• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে “কেব” আনি অসম চুক্তি আৰু NRC-ক দলিয়াই পেলাব বিচাৰিছে : তৰুণ গগৈ

"হিমন্তই ছিণ্ডিকেটো চিনি নাপায়, “সাৰদা”কো চিনি নাপায়, প্ৰদ্যুতকো চিনি নাপায়" কটাক্ষ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2019 2:35 pm
Tarun Gogoi PressMeet

নিউ মিনিষ্টাৰ কলনিত থকা আবাসত সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ২৫ ছেপ্টেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি আৰু আৰ এছ এছে নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অসম চুক্তি আৰু এন আৰ চিক দলিয়াই পেলাব বিচাৰিছে বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

গগৈয়ে আজি নিউ মিনিষ্টাৰ কলনিত থকা তেওঁৰ আবাসত এখন সংবাদমেল সম্বোধন কৰে।

Apply Now

“কেব” আনিলে অসমৰ ভাষা, কলা-সংস্কৃতি শেষ হৈ যাব বুলি শংকা প্ৰকাশ কৰি গগৈয়ে বিজেপিয়ে এই কামটোকে কৰিবলৈ উঠি-পৰি লাগিছে বুলি দাবী কৰে। তেওঁৰ মন্তব্য, “বিজেপিয়ে জাতি-মাটি-ভেটি বিক্ৰী কৰিবলৈ ওলাইছে”।

“বিজেপিৰ ৰাজ্যিক নেতৃত্বই মোদী-অমিত শ্বাহক “হয় হুজুৰ” কৰি অসমীয়া জাতিৰ ধ্বংসযজ্ঞ পাতিছে। অগপ নেতা অতুল বৰা, প্ৰফুল্ল মহন্তই ইয়াত ঘিউ ঢালিছে। মুখেৰে তেওঁলোকে বিৰোধ কৰি আছে বিলখনৰ। অগপই ভাষা-সংস্কৃতি ৰক্ষাৰ কথা কয় যদিও এতিয়া স্থিতি নৰম দেখা গৈছে”, গগৈয়ে কয়।

আছু, অসম সাহিত্য সভা আৰু কৃষক মুক্তিৰ দৰে দল-সংগঠনবোৰৰো পদক্ষেপ বাঞ্ছনীয় ধৰণৰ নহয় বুলি অভিযোগ কৰে। এই দল-সংগঠনবোৰে আগতে বিৰোধ কৰিছিল যদিও এতিয়া নিমাত বুলি কৈ গগৈৰ মন্তব্য, “আগতে আমাক গালি পাৰিছিল যিকোনো কথাত। এতিয়া বুজাবুজি হ’ব পাৰে বুলি অলপ সন্দেহ আছে। লেনদেন হৈছে বুলি নকওঁ, কাৰণ মোৰ হাতত প্ৰমাণ নাই”।

বিজেপি আৰু এছ এছৰ এক সংস্কৃতি, এক জাতি, এক ধৰ্ম আৰু এক দলৰ মনোভাব গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক আখ্যা প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ।

হিন্দু বাংলাদেশীসকল অত্যাচাৰৰ বলি হৈ ভাৰতলৈ অহা বুলি বিজেপিয়ে চলাই অহা প্ৰচাৰ সন্দৰ্ভত মন্তব্য দি গগৈৰ মন্তব্য, “মোৰ দিনত এজনো অত্যাচাৰৰ বলি হৈ অহা আবেদন নাছিল, মহন্তৰ দিনতো অহা নাছিল। ১৯৮৬-ৰ পৰা ২০১৬-লৈকে এজনো শৰণাৰ্থী অত্যাচাৰৰ বলি হৈ অহা নাই। এওঁলোকে এতিয়া শৰণাৰ্থীক নিমন্ত্ৰণ কৰিছে”।

প্ৰাক্তন সতীৰ্থ আৰু এতিয়াৰ বিজেপি মন্ত্ৰী হিমন্তক উভতি ধৰি গগৈয়ে কয়, “এন আৰ চিখন ৰিজেক্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? কেন্দ্ৰীয় চৰকাৰে এইখন ৰিজেক্ট কৰিব পাৰে। কিন্তু ৰিজেক্ট কৰাও ইমান সহজ নহয়। যদি “কেব” আনিব বিচাৰিছিলেই ইমান হাজাৰ কোটি টকা খৰচ কৰি এইখন কিয় প্ৰস্তুত কৰিলে? আমি এন আৰ চি ৰিজেক্ট নকৰো, কিন্তু পুনৰীক্ষণ বিচাৰো।”

“হিমন্তই ছিণ্ডিকেটো চিনি নাপায়, সাৰদাকো চিনি নাপায়, প্ৰদ্যুতকো চিনি নাপায়, কেইদিনমানৰ পাছত ক’ব তৰুণ গগৈকো চিনি নাপাওঁ। বিজেপি চৰকাৰ যদি দুই নম্বৰী, হিমন্ত তিনি নম্বৰী।” গগৈৰ কটাক্ষ।

মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ৰ “হাউডি মোদী” অনুষ্ঠানটোকো কটাক্ষ কৰি গগৈয়ে কয়, “দুয়োজনে ভাল নাটক কৰিলে। মোদীয়ে অমিতাভ বচ্চনৰ দৰেই অভিনয় কৰিলে, ট্ৰাম্পতো অভিনয়ত এখোপ চৰা, ভালদৰে সাৱটা-সাৱটি ধৰি ভাল অভিনয় কৰিলে। ট্ৰাম্প কম মানুহ নহয়। পাকিস্তানৰ লগতো আলোচনা কৰিলে মোদীক লগ কৰাৰ পিছদিনাই। তেওঁ পাকিস্তানে সন্ত্ৰাসবাদ কৰিছে বুলি কেতিয়াও পোনপটীয়াকৈ কোৱা নাই।”

ৰাজ্যৰ সাম্প্ৰতিক অৱস্থাৰ কথা ক’বলৈ গৈ গগৈয়ে কয়, “অসমত ল’ৰা ৰজাৰ শাসন চলি আছে। অসমত আইন-শৃংখলা চলাই নাই, কোনো নিয়ন্ত্ৰণ নাই। তেওঁলোক কেৱল কমিশ্যনত ব্যস্ত। আৰক্ষী বিষয়াক ছিণ্ডিকেট কৰিবলৈ লগাই দিছে। যোৰহাট কাণ্ডৰ মূল অভিযুক্তক চাৰ্জছীটত সাক্ষী সজাই দিলে তেওঁ বিজেপি নেতা আছিল বাবে।”

ৰাজ্যত উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতো কালি চৰকাৰে দুখনকৈ আঁচনি ঘোষণা আৰু মুকলি কৰাকো সমালোচনা কৰে গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd