ড্ৰিব্ৰুগড় আৰু ধেমাজিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা বগীবিল দলং দুই এদিনতে মুকলি হোৱাৰ পথত। এই সময়তে উক্ত দলংখনৰ নামাকৰণ নিজৰ নিজৰ জনগোষ্ঠীৰ ঐতিহাসিক ব্যক্তিৰ নামত কৰাৰ বাবে দাবী তুলিছে ইটোৰ পিছত সিটো দল-সংগঠনে।
চুতীয়া, মিচিং, দেউৰী, কছাৰীৰ পিছত এইবাৰ কলিতাসকলেও তেওঁলোকৰ জনগোষ্ঠীটোৰ প্ৰবাদপুৰুষৰ নামত দলংখনৰ নামকৰণৰ দাবী তুলিলে। আজি দিচপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতাই কয়, “ভাৰতৰত্নেৰে বিভূষিত প্ৰয়াত অতলবিহাৰী বাজপেয়ীৰ দৰে এগৰাকী ব্যক্তিক এনেকুৱা এক ক্ষেত্ৰলৈ নানিলে আমি বেছি আনন্দিত হ’ম। মণিৰাম দেৱান যিহেতু এগৰাকী স্বাধীনতা সংগ্ৰামী গতিকে এইক্ষেত্ৰত তেওঁৰ নামেৰে নামাকৰণ কৰিলে অসমৰ ৰাইজ আনন্দিত হ’ব।”
উল্লেখযোগ্য যে ইতিপূৰ্বে চুতীয়াসকলে তেওঁলোকৰ বীৰাংগনা সাধনী দেৱীৰ নামেৰে দলংখনৰ নাম সতী সাধনী সেঁতু কৰিব লাগে বুলি দাবী কৰিছে।
ইফালে মিচিংসকলেও তেওঁলোকৰ সম্প্ৰদায়টোৰ এগৰাকী মহীয়সী নাৰী প্ৰয়াত কমলা মিৰিৰ নামেৰে চহিদ কমলা মিৰি সেঁতু হ’ব লাগে বুলি দাবী কৰিছে। সেইদৰে দেউৰীসকলে ভীমবৰ দেউৰী সেঁতু, সোণোৱাল কছাৰীসকলে ‘সলালী সেঁতু’ নাম দিবলৈ দাবী জনাই আহিছে।
ইফালে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে দলংখনৰ নামটো ভাৰতীয় সদ্য প্ৰয়াত প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ীৰ নামত নামাকৰণ কৰিব লাগে বুলি দাবী কৰিছিল। উল্লেখ্য যে নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত অনুমোদন হোৱা দলংখনৰ ২০০২ ৰ ২১ এপ্ৰিল তাৰিখে চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত নিৰ্মাণকাৰ্য্য আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল বাজপেয়ীয়ে।