NORTHEAST NOW (Assamese)

বিশ্বনাথত সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষলৈ সাংবাদিক

September 23, 2018 9:50 pm · কাজি জেইদুল ইছলাম
বিশ্বনাথত সাংবাদিকৰ দেওবাৰৰ সভা। ছবি- নৰ্থ ইষ্ট নাও।

অস্বীকৃতিপ্ৰাপ্ত একাংশ সাংবাদিক আৰু অস্বীকৃতিপ্ৰাপ্ত ৱে’ব মিডিয়াৰ এচাম সাংবাদিকৰ বিৰুদ্ধে বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দিবলৈ ওলাইছে স্থানীয় সাংবাদিকসকল।

বিশ্বনাথ চাৰিআলি প্ৰে’ছ ক্লাবত দেওবাৰে অনুষ্ঠিত জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

অহা ৭ অক্টোবৰত গুপ্তকাশী বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাখনত।

‘প্ৰথমবাৰৰ বাবে বিশ্বনাথত অনুষ্ঠিত হ’ব লগা উক্ত সভাখনত ৰাজ্যৰ প্ৰতিখন জিলাৰে সাংবাদিক উপস্থিত থাকিব,’ নৰ্থ ইষ্ট নাও-ক জনালে সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক ৰতন ভূঞাই।

ভূঞাই লগতে জনাই যে সন্থাৰ উক্ত সভাত বিশ্বনাথৰ ২০জন বিশেষ ব্যক্তিৰ লগত ৰাজ্যৰ জলন্ত সমস্যা আৰু সমাধানৰ উপায় সম্পৰ্কে মত বিনিময়ৰ এক কাৰ্যসূচীও অনুষ্ঠিত হ’ব।

দেওবাৰৰ সভাত জিলা সংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ শৰ্মাৰ লগতে নিৰঞ্জন হাজৰিকা, পুলক হাজৰিকা, আমিৰ খান, বসন্ত বৰা, ভাস্কৰজ্যোতি বৰা, পংকজ বৰুৱা, কাজি জেইদুল ইছলাম, জয়ন্ত বৰুৱা, আনন্দ সন্দিকৈ, ৰোহিনী কৌৰিন, হিৰণ্য বৰঠাকুৰ, জগতৰ সিং, বেদদীপ উপাধ্যায়ো উপস্থিত আছিল।

Related News