• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষমতাই মূৰত ধৰা বিজেপিৰ পালিনেতাই গোৱালপাৰা জিলাৰ উপায়ুক্তক দিলে ধমকি

"ইয়াত থাকিবলৈ ইচ্ছা আছে নে নাই? এনেকুৱা ডি চি আমি নাৰাখো", বিজেপিৰ জিলা সম্পাদকৰ ধমক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 2, 2019 6:27 pm

2 min read

1.1k
VIEWS
Share on FacebookShare on Twitter

ক্ষমতাই মূৰত ধৰা বিজেপিৰ বৰ বৰ নেতাৰ কথা বাদেই, পালিনেতায়ো এতিয়া আই এ এছ বিষয়াক ধমক লগাব পৰা হ’ল। ৰাইজৰ সেৱাৰ বাবে চৰকাৰে নিয়োগ কৰা আই এ এছ বিষয়াক কামৰ পৰা খেদি দিয়াৰ হুংকাৰ দিব পৰা হ’ল। গোৱালপাৰা জিলাত ১ ফেব্ৰুৱাৰিত ঘটা এনেকুৱা এটা ঘটনাই জিলাখনৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

১ ফেব্ৰুৱাৰিত গোৱালপাৰা জিলা বিজেপিয়ে তিনিচুকীয়া কাণ্ডৰ প্ৰতিবাদ উলিওৱাৰ সময়তে জিলাখনৰ উপায়ুক্ত বৰ্ণালী ডেকাক চূড়ান্ত অভদ্ৰতাৰে ধমক দিয়ে জিলা বিজেপিৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰয়ে। পিছত এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

জানিব পৰামতে দীপাংকৰ ৰয়ৰ নেতৃত্বত যোৱা প্ৰতিবাদী সমদলটোৱে নিয়ম-নীতি উলংঘা কৰি জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰি বিভিন্ন শ্ল’গান দিয়ে। তাৰ পিছতে উপায়ুক্তক বিচাৰে। উপায়ুক্তগৰাকী সেই সময়ত কিবা কাৰ্য্যসূচীত বাহিৰত থকাত ফোন কৰে সাধাৰণ সম্পাদকজনে।

“ক’ত আছে আপুনি? আপোনাক থাকিবলৈ কোৱা নাছিলো? আপোনাৰ এই মশ্যন নচলিব ইয়াত। আমি এনেকুৱা ডি চি নাৰাখো ইয়াত। সোনকালে ইয়ালৈ আহক।”, ফোনত ৰয়ে অতি অভদ্ৰামিৰে ধমকিৰ সুৰত নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীক।

ক্ষমতাই মূৰত ধৰা নেতাজনে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীক এইদৰে ভালেমান সময় ফোনতে ধমকি দি থাকে।

‘দায়িত্ব আছে নাই আপোনাৰ? আপোনাক আহিবলৈ কোৱা নাছিলো? আমি এক ঘণ্টা হ’ল ইয়াত থিয় হোৱা। আপুনি সোনকালে ইয়াত আহক।’, নিৰ্দেশ ৰয়ৰ।

চূড়ান্ত অভদ্ৰামি আৰু কৰ্তৃত্ব প্ৰদৰ্শনেৰে তেওঁ উপায়ুক্ত বৰ্ণালী ডেকাক প্ৰশ্ন কৰে, “আপোনাৰ থাকিবৰ ইচ্ছা আছে নে নাই ইয়াত?”

অভিযোগ মতে, দীপাংকৰ ৰয়ক সহযোগ কৰে জিলা বিজেপি যুৱ মৰ্চাৰ সভানেত্ৰী গায়ত্ৰী নাথেও।

বহু দিনৰ মূৰত ক্ষমতাৰ সোৱাদ পাই ওভতগোৰে নাচিবলৈ ধৰা বিজেপিৰ নেতা-পালিনেতাৰ এনেকুৱা আচৰণক লৈ প্ৰতিক্ৰিয়া হৈছে ছ’চিয়েল মিডিয়াতো। বহুকেইজনক পালিনেতাজনৰ এনেকুৱা ওভতগোৰে নচা আচৰণ বিজেপিৰ সুশাসনৰ শ্ল’গানৰ নমুনা বুলি তিৰ্য্যক মন্তব্য কৰা দেখা গৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd