NORTHEAST NOW (Assamese)

প্ৰথমবাৰলৈ পঞ্চায়তত গেৰুৱা বাহিনীৰ চমকপ্ৰদ সাফল্য : আত্মহাৰা নেতা-কৰ্মী

December 13, 2018 10:29 pm · কল্পজ্যোতি শইকীয়া
Updated: December 13, 2018 10:41 pm
বিজেপিৰ ৰাজ্যিক কাৰ্যালায়ত দলীয় কৰ্মীৰ আনন্দ উল্লাস। ফটো : নৰ্থইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনত বহুসংখ্যক আসন দখল কৰি প্ৰথম স্থানত থকা বিজেপিৰ দ্বিতীয় শাৰীৰ নেতা আৰু কৰ্মীসকলে ফটকা আতচবাজী ফুটাই উদযাপন কৰিলে বিজয় উৎসৱ। উক্ত বিজয় উৎসৱত ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কোনো শীৰ্ষ নেতা উপস্থিত নাছিল।

ইয়াৰ বিপৰীতে উক্ত বিজয় উৎসৱত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধিকে ধৰি অন্যান্য নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰিলে।

বিজেপি নেতা কৰ্মীৰ আনন্দ উল্লাস। ফটো : নৰ্থইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰলৈ চমকপ্ৰদ সাফল্য লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা বিজেপিৰ নেতা-কৰ্মীসকলে এক উৎসৱমুখৰ পৰিবেশৰ সূচনা কৰিলে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত। মহিলা মৰ্চাই বিহুগীত পৰিবেশন কৰি নৃত্য কৰাৰ লগতে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীসকলে।

ইপিনে, আনন্দত আত্মহাৰা হৈ পৰা মহিলা কৰ্মীসকলে দলীয় পতাকা গচকি বিহু নৃত্য পৰিবেশন কৰাৰ দৃশ্যও বন্দী হ’ল আমাৰ কেমেৰাত। অৱশ্যে তেওঁলোকে আনন্দ-উল্লাসত গমকে নাপালে পতাকা গচকি নৃত্য কৰাৰ কথা। অৱশেষত এগৰাকী নেতাই কোৱাতহে মহিলা কৰ্মীসকলে কথাটো লক্ষ্য কৰি ভৰিৰে গচকা গামোচাকে পুনৰ ডিঙিত আঁৰি লয়।

আনহাতে, আনন্দ-স্ফূৰ্তিৰ মাজতে ঘটিল এক সৰু ঘটনা। কলগছ জ্বলাবলৈ লওঁতে বিস্ফোৰণ হৈ গোবিন শইকীয়া নামৰ এগৰাকী কৰ্মীয়ে চকু আৰু মুখত সামান্য পৰিমাণে আঘাত পায়।

যি-কি নহওঁক সৰু সৰু ঘটনাৰ মাজেৰেই বিজয় উৎসৱ পালন কৰিলে ৰাজ্যিক বিজেপিয়ে। উক্ত বিজয় উৎসৱত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথমবাৰৰ বাবে সৰ্বাধিক আসন লাভ কৰাত উৎফুল্লিত হৈ পৰে।

‘২০১৩ চনত বিজেপিয়ে মাত্ৰ ১৫ খন জিলা পৰিষদ দখল কৰিছিল। সেই সংখ্যা দহ গুণে বৃদ্ধি পাই বৰ্তমানলৈকে ১৫০ খন জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে,‘ -এই মন্তব্য মাৰ্ঘেৰিটাৰ।

তদুপৰি, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধিয়ে নৰ্থ ইষ্ট নাওৰ জৰিয়তে বিজেপিক জয়ী কৰোৱাত সহায় কৰা সকলোকে ধন্যবাদ জনোৱাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে।

Related News