• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ ৰাজ্যসভালৈ ভূৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰী; জয় নিশ্চিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2020 8:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ১৭ খন ৰাজ্যৰ ৮৩ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন। অহা ৯ এপ্ৰিলত ৰাজ্যৰ তিনিখনকৈ ৰাজ্যসভাৰ আসনৰ সময়সীমা উকলিব।

ইয়াক লৈ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে আৰম্ভ কৰিছে ৰাজনৈতিক সমীকৰণ। তিনিওখন আসনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত বহু জল্পনা কল্পনা চলি থকাৰ মাজতে দুখন আসনৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিজেপিয়ে।

Apply Now

প্ৰথমখন আসনত সদ্য পদত্যাগী প্ৰাক্তন কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাকে পুনৰবাৰ প্ৰাৰ্থীত্ব দিলে বিজেপিয়ে। দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে প্ৰক্ষেপ কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীক।

কংগ্ৰেছক দুৰ্বল কৰি বিজেপিত যোগদান কৰা ভুৱনেশ্বৰ কলিতাক পুনৰবাৰ পুৰস্কৃত কৰিলে বিজেপিয়ে। বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই এই কথা প্ৰকাশ কৰিছে। যোৱা বৰ্ষৰ ৫ আগষ্টত ৰাজ্যসভাৰ সাংসদৰ পৰা পদত্যাগ কৰিছিল কলিতাই। তাৰ পাছতে কলিতাই ৯ আগষ্টত বিজেপিত যোগদান কৰিছিল।

উল্লেখ কৰিব পাৰি যে, খালী হ’বলগীয়া তিনিখন আসনৰ ভিতৰত দুখন আসনৰ বিজয়ত নিশ্চিত শাসকীয় বিজেপি।

অৱশ্যে তৃতীয়খন আসন নিজৰ দখললৈ অনাৰ বাবে কুচ-কাৱাজ অৱ্যাহত ৰাখিছে বিৰোধী কংগ্ৰেছ আৰু AIUDF-এ। তথাপিও যেন সেই আসনৰ প্ৰতি শেন চকু ৰাখিছে বিজেপিয়ে। চলে বলে কৌশলে নিজৰ হাতলৈ সেই আসনখন অনাৰ বাবে চেষ্টা অৱ্যাহত ৰাখিছে বিজেপিয়ে।

তৃতীয়খন আসনত জয়ী হ’বলৈ প্ৰাৰ্থীগৰাকীক প্ৰয়োজন হয় ৩২ টা ভোট। বিজেপি আৰু মিত্ৰজোঁটৰ হাতত আছে ২৩টা ভোট। তৃতীয়খন আসনত বিজেপি প্ৰাৰ্থী জয়ী হ’বলৈ মাথো প্ৰয়োজন হ’ব ৯ টা ভোট।

তৃতীয়খন আসনৰ বাবে বিজেপিয়ে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, ৰমেন ডেকা বা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ বিজেপিয়ে প্ৰকাশ কৰিব এই নাম।

কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা কংগ্ৰেছ AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হোৱা বাবে অসন্তুষ্ট বহুকেইজন বিধায়ক তথা জ্যেষ্ঠ নেতা। এইক্ষেত্ৰত বহু বিধায়ক ভোটদানৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা আছে। তদুপৰি কিছুসংখ্যক বিধায়কে নিজৰ ভোট কেঞ্চেল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

যদি সূত্ৰটোৱে দাবী কৰা মতে হয়, তেন্তে কংগ্ৰেছ AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী পৰাজিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

ইপিনে, বিজেপিয়ে প্ৰথম আসনৰ পৰা প্ৰাক্তন কংগ্ৰেছীক অগ্ৰাধিকাৰ দিয়াক লৈ চৰ্চা হৈছে। অসমৰ পৰা ভূৱনেশ্বৰ কলিতা আৰু মধ্যপ্ৰদেশৰ পৰা সদ্য পদত্যাগী কংগ্ৰেছী জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰাৰ্থীত্ব দিছে বিজেপি। এনেক্ষেত্ৰত অন্য জ্যেষ্ঠ বিজেপি নেতা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত বিজেপিত পুৰণি তথা জ্যেষ্ঠ নেতাৰ অভাৱ নেকি বুলি একাংশই প্ৰশ্ন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd