃতিত। কিন্তু অতীজৰে পৰা ব্ৰাহ্মণ্য ৰাজনীতি আৰু সংস্কৃতিৰ আগ্ৰাসনৰ আমি বলি হৈ আহিছোঁ। মনত ৰাখিব।নাম সংশোধনৰ ৰাজনীতি এতিয়াৰ নহয়, সেই তেতিয়াৰ ‘কালিকা পুৰাণ’ৰ সময়ৰে— এটি সচেতন ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰয়াস। আলোচিত ৰচনাখনত ৰাভাই অতীত ইতিহাসৰ পাতৰ পৰা বিভিন্ন সমল বুটলি আনি উদাহৰণসহ এইবোৰ কথা দাঙি ধৰিছে। সেইটো হ’ল সংস্কৃতিৰ কথা। ৰাভাই নিজৰ গীত, মাত আৰু নৃত্যৰ দ্বাৰা অসমৰ এই বহুত্ববিশিষ্ট সংস্কৃতিৰ চৰ্চা কৰিছিল, উদযাপন কৰিছিল। সেয়ে, তেওঁৰ গীতৰ সুৰ আৰু কথাই আমাক সদায় ইমানকৈ সন্মোহিত আৰু আকৰ্ষিত কৰি আহিছে।তাৰেই যেন প্ৰতিধ্বনি শুনিছিলোঁ আমি জ্যোতিপ্ৰসাদৰ ‘অসমীয়া ডেকাৰ উক্তি’ত। কিন্তু এতিয়া আমি কি দেখিছোঁ? আমি কি সাংস্কৃতিক আগ্ৰাসনৰ বলি হৈছোঁ? হিন্দুত্বৰ যোগেদি আকৌ আমি সংস্কৃতকৰণ বা ব্ৰাহ্মণ্যকৰণৰ কবলত পৰা নাইনে? এইবোৰ কথা  আমি গভীৰভাৱে উপলবদ্ধি কৰিব লাগিব। এইটো হ’ল ভাষা, সংস্কৃতিৰ কথা।

 অৰ্থনীতিৰ ক্ষেত্ৰত সদায় ৰাভাই হালোৱা-হজুৱাৰ কথা কৈছিল। সেইটোক আমি এটা ৰাজনৈতিক শ্লোগান হিচাপেও ল’ব পাৰোঁ আৰু তাক আমি সম্প্ৰসাৰিত কৰি আমাৰ মানুহৰ জীৱন-জীৱিকাৰ লগত সম্পৰ্কিত কৰিও চাব পাৰোঁ। এতিয়া কি হৈছে? আমাৰ মাটি, পানী, হাবিৰ ওপৰত কোনে দখল দিছে? নামনি সোৱণশিৰিত, পলাশবাৰীৰ বৰদুৱাৰত, কোকৰাঝাৰৰ পৰ্বতঝোৰাত, ডিমা হাচাও, কাৰ্বি আংলঙত, মিকিৰ বামুণী গ্ৰাণ্ট, জাগীৰোডৰ সিন্দীসৰকে আদি কৰি অসমৰ বিভিন্ন অঞ্চলত কোনে দখল দিছে? এতিয়া আকৌ ভূমিতলৰ বিৰল ধাতু (rare earth materials) বিচাৰি সিহঁতে গোটেইখন চলাথ কৰিব। এফালে এক মুষ্টিমেয় বণিক শ্ৰেণীৰ দ্বাৰা আমাৰ সম্পদৰ নিৰ্বিচাৰ লুণ্ঠন আৰু আনফালে সাধাৰণ মানুহৰ অস্তিত্বক ‘অৰুণোদয়’লৈ পৰ্যৱসিত কৰা এক প্ৰক্ৰিয়া। ত্ৰাণৰ সময়তহে মানুহক ত্ৰাণ-সাহায্য দিয়ে। আমি কি সদায় কোনোবা ত্ৰাণকৰ্তাৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগিব? আমি কি অনবৰতে কিবা এটা জৰুৰীকালীন অৱস্থাৰ মাজতে আছোঁ যে আমি সদায় জৰুৰীকালীন সাহায্যৰ ওপৰতে বৰ্তি থাকিম?

 বন্ধু সকল, আমাৰ সাংস্কৃতিক অস্তিত্ব আৰু অৰ্থনৈতিক অস্তিত্ব এতিয়া এক ঘোৰতৰ সংকটত। আৰু ৰাজনীতিও হিন্দুত্বৰ কবলত। অসমত এইবাৰ কি হ’ল দেখিলে।অসমৰ প্ৰাণ কেন্দ্ৰ মধ‍্য গুৱাহাটীয়ে আমাক কি বাৰ্তা দিলে!  এতিয়ালৈকে গণতন্ত্ৰৰ বা আইনৰ শাসনৰ নামত সাধাৰণ ৰাইজে যিকণ অৱকাশ আৰু সা-সুবিধা পাই আহিছিল, সেই সকলোবোৰ এতিয়া প্ৰায় নাইকিয়া হোৱাৰ পথত। দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ কোনো স্বাতন্ত্ৰতা নোহোৱাৰ দৰে। পশ্চিমবঙ্গৰ নিৰ্বাচনৰ আগৰ আৰু পিছৰ অৱস্থাটো দেখিছেনে? এতিয়া, নিৰ্বাচন আয়োগৰ কিবা অৰ্থ আছেনে? ন্যায়পালিকাই কেনেকৈ চৰকাৰৰ লগত আপোচ কৰিছে সেইটোও আমি দেখি আছোঁ। অকল বিজেপিয়েইনে, সমগ্ৰ ৰাজনৈতিক শ্ৰেণীটোৱেই আমাক প্ৰতাৰণা কৰা নাই জানো? শিৱসেনা, এন চি পি, আৰু এতিয়া তৃণমূল কংগ্ৰেছৰ পৰা যে সাংসদ, বিধায়ক বিজেপিলৈ যোৱাৰ উজান উঠিছে, তাৰ অৰ্থ কি? সৌ সিদিনালৈ যিবোৰে বিজেপিৰ বিৰোধিতা কৰিছিল, আজি তেওঁলোকৰ বিজেপিলৈ যাবলৈ ইমান উদগ্ৰ আগ্ৰহ কিয়? আৰু বিজেপিয়ে কোনটো নাকেৰে তেওঁলোকক নি ঘৰ সুমুৱালে! মানে ৰাজনীতিত মূল্যবোধৰ কোনো কথা নাই; ক্ষমতা আৰু টকাই নিয়ন্তা মাধৱ। ৰাম মন্দিৰক লৈ কিমান হৈ চৈ! এতিয়া ৰাম মন্দিৰৰ দান বৰঙণিৰ কোটি কোটি টকা ক’ত গ’ল? কোনো মিঞা মুছলমানে নিলে নে হিন্দুত্ববাদীৰ পেটত সোমাল! এতিয়ালৈকে এফ আই আৰ এখন যে দিয়া নাই- তাৰ ৰহস‍্য কি? ভাৰতীয় ৰাজনীতি কোনো সময়তে ইমান তললৈ অধঃপতিত হোৱা নাছিল। গতিকে, কেৱল বিজেপি-আৰএছএছৰ বিৰুদ্ধে আমি সৰৱ হ’লেই নহ’ব। আমি ক্ষমতা আৰু টকাবলীয়া সমগ্ৰ ৰাজনৈতিক শ্ৰেণীটোৰ বিৰুদ্ধেই সৰৱ হ’ব লাগিব। এই ৰাজনৈতিক শ্ৰেণীটোৰ যিসকল ৰাইজৰ লগত, ৰাইজৰ সংগ্ৰামৰ লগত আছে, তেওঁলোক অৱশ্যেই আমাৰ বন্ধু।

 কিন্তু আমি এতিয়া কি কৰিম? এই অপশক্তিৰ পৰা আমি কেনেকৈ মুক্তি পাম? এইটো এটা জটিল প্ৰশ্ন।এটা কথা সম্পৰ্কে মোৰ মনত কোনো দ্বিধা নাই। সেইটো হ’ল, আমি এতিয়ালৈকে এওঁলোকৰ বিৰুদ্ধে যিবোৰ কাৰ্যসূচী লৈ আহিছোঁ, এতিয়া সেইবোৰৰ সঠিক পৰ্যালোচনা কৰি যদি আমি আমাৰ ৰণকৌশলৰ আমূল পৰিৱৰ্তন নকৰোঁ, আমি একো ফলাফল নাপাম আৰু এটা সময়ত হতাশ হৈ ভাগৰি পৰিম। এতিয়া বহুতেই কৈছে যে ৰাজপথৰ আন্দোলনৰ বাহিৰে কোনো গত্যন্তৰ নাই। কথাটো সঁচা। কিন্তু যোৱা সময়ছোৱাৰ দুটা উত্তাল জনজাগৰণ— কা (CAA) বিৰোধী আন্দোলন আৰু জুবিনৰ মৃত‍্যুৰ  পিছত দেখা দিয়া ৰাইজৰ ক্ষোভৰ প্ৰভাৱ নিৰ্বাচনী ৰাজনীতিত পৰিছিলনে? নিৰ্বাচনৰ আগে আগে উজনি অসমৰ বাটে-ঘাটে চৰকাৰবিৰোধী কি বিশাল বিশাল সমদল ওলাইছিল! ক’ত গ’ল সেই সমদলত অংশগ্ৰহণ কৰা মানুহবোৰ? যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলত তাৰ কিবা প্ৰভাৱ আমি দেখিলোনে?

 বিজেপিয়ে যেনেকৈ বিভাজনবাদী ৰাজনীতি, ৰাষ্ট্ৰযন্ত্ৰ আৰু হিতাধিকাৰী আঁচনি গাঁও পঞ্চায়ত আৰু ৱাৰ্ডত ভোটৰ ৰাজনীতিৰ লগত সংযুক্ত কৰিছে, বিৰোধীয়ে জনসাধাৰণৰ ক্ষোভ বা যি কোনো ইতিবাচক কাৰ্যসূচী তেনেকৈ ভোটৰ ৰাজনীতিৰ লগত সংযুক্ত কৰিব পাৰিছেনে? বিজেপিৰ টকা-পইচা, ৰাষ্ট্ৰযন্ত্ৰ, নিৰ্বাচন আয়োগ, আৰু বিভাজনবাদী কাৰ্যসূচীৰ বিৰুদ্ধে গণ আন্দোলন, ৰাইজৰ ক্ষোভ আৰু এক ইতিবাচক কাৰ্যসূচী লৈ জনসাধাৰণৰ ওচৰলৈ যোৱাৰ বাহিৰে এই সময়ত বিৰোধীৰ হাতত অন্য কিবা বিকল্প আছেনে? মই নাভাবোঁ তাৰ কিবা বিকল্প আছে। অৱশ্যে মোৰ ভুলো হ’ব পাৰে। বন্ধু সকল, চৌপাশে অমানিশাৰ এন্ধাৰে আমাৰ বাট আগচি ধৰিছে। এতিয়া আমি জোৰৰ পোহৰত নতুন পথৰ  সন্ধান কৰিব লাগিব— কিন্তু নিশ্চিতৰূপে গতানুগতিক ধৰণে নহয়। এই ক্ষেত্ৰত আমাৰ পাথেয় হ’ব লাগিব গভীৰ আন্তৰিকতা, নিষ্ঠা আৰু সততা।তেতিয়াহে ৰাভা দিৱস পতাৰ সাৰ্থকতা থাকিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd