NORTHEAST NOW (Assamese)

অতুল বৰাৰ জনপ্ৰিয়তাৰ চিন : দিচপুৰ সমষ্টিৰ প্ৰায়কেইটা পঞ্চায়তত বিজেপিৰ অগ্ৰগতি

December 12, 2018 1:31 pm · অনিৰ্বাণ পাঠক
Updated: December 12, 2018 1:36 pm
মহানগৰীৰ সোণাৰাম হাইস্কুলত ১২ ডিচেম্বৰত পুৱাৰ ভাগত ভোটগণনা স্থলীৰ দৃশ্য।

সোণাৰাম হাইস্কুল খেলপথাৰত চলি থকা দিচপুৰ সমষ্টিৰ পঞ্চায়ত সমূহৰ ভোটগণনাত এই মুহূৰ্তলৈকে বিজেপিক যথেষ্ট অগ্ৰগতি লোৱা দেখা গৈছে। এতিয়ালৈ ঘোষণা হোৱা তিনিটা পঞ্চায়তৰ মুঠ ৮ টা ৱাৰ্ড মেম্বাৰ পদৰ ৭ টাতে বিজেপি জয়ী হৈছে। এটাত কংগ্ৰেছ জয়ী হৈছে।

ইয়াৰ বিপৰীতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টি পশ্চিম গুৱাহাটীৰ অন্তৰ্গত ধাৰাপুৰ পঞ্চায়তত কংগ্ৰেছৰ অগ্ৰগতি দেখা গৈছে।

উল্লেখযোগ্য যে প্ৰথমে ৱাৰ্ড মেম্বাৰ, অৰ্থাৎ গাওঁ পঞ্চায়ত সদস্যৰহে ভোট গণনা চলি আছে। গণনা চলি থকা বেছিভাগ ৱাৰ্ডতে বিজেপি আগ বাঢ়ি আছে।

ইফালে আজি ভোট গণনাস্থলীত পুৱাতেই উপস্থিত হয় দিচপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা। তেওঁ নিজৰ সমষ্টিটোত বিজেপিয়েই জয়লাভ কৰিব বুলি দাবী কৰে। তেওঁ ৮০ শতাংশ পদত বিজেপি জিকিব বুলি কয়।

“অগপই একো প্ৰভাৱ পেলাব নোৱাৰে। পঞ্চায়তৰ ফলাফলে অসমত লোকসভাৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব।” বিধায়কজনে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপিৰ বিধায়ক যদিও অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সদায়ে বিৰোধিতা কৰি আহিছে। তাৰ বাবে তেওঁ থলুৱা জনগণৰ সমৰ্থনো লাভ কৰি আহিছে। আজিৰ নিৰ্বাচনৰ ফলাফলতো সমষ্টিটোত বিধায়কজনৰ জনপ্ৰিয়তা অটুট থকাটো প্ৰমাণিত হৈছে।

Related News