• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনুষ্ঠানিকভাৱে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী ঘোষণা : বিধায়ক ৰূপক শৰ্মাই হ’ব দলৰ প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2019 7:03 am
WhatsApp-Image-2018-07-09-at-8.01.14-PM

নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিধায়ক ৰূপক শৰ্মা। ফাইল ফটো

500
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে সোমবাৰে মাজনিশা বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা তালিকাত বিধায়ক ৰূপক শৰ্মাৰ নাম সন্নিৱিষ্ট হৈছে ।

নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ নাম লোকসভা সমষ্টিৰ বাবে চূড়ান্ত হোৱাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যদিও দলটোৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল।

নগাওঁ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাৰ বাবে বিভিন্ন মহলত নতুন চৰ্চাই স্থান পাইছিল আৰু আনকি বৰ্তমানৰ সাংসদ ৰাজেন গোঁহাইক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনাও প্ৰকাশ পাইছিল।

16572fd3-ba29-4f54-b8e4-b851f3fa50a8
বিজেপিৰ শেহতীয়া প্ৰাৰ্থী তালিকা

উল্লেখযোগ্য যে যৌন কেলেংকাৰিৰ এটা গোচৰ চলি থকাৰ বাবে সাংসদ গোহাঁয়ে নিজেই প্রতিদ্বন্দ্বিতা নকৰাৰ কথাও ঘোষণা কৰিছিল। কিন্তু সোমবাৰে সাংসদ গোঁহাইৰ গোচৰটোত উচ্চ ন্যায়ালয়ে গোঁহাইক সকাহ দিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থিত্বৰ বাবে ৰাজেন গোঁহাইৰ নাম পুনৰ চৰ্চালৈ আহিছিল। আনকি, সোমবাৰে গোঁহায়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি এই চৰ্চাক অধিক গতি প্ৰদান কৰিছিল।

অসমত দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অহা ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগাঁও সমষ্টিত বিজেপিয়ে বিধায়ক ৰূপক শৰ্মাকে প্ৰাৰ্থিত্ব প্ৰদান কৰি সকলো জল্পনা-কল্পনাৰ ওৰ পেলালে।

উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছে ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী তথা দলৰ এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এতিয়া বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰৰ যুঁজখন আকৰ্ষণীয় হৈ উঠিব বুলি আশা কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd