এফালে চিছ’দিয়া, আনফালে মোদী! এইবাৰ নাৰ্কো টেষ্টৰ প্ৰত্যাহ্বানেৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ বিজেপি-আপৰ

BJP demands narco test for Sisodia

দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত চিবিআইৰ জেৰাৰ পিছতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়াই জেৰাৰ সময়ত তেওঁক আপ ত্যাগ কৰি বিজেপিত যোগদানৰ হেঁচা দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে চিছ’দিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি।

কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৱে চিছ’দিয়াৰ এই অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে নাৰ্কো পৰীক্ষাত অৱতীৰ্থ হ’বলৈ প্ৰত্যাহ্বান জনাইছে। পশ্চিম দিল্লীৰ বিজেপি সাংসদ পৰবেশ বাৰ্মাই চিছ’দিয়া যদি প্ৰকৃততে এগৰাকী সৎ নেতা হয় তেন্তে তেওঁ নাৰ্কো পৰীক্ষাত সন্মত হ’ব লাগে বুলি প্ৰত্যাহ্বান জনাইছে।

যদি কোনো চিবিআই বিষয়াই চিছ’দিয়াক বিজেপিত যোগদান কৰিবলৈ প্ৰস্তাৱ দিছে, তেওঁ সেই বিষয়াজনৰ নাম প্ৰকাশ কৰা উচিত বুলি মন্তব্য কৰি বাৰ্মাই নাম প্ৰকাশ নকৰিলে নাৰ্কো পৰীক্ষাৰ বাবে সন্মত হ’ব লাগে, নহ’লে পদত্যাগ কৰিব লাগে বুলি প্ৰত্যাহ্বান জনায়।

বাৰ্মাৰ লগতে আন এগৰাকী বিজেপি নেতা কপিল মিশ্ৰাই দিল্লী আবকাৰী নীতি গোচৰৰ অভিযুক্ত চিছ’দিয়াৰ অভিযোগক তেওঁৰ বিৰুদ্ধে চলি থকা তদন্তক প্ৰভাৱিত কৰাৰ এক নিৰ্লজ্জ প্ৰয়াস হিচাপে অভিহিত কৰে।

ইফালে বিজেপি নেতাসকলৰ এই প্ৰত্যাহ্বানৰ পিছতে আম আদমী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাৰ্কো পৰীক্ষাৰ দাবী জনাই তেওঁক “শতিকাৰ আটাইতকৈ মিথ্যাচাৰী” বুলি অভিহিত কৰে।

বিজেপিক প্ৰতি-আক্ৰমণ কৰি আপ বিধায়ক সৌৰভ ভৰদ্বাজে প্ৰধানমন্ত্ৰী মোদীক “ধাৰাবাহিক মিথ্যাচাৰী” বুলি অভিহিত কৰি সকলো ৰাজনীতিবিদৰ মাজত মোদীয়েই সৰ্বাধিক সংখ্যক মিছা কথা কয় বুলি কটাক্ষ কৰে। লগতে ভৰদ্বাজে বিজেপিয়ে মোদীৰ নাৰ্কো পৰীক্ষা সম্পন্ন কৰিবই লাগে বুলিও প্ৰত্যাহ্বান জনায়।

উল্লেখ্যে যে দিল্লী চৰকাৰৰ আবকাৰী নীতি কেলেংকাৰীৰ সন্দৰ্ভত চিবিআইৰ মুখ্য কাৰ্যালয়ত সোমবাৰে চিছ’দিয়াক ন ঘণ্টাতকৈও অধিক সময় জেৰা কৰা হৈছিল। চিবিআই কাৰ্যালয়ৰ পৰা বাহিৰ ওলোৱাৰ পিছতে চিছ’দিয়াই দাবী কৰিছিল যে যদি তেওঁ আপ ত্যাগ কৰে, তেন্তে তেওঁক মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰা হ’ব বুলি জেৰাৰ সময়ত প্ৰস্তাৱ দিয়া হৈছিল।

আনহাতে তদন্তকাৰী সংস্থা চিবিআইয়ে চিছ’দিয়াৰ এই অভিযোগ খণ্ডন কৰি এক বিবৃতি প্ৰকাশ কৰিছিল। এই বিবৃতি যোগে কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে চিছ’দিয়াৰ বিৰুদ্ধে এজাহাৰত থকা অভিযোগ অনুসৰি কঠোৰভাৱে পেছাদাৰী আৰু আইনী ভাৱে জেৰা সম্পন্ন কৰা হৈছিল বুলি দাবী কৰে।

গোচৰটোৰ তদন্ত আইন অনুসৰি অব্যাহত থাকিব বুলি চিবিআই- এ বিবৃতিটোত লগতে উল্লেখ কৰিছিল।