• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত ৯ খন জিলাক সামৰি বিজেপিৰ মাণ্ডলিক পৰ্যায়ত সাংগঠনিক সভা

যি জিলাত উপ নিৰ্বাচন হ'ব ,সেই জিলাৰ কাৰ্যকৰ্তাসকলে কঁকালত টঙালি বান্ধি ওলাইছে - ফনীন্দ্ৰ নাথ শৰ্মা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 1, 2021 2:28 pm
181
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উদ্যোগত আজি দলটোৰ বঙাইগাঁও জিলা কাৰ্যালয়ত ৯ খন সাংগঠনিক জিলাক সামৰি এখন মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷

অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পুলক গোঁহাইৰ উপস্থিতিত অনুষ্ঠিত এই সাংগঠনিক সভাত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী, পূৱ ধুবুৰী, দক্ষিণ শালমাৰা- মানকাচাৰ, বৰপেটা আৰু বজালী সাংগঠনিক জিলাৰ সভাপতিসকল , সাধাৰণ সম্পাদকসকল ,জিলা প্ৰভাৰী, সহ প্ৰভাৰী, ৰাজ্যিক বিষয়ববীয়া আদি উপস্থিত থাকে ৷

সাংগঠনিক সভাত মূলত দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ লগতে দলটোৱে পালন কৰিবলগীয়া বিভিন্ন অনুষ্ঠান তথা কাৰ্যসূচী আদিৰ বিষয় আদি আলোচনা কৰা হয় ৷
ইপিনে সভাৰ অন্তত প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইখন এখন সাংগঠনিক বৈঠক আছিল ৷

সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলা আছে আৰু বিভিন্ন বিষয় আলোচনা আৰু পৰ্যোলোচনা কৰিবলৈ তথা সাংগঠনিক বিষয় আৰু ভৱিষ্যযত কাৰ্যপন্থা নিৰূপণৰ বাবে সেই সাংগঠনিক জিলা কেইখনক ছয়টা জ’নত বিভক্ত কৰি লৈছিলো ৷

সেই ছয়টা জ’নৰ ভিতৰত নখন জিলাক সামৰি বৃহস্পতিবাৰে বঙাইগাঁৱত এখন মাণ্ডলিক সংগঠনিক সভা অনুষ্ঠিত হয়৷ এই সভাত আমি সংগঠনৰ বিভিন্ন বিষয় সন্দৰ্ভত অতি পুংখানুপুংখভাৱে আলোচনা কৰিলো আৰু সংগঠনটোক আগন্তুক দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰিছো ৷

আনহাতে সাংগঠনিক সভাত উপস্থিত থকা অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাগক ফনীন্দ্ৰ নাথ শৰ্মাক উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কয় যে যি জিলাত উপ নিৰ্বাচন হ’ব ,সেই জিলাৰ কাৰ্যকৰ্তাসকলে কঁকালত টঙালি বান্ধি ওলাইছে ৷

নিৰ্বাচনত যি দলেই অৱতীৰ্ণ নহওক কিয় আমি প্ৰাৰ্থী বিজয়ী কৰাম ৷ সাংগঠনিক সম্পাদকগৰাকীয়ে আন কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ আগন্তুক কেবিনেট বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৷

সেয়ে তাৰ পূৰ্বে দলে নখন সাংগঠনিক জিলাক সামৰি অনুষ্ঠিত কৰা সাংগঠনিক সভাই বিশেষ গুৰুত্ব বহন কৰিছে ৷

Recent News

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd