ৰাজ্যৰ আমোলাতন্ত্ৰত ব্যাপক পৰিৱৰ্তন : বিশ্বজিৎ পেগুক কামৰূপৰ (মহানগৰ) উপায়ুক্ত নিয়োগ
ভোগালী বিহুৰ পাচতেই কামৰূপৰ (মহানগৰ) নৱনিযুক্ত উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বিশ্বজিৎ পেগুৱে। বৰ্তমানৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। লগতে তেওঁ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা এজেঞ্চি, অসমৰ (FREMAA) মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰিব বুলি জিপ্লাছৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ।
শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যখনৰ আমোলাতন্ত্ৰত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। ৰাজ্যখনৰ ৩৮গৰাকী আমোলাক বদলি কৰা হৈছে আৰু তেওঁলোকৰ দায়িত্বৰ পৰিৱৰ্তন ঘটোৱা হৈছে।
পৰিৱৰ্তিত দায়িত্বভাৰেৰে স্থানান্তৰিত কৰা আমোলাসকল হৈছে ৰাজেশ প্ৰসাদ, আনোৱাৰুদ্দিন চৌধুৰী, আহমেদ হুছেইন, জুলী সোণোৱাল, মলয় বৰা, পুৰু গুপ্তা, মনোজ কুমাৰ ডেকা, ৰুবী বৰা, বিশ্বজিৎ পেগু, নজৰুল ইছলাম, বিনোদ শেষান, মনোজ কুমাৰ, লয়া মাদুৰী, নাৰায়ণ কোঁৱৰ, মাজনুৰ হুছেইন, এছ লক্ষ্মণন, ৰোশনি অপাৰঞ্জী কোৰাটী, আদিল খান, ঘনশ্যাম দাস, মানৱেন্দ্ৰ প্ৰতাপ আৰু পল্লৱ গোপাল ঝা।