শাৰীৰিক অসুস্থতাৰ বাবে প্ৰচাৰৰ পৰাও বিৰত আছিল; নিৰ্বাচনৰ পিছদিনাই মৃত্যু বিজেপি প্ৰাৰ্থীৰ!

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু। ফাইল ফটোঃ সংগ্ৰহীত।

নিৰ্বাচনৰ পিছদিনাই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু ঘটে। তেওঁ দীৰ্ঘদিন ধৰি শাৰীৰিক ৰোগত ভুগি আছিল। অসুস্থতাৰ বাবে নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাছিল। শুকুৰবাৰে মোৰাদাবাদ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পিছদিনা শনিবাৰে দিল্লী এইমছ হাস্পাতালত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭১ বছৰ।

২০১৪ চনত সৰ্বেশ সিং প্ৰথমবাৰৰ বাবে মোৰাদাবাদ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনতো তেওঁক মনোনীত কৰে বিজেপিয়ে। জয়ী হৈ তেওঁ দ্বিতীয় বাৰৰ বাবে সাংসদ হয়। ইয়াৰ পিছত ২০২৪ত তৃতীয়বাৰৰ বাবে মোৰাদাবাদৰ বাবে দলটোৱে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে।

অৱশ্যে টিকট পোৱাৰ পিছতো এইবাৰ শাৰীৰিক কাৰণত তেওঁ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল। সেই সমষ্টিত তেওঁৰ সমৰ্থনত বিজেপি নেতৃত্বই প্ৰচাৰ চলাইছিল। কিন্তু তেওঁক প্ৰচাৰ অভিযানত এদিনো দেখা পোৱা নগ’ল।

লগতে পঢ়কঃ মণিপুৰৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; দাবী উত্থাপন কৰিছিল কংগ্ৰেছে

উত্তৰ প্ৰদেশৰ বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়ে সংবাদ প্ৰতিষ্ঠানক জনাইছে যে সৰ্বেশ সিঙৰ ডিঙিত কিছু সমস্যা হৈছিল। দীৰ্ঘদিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল। কিছুদিন পূৰ্বে তেওঁৰ ডিঙিৰ অস্ত্ৰোপচাৰো কৰা হৈছিল। শনিবাৰে তেওঁ দিল্লী ইএমএছত শাৰীৰিক পৰীক্ষা কৰিবলৈ গৈছিল। তাতে আকৌ তেওঁৰ অসুখ বাঢ়ি গ’ল। চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

সৰ্বেশ সিং পেছাত এগৰাকী ব্যৱসায়ী। তেওঁ উত্তৰ প্ৰদেশৰ বিজেপিৰ বলিষ্ঠ নেতা আছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি মোৰাদাবাদৰ পৰা সংসদ সদস্য হোৱাৰ পূৰ্বে তেওঁ ঠাকুৰদ্বাৰা বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পুত্ৰ সুশান্ত সিঙো বিজেপিৰ বিধায়ক।

লগতে পঢ়কঃ IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

মোৰাদাবাদকে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ আঠটা সমষ্টিত শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৬০ শতাংশতকৈ অলপ বেছি ভোটদান হৈছে। মোৰাদাবাদত ভোটাদানৰ হাৰ ৬০.৬০ শতাংশ।