মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বিয়াওৰাৰ ২১ বছৰীয়া যুৱকজনৰ নাম সুৰেন্দ্ৰ সিং চৌধুৰী। তেওঁ বিজ্ঞান শাখাৰ স্নাতক মহলাৰ ছাত্ৰ। সম্প্ৰতি ইণ্টাৰনেটৰ পৃথিৱীত সুৰেন্দ্ৰ জনপ্ৰিয় ‘বিট্টু তাবাহি’ নামেৰে। চৰকাৰ বা বৃহৎ সংস্থাৰ সহায় নোলোৱাকৈ প্ৰচণ্ড ইচ্ছাশক্তিৰে তেওঁ ঘৰৰ ওচৰৰ অজনাৰ নামৰ লেতেৰা নদীখন অকলে পৰিষ্কাৰ কৰি সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। সামাজিক মাধ্যমত বিট্টুৱে প্ৰকাশ কৰা নদীখনৰ ‘আগৰ’ আৰু ‘পাছৰ’ দৃশ্যই সকলোৰে চকু থৰ কৰে। ২০২৬ চনৰ ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা তেওঁ নদীখন পৰিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত কেইজনমান বন্ধুৱে সহায় কৰিছিল যদিও পিছলৈ বিট্টু সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। প্ৰতিদিনে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অকলেই নদীত নামি আৱৰ্জনা বুটলাৰ কাম আৰম্ভ কৰে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিট্টুৱে সাঁতুৰিব নাজানিছিল আৰু তেওঁৰ ওচৰত কোনো বিশেষ সুৰক্ষা সঁজুলিও নাছিল। স্বাভাৱিকতেই বিষাক্ত লেতেৰা পানী আৰু বোকাত নামি কাম কৰাৰ বাবে হাত-ভৰিত গুৰুতৰ সংক্ৰমণ হৈছিল। ইয়াৰ উপৰিও লেতেৰা জাবৰৰ মাজত থকা অসংখ্য সাপেও অশান্তি কৰিছিল। এনে অজস্ৰ প্ৰতিকূলতাৰ মাজতো বিট্টুৱে নিজৰ জেপ খৰচৰ প্ৰায় ৩০,০০০ টকাৰে জাবৰ পেলোৱা বেগ, সঁজুলি আৰু ডাষ্টবিন কিনে। নদীখন পৰিষ্কাৰ কৰি থকা অৱস্থাত বহু লোকে তেওঁক উপলুঙা কৰিছিল। কেৱল সামাজিক মাধ্যমত ভিউজৰ বাবে এই নাটক কৰিছে বুলি সমালোচনা কৰা মানুহৰো অভাৱ নাছিল। আনকি চাফা কৰি থকা দেখিও মানুহে জাবৰ বা পূজাৰ সামগ্ৰী পেলাবলৈ এৰা নাছিল। কিন্তু বিট্টুৱে অসীম ধৈৰ্যৰে অকলে এখন আৱৰ্জনাময় নদী পৰিষ্কাৰ কৰি পুৰণি কথাটো নতুনকৈ প্ৰমাণ কৰিলে যে, মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই।
প্ৰাচীন ভাৰতীয় সভ্যতাৰ ইতিহাস হাজাৰ বছৰ পুৰণি। কিন্তু দুখৰ কথা যে ভাৰতীয়সকলক সংস্কৃত হ’বলৈ আৰু কেইবা হাজাৰ বছৰৰ প্ৰয়োজন হ’ব। এই বিষয়ত এতিয়া আৰু কোনো দ্বিমত থাকিব নোৱাৰে যে বৰ্তমান সময়ৰ আটাইতকৈ চিন্তনীয় সমস্যাসমূহৰ ভিতৰত পৰিৱেশ প্ৰদূষণ অন্যতম। জীৱনদায়িনী নদী বা প্ৰাকৃতিক জলাশয়ৰ অভাৱ আমাৰ নাই। কিন্তু দুৰ্ভাগ্যৰ কথা যে অত্যধিক প্ৰেম আৰু ভক্তিৰসত নিমজ্জিত হৈ আমি নদীবোৰক পূজাৰ সামগ্ৰী আৰু আৱৰ্জনাৰে ভৰাই পেলাইছো। নদীক পূজা কৰা মানুহবোৰে ঘৰৰ সমস্ত ময়লা আনি নদীৰ বুকু উপচাই দিয়েহি। ভাৰতীয়সকলৰ এই প্ৰেম দেখিলে আমিৰ খান অভিনীত ‘পি কে’ চিনেমাখনলৈ মনত পৰে। পি কেত এলিয়েন আমিৰ খানে কৈছে, এজন মানুহে মই কুকুৰা ভালপাওঁ বুলি ক’লে ভুল নুবুজিবা। এই ভালপাওঁৰ অৰ্থ মৰম বা ৰক্ষণাবেক্ষণ নহয়। ইয়াৰ অৰ্থ কুকুৰাটো চিধাই তন্দুৰত বা গৰম তেলত পৰি মানুহৰ পেটলৈ যোৱাহে! আড্ডাত ব্যৱস্থাক গালি পৰা আৰু ঘৰখন-পদূলিটো চিকুণাই জাবৰ-জোঁথৰবোৰ কাষৰ পদূলিটোলৈ ঠেলি দিয়াই মানুহৰ অভ্যাস। কোটিটকীয়া গাড়ীৰ পৰা পানীৰ বটল দলিয়াই ৰাস্তা লেতেৰা কৰা, চিটিবাছ-বাইক-গাড়ীৰ পৰা ফিল্মী কায়দাত গুটখাৰ পিক পেলোৱা অসমীয়া ৰজনীকান্তৰো অভাৱ নাই। সকলোৰে চিন্তা মুঠতে ঘৰখন চাফা হৈ থাকক। বাকীবোৰ জহন্নামে যাওক।
অৱশ্যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ দেশ। বিচিত্ৰ ইয়াৰ মানৱ চৰিত্ৰও। পত্নীপ্ৰেমত দশৰথ মাঝিয়ে পৰ্বতৰ মাজত অকলেই ৰাস্তা কাটি উলিওৱা, স্বামীৰ চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰৰ ৬০ বছৰীয়া লতা ভগৱান খাৰেই শুদা ভৰিৰে শাৰী পিন্ধি মাৰাথন দৌৰত জয়ী হোৱা ভাৰতবৰ্ষত অসম্ভৱ বুলি কিবা আছে নে? যদিহে মনেৰে কৰিম বুলি ডাঠি লয়, অসম্ভৱ বুলি একো নাই।
ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই বিট্টুৰ এই কামক টুইটাৰত শ্বেয়াৰ কৰি সমগ্ৰ দেশৰ বাবে এয়া Monday Motivation অৰ্থাৎ নতুন দিনৰ শক্তি বা প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। নেদাৰলেণ্ডৰ বিশ্ববিখ্যাত পৰিৱেশ সংস্থা ‘দ্য অ’চেন ক্লীনআপ’ৰ প্ৰতিষ্ঠাপক বয়ান স্লেটে বিট্টুৰ কামত অভিভূত হৈ সামাজিক মাধ্যমত পোনপটীয়াকৈ প্ৰস্তাৱ দিয়ে “আমাৰ সৈতে কাম কৰিবলৈ আহা”। ইয়াৰ জৰিয়তে বিট্টুৰ কামে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। বিট্টু তাবাহি সাধাৰণ হ’লেও ব্যতিক্ৰম। বিট্টুৱে কম বয়সীয়া জীৱনত অভিজ্ঞতাৰ পৰা বুজিছে যে আনক জগৰীয়া কৰিলেই সমস্যা সমাধান নহয়। আমি প্ৰথমে নিজে সজাগ হ’ব লাগিব। নিজে সজাগ হ’লেহে আনক জগৰীয়া কৰাৰ নৈতিক অধিকাৰ থাকে।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে বিট্টু তাবাহিক তেওঁৰ আৱাসগৃহলৈ আমন্ত্ৰণ জনাই যুৱকজনৰ এই অপূৰ্ব দেশপ্ৰেম তথা দৃঢ়তাক প্ৰশংসা কৰাৰ লগতে চৰকাৰী সহায়ৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া প্ৰচাৰ কৰে। তাকে দেখি প্ৰখ্যাত ইউটিঊবাৰ ধ্ৰুৱ ৰাঠীয়ে মন্তব্য কৰিছিল – “তেওঁলোকে এতিয়া কৃতিত্ব ল’বলৈ আহিছে। ল’ৰাটোৱে অকলেই গোটেই কামখিনি কৰাৰ পাছত যেতিয়া ভাইৰেল হ’ল, তেতিয়া তেওঁলোকে তাক ফটো তুলিবলৈ মাতি আনিলে। আৰু বেপৰোৱা মানসিকতাৰে তাক কি ক’বলৈ লগাইছে? যে ‘চৰকাৰে ইতিমধ্যে নিজৰ কাম কৰি আছে।’ চৰকাৰে কি কৰিছে? একো নাই। কেৱল প্ৰচাৰ চলাইছে।” অৱশ্যে ৰাঠীৰ এই মন্তব্যক অত্যন্ত শালীনভাৱে প্ৰত্যুত্তৰ দিয়ে বিট্টুৱে – “ধ্ৰুৱ দাদা এয়া কৃতিত্ব লোৱাৰ কথা নহয়। চৰকাৰে মোৰ কামক আগতেও প্ৰশংসা কৰিছিল। আচল সমস্যাটো হৈছে নাগৰিক চেতনা বা সমাজৰ প্ৰতি থকা দায়িত্ববোধ। মই কেৱল ইয়াকে বিচাৰো যাতে মানুহে নিজৰ দায়িত্ব বুজি পায় আৰু মই কৰাৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে আগবাঢ়ি আহে।”


