বিশ্বনাথ চাৰিআলিত গো মাংস বিক্ৰী কৰাৰ বাবেই এগৰাকী স্থানীয় ব্যৱসায়ীক একাংশ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উক্ত ঘটনাৰ প্ৰতিবাদ জনাই শিৱসাগৰত আজি ঐক্য সেনা অসমে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।
প্ৰতিবাদস্থলীত ঐক্য সেনাৰ সদস্যসকলে ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা জনোৱাৰ লগতে ইয়াৰ সৈতে জড়িত, সমাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱা,আটাইকেইগৰাকী অভিযুক্তক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।
সংগঠনটোৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত শতাধিক নেতা কৰ্মীয়ে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰৰ গৃহ বিভাগৰ চুড়ান্ত ব্যৰ্থতাৰ বাবেই এনে কাৰ্য্য সংঘটিত হোৱা বুলি অভিযোগ তুলি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।
আনহাতে যদিহে চৰকাৰে অভিযুক্ত লোককেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান নকৰে তেন্তে সমগ্ৰ অসমত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও তেওঁলোকে সকীয়াই দিয়ে।