কৃষকৰ ক্ষোভ! নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হ’ল বিজেপি প্ৰাৰ্থী

ইটোৰ পিছত সিটোকৈ কৃষক বিৰোধী কাৰ্যকলাপৰ ফল ভুগিছে ভাৰতীয় জনতা পাৰ্টিয়ে। পাঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ  ক্ষোভিত কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হয় বিজেপি প্ৰাৰ্থী প্ৰণীত কৌৰ। প্ৰাৰ্থীগৰাকীক কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক সকলে।

দীৰ্ঘদিন ধৰি কৃষক সংগঠনসমূহে নিজৰ বিভিন্ন দাবী উত্থাপন কৰি ৰাজপথত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই প্ৰতিবাদৰ জুই এতিয়াও কৃষকৰ মাজত উমি উমি জ্বলি আছে। এই ক্ষোভৰেই যেন বৰ্হিপ্ৰকাশ ঘটিল দেওবাৰে।

দেওবাৰে ক্ৰান্তিকাৰী কিষাণ ইউনিয়ন, বি কে ইউ, কুল হিন্দ কিষাণ সভা, কীৰ্তি কিষাণ ইউনিয়নকে ধৰি কেইবাটাও কৃষক সংগঠনে নিৰ্বাচনী প্ৰচাৰত যোৱা বিজেপি প্ৰাৰ্থী প্ৰণীত বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে। 

বিজেপি প্ৰাৰ্থীৰ ৰোড শ্ব’ অনুষ্ঠিত হৈ থকা পথৰ দুয়োকাষে ক’লা পতাকা লৈ থিয় হয় কৃষকসকলে। এজন প্ৰতিবাদকাৰী কৃষকে কয়, “ আমি সকলোৱে প্ৰাৰ্থীগৰাকীৰ বাবে অপেক্ষা কৰি আছিলো। আমি তেওঁৰ পথ বন্ধ কৰিবলৈ চেষ্টা কৰি ক’লা পতাকা দেখুৱাওঁ। বহু কৃষকে ক’লা পতাকা লৈ তেওঁৰ গাড়ীৰ পিছে পিছে যায়।”

ইফালে এই ঘটনা সন্দৰ্ভত প্ৰণীত কৌৰে কয় যে আমাৰ গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। কৃষিয়েই হৈছে আমাৰ দেশৰ মূল জীৱিকা। তেওঁলোকৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰৰ আগত দাঙি ধৰিবলৈ সদায় চেষ্টা কৰি আহিছো আৰু আগলৈও আগবঢ়াই লৈ যাম।

কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হোৱা পঞ্জাৱৰ তৃতীয়জন বিজেপি প্ৰাৰ্থী প্ৰণীত। ইয়াৰ পূৰ্বে কৃষকসকলে ফৰিদকোটৰ প্ৰাৰ্থী হন্সৰাজ আৰু তৰণজিৎ সিং সন্ধুক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মন কৰিবলগীয়া যে প্ৰণীত কৌৰ হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ পত্নী। শেহতীয়াকৈ প্ৰণীতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। চাৰিবাৰৰ সাংসদ প্ৰণীত কৌৰ।