NORTHEAST NOW (Assamese)

বিশ্বনাথত বন বিভাগৰ সাফল্য: বাঘৰ ছাল, অংগ প্ৰত্যংগ সহ তিনিজনক আটক

October 28, 2020 2:34 pm · কাজি জেইদুল ইছলাম
Updated: October 28, 2020 2:35 pm

বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ইকবাল হুছেইন, বিট অফিচাৰ মাধুৰ্য শ‌ইকীয়া সহ এছ.আৰ.পি.এফ. আৰু, এ.এফ.পি. এফ. জোৱান সহ  এ্টা দলে গোপন তথ্যৰ পম খেদি অভিযান চলায়।

আজি পুৱা প্ৰায় ১০:৩০ মান বজাত বিশ্বনাথৰ বিহপুখুৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত  চলোৱা এই অভিযানত তিনিজনকৈ চিকাৰী জালত পৰে।

চিকাৰী কেইজনে আজি কিছু দিন পূৰ্বে এটা নাহৰফুটুকী বাঘ হত্যা কৰা বাঘটোৰ ছাল,  অংগ প্ৰত্যংগ সমূহ আজি বিক্ৰী কৰিবলৈ অনাৰ সময়ত হাতে লোতে আটক কৰে বন বিভাগে । আটকাধীন কেইজন ক্ৰমে : যুধিষ্ঠিৰ তাঁতি (বয়স ২৮, জিনজিয়া)

বুলেট মুণ্ডা (বয়স ৩৭, বৰঝাৰণি), সুভাষ মিৰ্ধা (বয়স  ২৪,বৰঝাৰণি)।

বন বিভাগে ঘটনাস্থলীৰ পৰা এখন  AS 12W 1840  নম্বৰৰ দুচকীয়া বাহন এখনো জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য  বন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আৰু বহু কেইজন অপৰাধীক আটক কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ।

Related News