কেনে পৰিস্থিতিত বিজেপি এৰিছিল বিতোপন শইকীয়াই?

বিশেষ সাক্ষাৎকাৰত বহু কথাই ক'লে প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে

Bitopon Saikia

বিধান সভা নিৰ্বাচন ২০২১ ৰ ফলাফললৈ মাত্ৰ কেইটামান দিন বাকী।সমগ্র ৰাজ্যৰ ভিতৰতে  গোলাঘাট সমষ্টিৰ সুকীয়া প্ৰতিচ্ছবিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।এইকাৰণেই ভোটগ্ৰহণৰ পিছতো  উৎকন্ঠাৰ অন্ত নাই সমষ্টিবাসীৰ মাজত।

মূলতে সমষ্টিটোত কংগ্ৰেছ- বিজেপিৰ মাজত হোৱা মূল যুজঁ খনৰ কোন জিকিব ,কোন হাৰিব ,এই লৈ এটা  ডাঙৰ প্ৰশ্ন সকলোৰে মাজত ।

খেনোয়ে কৈছে কংগ্ৰেছে কাণে কাণ মাৰি জিকিব  আকৌ খেনোয়ে কৈছে  বিজেপিৰ অজন্তা নেওগ  জিকিব। মুঠতে সমষ্টি টোত জয়- পৰাজয় এতিয়া ৫০-৫০ এক অৱস্থা।

সচেতনমহলৰ মতে নিৰ্বাচনৰ আগমূহুৰ্তত  কংগ্ৰেছ – বিজেপিৰ এই ৰদ- বদলৰ বাবেই সমষ্টিটোৰ নিৰ্বাচনী প্ৰতিচ্ছবি খন সলনি হ’ল। এতিয়া প্ৰশ্ন উঠিছে   কি পৰিস্থিতিত পৰি অজন্তা নেওগ বা বিতোপন শইকীয়াই দল বাগৰিলে !  সেই সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত পূৰ্বৰ বিজেপিৰ প্ৰাৰ্থী শইকীয়াই কয় যে বিজেপিৰ প্ৰতি তেওঁৰ আনুগত্য পূৰ্বতেও আছিল  আৰু সদায় থাকিব। মাত্ৰ দুই- এজন নেতাৰ পাকচক্ৰত পৰিহে দলটো নষ্ট হোৱাৰ উপক্ৰম হৈছে।

যিহেতু এটা দলৰ  নিজস্ব নীতি – আদৰ্শৰে পৰিচালিত  হ’য় যদিও দুই – এজন নেতাই  দলৰ নীতি – আদৰ্শক জলাঞ্জলি দি ৰাজনীতি কৰা বাবেহে তেওঁ হঠাৎ বিজেপি ত্যাগ কৰিবলীয়া হ’ল। যিহেতু দল মানেই এটা ঘৰ। ঘৰটোত যেতিয়া বেয়া মানুহৰ প্ৰৱেশ হ’ব তেতিয়া নিশ্চয়কৈ ঘৰখন ঘৰ হৈ নাথাকে।

যিহেতু  ৰাজনীতি তেওঁ ক্ষমতাৰ বাবে কৰা নাই। গোলাঘাটৰ উন্নয়নৰ বাবেহে ৰাজনীতি কৰিছে আৰু কেৱল উন্নয়নৰ লক্ষ্য ৰাখিয়েই কংগ্ৰেছত যোগদান কৰিছে।

সমষ্টি টোত সৰ্বমুঠ ২৫ পঞ্চায়ত আছে য’ত ১১ টাকৈ পঞ্চায়তৰ আজিলৈকে ভূমিৰ পট্টা কোনোখন চৰকাৰে দিয়া  নাই। গোলাঘাটৰ দৰে উৰ্বৰ ঠাইত কৃষি কৰ্মৰ যোগেদি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বহু সুবিধা আছে য’ত বহু অসমীয়া নিবনুৱা যুৱকক সংস্থাপিত কৰিব পৰা যাব।

লগতে আধুনিক শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ জৰিয়তে মানৱ সম্পদ গঢ়াতহে তেওঁ বিশেষভাৱে মনোযোগ দিব। বিজেপি ত্যাগ কৰাৰ আগমূহুৰ্তত  যদিও তেওঁক  মুখ্যমন্ত্ৰীয়ে দলৰ সন্মান ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল তথাপি  তেওঁ শেষমূহুৰ্তত দলটোত থকাৰ ইচ্ছা এইবাবেই নকৰিলে যে , তেওঁ পেছাদাৰী ৰাজনীতি নকৰে।

কোনোদিনে কাৰো পৰা একো নিবিচৰাকৈ সাধ্যনুসৰি নিজৰ শক্তিৰে গোলাঘাটত বিজেপিৰ হৈ এক ভেটি গঢ়িবলৈ চেষ্টা কৰি আহিছিল।

তেনেক্ষেত্ৰত শইকীয়াই বিজেপিত থকাৰ যুক্তি তথা গ্ৰহণযোগ্যতা বিচাৰি নাপালে বুলি ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান অসমত ধন যাৰ বল তাৰ ৰাজনীতি চলিছে ।এইক্ষেত্ৰত তেখেতৰ মন্তব্য জানিব বিচাৰাত তেওঁ স্পষ্টভাৱে কয় যে মানুহে যেতিয়া বিবেকেৰে পৰিচালিত হ’ব তেতিয়া ধনবলে ৰাজনৈতিক ক্ষেত্ৰখন কলূষিত কৰিব নোৱাৰে।

একেদৰে অজন্তা নেওগৰ বিজেপি গমনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, চাৰিটাকৈ কাল কংগ্ৰেছত জয়লাভ কৰা প্ৰাৰ্থীগৰাকীৰ দখল আছে বাবেই তেওঁক বিজেপিলৈ লৈ যোৱা হ’ল। যিহেতু বিজেপিৰ অন্তৰমহলত তৃণমূল কৰ্মীৰ কোনো কথাই নৰজে। দলৰ হাইকামাণ্ডাৰ নিৰ্দেশ অনুযায়ী সকলো পৰিচালিত হ’ব  লাগে।

কংগ্ৰেছত হাইকামাণ্ডাৰ নিৰ্দেশ নচলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে, বৰ্তমান কংগ্ৰেছত মই নতুন। দলটোৰ ভিতৰচৰাৰ কথা ইমানখিনি জনা হোৱাগৈ নাই যদিও দলৰ সাংগঠনিক ব্যৱস্থাত ভালখিনি গ্ৰহণ কৰি বেয়াখিনি সকলোৰে লগত আলোচনামৰ্মে ভাল কৰিবলৈ চেষ্টা কৰিম ।

অসমৰ প্ৰধান ইচ্ছ্যু  “কা”  সন্দৰ্ভত নেতা গৰাকীয়ে সৱল যুক্তি দাঙি ধৰি কয় যে, বিজেপিত থকা সময়তো অসমত অত্যাধিক  বিদেশীৰ বোজা জাপি দিয়া “কা” আইন তেওঁ সমৰ্থন কৰা নাছিল আৰু কোনোকালে নকৰে। অসমীয়া জাতিক প্ৰতাৰণা কৰা এই আইনে জাতিটোৰ ভাষা- সংস্কৃতিৰ বাবে এক অভিশাপস্বৰূপ। সমষ্টিটোত জয়ী হলে প্ৰথম পদক্ষেপ কি হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰ দি কয় যে,”ওঁঠত কথা মুখত তেল ,নৌ খাওতে চেল-বেল” বুলি অসমীয়াত এষাৰি বাক্য আছে। গতিকে বিশেষ নকয় সমষ্টিটোত কৰিবলগীয়া বহুত কাম আছে বুলি ব্যক্ত কৰি সময়ত গোলাঘাটৰ বিজ্ঞসমাজৰ লগত আলোচনামৰ্মে আগবাঢ়িম বুলি মন্তব্য কৰে।

লক্ষ্যণীয় যে , বিজেপিৰ তৃণমূল কৰ্মী বিতোপন শইকীয়াৰ  কংগ্ৰেছত যোগদান আৰু প্ৰাৰ্থীত্ব লাভ কৰাত  বহ বিজেপিৰ কৰ্মীয়ে সমৰ্থন আগবঢ়াইছে ।এইবাবেই যে  এই মাটি – মানুহৰ ৰাজনীতিবিদ জনৰ সৰলতাই বহুজনক আকৰ্ষণো কৰিছিল। বহু যুৱকৰ সংস্থাপনৰ বাট মোকলাই দিয়া শইকীয়া সৰল অসমীয়াৰ মাজত অতিকৈ জনপ্ৰিয়।

একেদৰে অজন্তা নেওগৰ জনপ্ৰিয়তাও সমষ্টিটোত বিদ্যমান। যিহেতু কংগ্ৰেছৰ দিনত প্ৰধানকৈ গোলাঘাটৰ বাট-পথে নতুনকৈ প্ৰাণ পাই উঠিছিল ।

নিঃসন্দেহে সমষ্টিটোত যথেষ্ট কাম হৈছিল। যাৰবাবে শ্ৰেষ্ঠ নগৰৰ খিতাপ পাবলৈ সক্ষম হৈছিল গোলাঘাট। কেৱল গোলাঘাটৰে নহয় সমগ্ৰ অসমৰ  এগৰাকী বলীষ্ঠ নেত্ৰী আছিল অজন্তা নেওগ ।  মানুহৰ বিশ্বাস ,আস্থাক নেওচা দি   কংগ্ৰেছৰ ভেটি গঢ়োতা অজন্তা নেওগৰ হঠাৎ এই বিজেপি গমন সচেতন মহলে সহজভাৱে লোৱা নাই।

সেইবাবেই হয়তো  আজি গোলাঘাট সমষ্টিত সকলোৰে দৃষ্টি নিবদ্ধ আছে। সকলোবোৰ দিশ চালি-জাৰি চাই  ক’ব পাৰি যে , এই দুই শক্তিশালী প্ৰাৰ্থীৰ মাজত এইবাৰ নিৰ্বাচনৰ  তুমূল ৰণ হোৱাটো খাটাং।

আৰু  নিশ্চিতভাৱে  খুউব কম ভোটৰ ব্যৱধানে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ লগতে  সমষ্টিটোৰ ভৱিষ্যত।